Logo
image

কৃষি বিভাগৰ উদ্যোগত দুদিনীয়া কৰ্মশালা

ডিজিটেল ডেস্কঃ  অসমৰ চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজিৰেপৰা 'ৰাজ্যখনৰ স্থানভেদে কৃষিখণ্ডৰ উৎপাদনশীলতাৰ ভিন্নতা' শীৰ্ষক এখনি দুদিনীয়া  কৰ্মশালা আয়োজিন কৰা হৈছে ৷ ৰাজ্যৰ কৃষিখণ্ডৰ  উৎপাদনশীলতা বৃদ্ধিৰ বাবে  জিলা ভেদে থকা উৎপাদনশীলতাৰ ভিন্নতাৰ সন্দৰ্ভত জিলা কৃষি বিষয়াসকলৰ সৈতে কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলে এক আলোচনাত মিলিত হৈ ফলপ্ৰসূ কৃষি নীতি গ্ৰহণ কৰাৰ উদ্দেশ্য এই কৰ্মশালা আয়োজন কৰা হৈছে৷ 

কৰ্মশালাখনৰ উদ্বোধনী ভাষণত কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ড° আশিস কুমাৰ ভূটানীয়ে কয় যে, ৰাজ্যখনৰ কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষি যান্ত্ৰিকীকৰণ আৰু বৈজ্ঞানিক প্ৰযুক্তিৰ সঠিক ব্যৱহাৰৰ সৈতে এক কৌশলগত পৰিকল্পনা প্ৰস্তুত কৰাটো নিতান্তই প্ৰয়োজন। লগতে তেওঁ উল্লেখ কৰে যে সমগ্ৰ অসমৰ বিভিন্ন জিলাত উৎপাদনশীলতাৰ তাৰতম্য জনাৰ লগতে এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটোৱেই কৰ্মশালাখনিৰ উদ্দেশ্য ৷

কৰ্মশালাখনত অসম কৃষি আয়োগৰ অধ্যক্ষ ড০ এইচ এছ গুপ্তাই ভাষণ প্ৰদান কৰি কয় যে উৰ্বৰা কৃষিভূমিৰে সমৃদ্ধ ৰাজ্যখনৰ  কৃষকসকলৰ মাজত কীটনাশক দ্ৰব্যৰ ন্যূনতম প্ৰয়োগ আৰু  জৈৱিক সাৰৰ বহূল ব্যৱহাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাটো প্ৰয়োজনীয় ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাই  অসমৰ কৃষকসকলৰ উৎপাদন আৰু আয় বৃদ্ধিৰ স্বাৰ্থত কৃষি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয় তথা কৃষি বিজ্ঞান কেন্দ্ৰ আদিয়ে উমৈহতীয়া কাৰ্যপন্থা তথা পৰিকল্পনা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে৷

কৰ্মশালাত অংশগ্ৰহণ কৰি কৃষি বিভাগৰ আয়ুক্ত সচিব তথা ৰাজ্যিক প্ৰকল্প সঞ্চালক(এৰিয়াছ ছ’চাইটি) আকাশ দীপে কয় যে ,ৰাজ্য চৰকাৰে শেহতীয়াভাৱে কৃষিখণ্ডত সংযোজন কৰা অসম মিলেট মিছন, পুষ্প অভিযান, ফ’ডাৰ মিছন আদি আঁচনিসমূহে কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহৰ লগত জড়িত কৃষকসকলৰ আয় বৃদ্ধিত অৰিহণা যোগাব পৰাৰ যথেষ্ট সম্ভাৱনা আছে ৷সেয়েহে ৰাজ্যৰ বিভিন্ন জিলাত এই আঁচনিসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰাটো প্ৰয়োজনীয় ৷

উপৰোক্ত বিশিষ্ট ব্যক্তিসকলৰ উপৰিও এই কৰ্মশালাখনত উপস্থিত থাকে অসম কৃষি আয়োগৰ সদস্যদ্বয়  ড° বি. চি. বাৰা আৰু শ্ৰী প্ৰাঞ্জল প্ৰকাশ শৰ্মা প্ৰমুখ্যে কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকল,কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকল, জিলা কৃষি বিষয়াসকল, কৃষি বিশ্ববিদ্যালয় তথা সংশ্লিষ্ট খণ্ডৰ বিষয়ববীয়াসকল৷