Logo
image

এপ্ৰিলৰ পৰা ন-কইনাক সোণ উপহাৰ নিদিয়ে চৰকাৰে

আমাৰ অসম, ২মাৰ্চঃ জিলাধিপতিৰ চাব ৰেজিষ্টাৰৰ কাৰ্যালয়ত বিবাহ পঞ্জীয়ন কৰা প্ৰাপ্তবয়স্ক নৱবিবাহিত কইনালৈ ১০ গ্ৰাম সোণ আগবঢ়োৱা ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’খন বন্ধ কৰিলে ৰাজ্য চৰকাৰে৷ আজি এক বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰাএনেদৰে উল্লেখ কৰা হৈছে– ‘ৰাজ্য চৰকাৰে অহা ৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’খন বন্ধ ঘোষণা কৰিছে৷ এই সন্দৰ্ভত   যোৱা ২৭ ফেব্ৰুৱাৰীত এক অধিসূচনাৰ জৰিয়তে প্ৰকাশ কৰা হয়৷’ উল্লেখ্য, চৰকাৰৰ এই আঁচনিৰ অধীনত নৱবিবাহিত কন্যাই ১০ গ্ৰাম সোণ বা ৩০ হাজাৰ টকা লাভ কৰিছিল৷ পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এইখন অভিলাষী আঁচনি আছিল৷