Logo
image

ত্ৰিপুৰা-নাগালেণ্ড পুনৰ বিজেপিৰ, মেঘালয়ত আশা ভংগ

আঞ্চলিক দলৰ দুৰ্গ অক্ষুণ্ণ , ৩ ৰাজ্যত কংগ্ৰেছে পালে মাত্ৰ ৮খন আসন
আমাৰ অসম, ৩ মাৰ্চঃ সদ্য সমাপ্ত তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল বৃহস্পতিবাৰে প্ৰকাশ পায়৷ সেই অনুসৰি পূৰ্ব প্ৰত্যাশিতভাৱেই বিজেপিয়ে ত্ৰিপুৰা আৰু নাগালেণ্ডত পুনৰ ক্ষমতা দখলৰ পথ প্ৰশস্ত কৰি লয়৷ আনহাতে মেঘালয়ত পূৰ্বৰ দৰে এইবাৰো ত্ৰিশংকু বিধানসভা হোৱা পৰিলক্ষিত হয়৷ বৃহস্পতিবাৰে ঘোষণা হোৱা নিৰ্বাচনী ফলাফলত তিনিওখন ৰাজ্যতে আঞ্চলিক দলসমূহৰ আধিপত্য অক্ষুণ্ণ থকা পৰিলক্ষিত হয়৷ উল্লেখ্য যে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়  বিধানসভাৰ নিৰ্বাচনলৈ এইবাৰ সমগ্ৰ দেশবাসীৰ চকু আছিল৷ কিয়নো অহা বছৰ দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে৷ এইবাৰৰ নিৰ্বাচনত ত্ৰিপুৰা আৰু মেঘালয়ত তৃণমূল কংগ্ৰেছক লৈ  শাসক-বিৰোধী দলসমূহ বিশেষভাৱে চিন্তিত হৈ পৰিছিল৷ কিন্তু কাৰ্যতঃ তৃণমূলে  তিনিওখন ৰাজ্যৰ নিৰ্বাচনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে৷ মেঘালয়ত দলটোৱে মাত্ৰ পাঁচখন আসনহে লাভ কৰাৰ বিপৰীতে ত্ৰিপুৰা আৰু নাগালেণ্ডত নিজৰ অস্তিত্বই জাহিৰ কৰিব নোৱাৰিলে৷ নাগালেণ্ডত এইবাৰ বিজেপি আৰু এনডিপিপি মিত্ৰজোঁটে ৩৭খন আসন দখল কৰি পুনৰ চৰকাৰ গঠন কৰাটো নিশ্চিত কৰে৷ সেই অনুসৰি ইতিমধ্যেই ক’হিমাত মন্ত্ৰীসভা গঠনৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ জানিব পৰা মতে নাগালেণ্ডত পূৰ্বৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই শাসনৰ বাঘজৰী পুনৰ হাতত লোৱাৰ সম্ভাৱনা আছে৷ নাগালেণ্ডত এনপিএফ দলে ২খন আসন লাভ কৰাৰ বিপৰীতে অন্যান্যৰ হাতলৈ যায় ২১খন আসন৷ আনহাতে কংগ্ৰেছ শূন্যতে ক্ষান্ত থাকিবলগীয়া হয়৷ ইপিনে নাগালেণ্ড ৰাজ্য ঘোষণা হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এইবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে দুগৰাকী মহিলা প্ৰতিনিধি৷ বিজয়ী মহিলা প্ৰতিনিধি দুগৰাকী এনডিপিপিৰ হেকনি জাখালু আৰু ছালহুনুটু টুনু ক্ৰুছ৷ সেইদৰে  ত্ৰিপুৰাতো পূৰ্ব প্ৰত্যাশিতভাৱেই বিজেপি মিত্ৰজোঁটে এইবাৰ ৩৩খন আসন লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ বিপৰীতে বাওঁ মৰ্চাই ১১, কংগ্ৰেছ ৩ আৰু নতুনকৈ গঠন হোৱা তিপ্ৰামথা দলে ১৩খন আসন লাভ কৰে৷ আনহাতে তৃণমূল আৰু অন্যান্যৰ অস্তিত্ব শূন্য হোৱা দেখা যায়৷ উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত ত্ৰিপুৰাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী মানিক সাহা কাণেকাণ মাৰিহে জয়লাভ কৰিবলৈ সক্ষম হয়৷ মুখ্যমন্ত্ৰী সাহাই মাত্ৰ ১,২৭৫ টা ভোট লাভ কৰি পুনৰ বিধানসভালৈ নিৰ্বাচিত হৈছে৷ নৱগঠিত আঞ্চলিক দল তিপ্ৰামথাই ১৩খন আসনেৰে বিৰোধী দলৰ আসনত বহাৰ সম্ভাৱনা আছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে৷ সেইদৰে মেঘালয়ত এনপিপিয়ে ২৬খন আসন লাভ কৰে যদিও তাত বিধানসভাখন ত্ৰিশংকু হোৱা পৰিলক্ষিত হয়৷ মেঘালয়ত তৃণমূলে ৫, কংগ্ৰেছ ৫, ইউডিপি ১১, বিজেপি ২ আৰু অন্যান্যৰ হাতলৈ যায় ১০খন আসন৷ মেঘালয়ত এইবাৰ তৃণমূল কংগ্ৰেছে চৰকাৰ গঠনৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব বুলি ৰাজনৈতিক পৰ্যৱেক্ষক মহলে ধাৰণা কৰিছিল৷ সেই অনুসৰি তৃণমূলেও মেঘালয়বাসীক ক্ষমতালৈ আহিলে বিবদমান ভূমি মেঘালয়লৈ কাঢ়ি অনা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত দেখা গ’ল যে চৰকাৰ গঠন দূৰৰে কথা তৃণমূলে মাত্ৰ ৫খন আসনতে সন্তুষ্ট থাকিবলগীয়া হ’ল৷ উল্লেখ্য যে মেঘালয়ৰ তৃণমূল কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই টিক্ৰিকিল্লা সমষ্টিত এনপিপিৰ জিৰিডি চাংমাৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হয়৷ আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভ্ৰাতৃ জেমছ চাংমায়ো পৰাজয় বৰণ কৰে৷ কনৰাড চাংমাই তুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি মেঘালয় বিধানসভালৈ পুনৰ নিৰ্বাচিত হয়৷ বৃহস্পতিবাৰে চাংমাই নিজৰ জয় নিশ্চিত হোৱাৰ পাছতে হেলিকপ্টাৰেৰে ৰাজধানী শ্বিলঙলৈ উৰা মাৰে৷ স্মৰ্তব্য যে মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ পাছতে বুথ ফেৰৎ সমীক্ষাসমূহে ফলাফলৰ পূৰ্বাভাস দিছিল৷ সেই  পূৰ্বাভাস মতেই বৃহস্পতিবাৰে ঘোষিত ফলাফলত ত্ৰিপুৰা আৰু নাগালেণ্ডত পুনৰ বিজেপি ক্ষমতালৈ অহাৰ লগতে মেঘালয়ত ত্ৰিশংকু বিধানসভা হোৱা পৰিলক্ষিত হয়৷

আঞ্চলিক দলৰ বিজয়কে নিজৰ বিজয় বুলি অপপ্ৰচাৰ চলাইছে বিজেপিয়েঃ অজাপ
ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ডত বিজেপিয়ে বিজয় সাব্যস্ত কৰি চৰকাৰ গঠনৰ দিশে আগবঢ়া বুলি দলটোৱে দাবী কৰিছে যদিও এই দাবী তথ্যগতভাৱে শুদ্ধ নহয়৷ –এই ভাষ্য অসম জাতীয় পৰিষদৰ৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়– ত্ৰিপুৰাত ২০১৮ চনত বিজেপিয়ে ৩৬খন আসন পোৱাৰ বিপৰীতে এইবাৰ ৩২খন পাইছে৷ এয়া বিজেপিৰ জনপ্ৰিয়তা হ্ৰাসৰ পৰিচায়ক৷ ত্ৰিপুৰাত আঞ্চলিক দল ত্ৰিপামথাই প্ৰথমটো নিৰ্বাচনতে ১৩খন আসন লাভ কৰিছে৷ নাগালেণ্ডত বিজেপিয়ে ২০খনত খেলি ১২খন পাইছে৷ ২০১৮ চনতো ১২খন পাইছিল৷ অৰ্থাৎ নাগালেণ্ডত বিজেপিৰ শক্তি বঢ়া নাই৷ আনহাতে, নাগালেণ্ডৰ শাসনাধিষ্ঠিত মিত্ৰজোঁটৰ মূল দল এনডিপিপিয়ে আগৰবাৰ ১৮খন পাইছিল, এইবাৰ ২৫খন পাইছে৷ অৰ্থাৎ আঞ্চলিক দলৰ শক্তি বৃদ্ধি পাইছে৷ মেঘালয়ত যোৱাবাৰ বিজেপিয়ে দুখন আসন পাইছিল৷ এইবাৰ চৰকাৰ গঠনৰ দাবী কৰিছিল যদিও একেবাৰে কামত নাহিল৷ ইয়াৰ বিপৰীতে আঞ্চলিক দল এনপিপিয়ে সৰ্বাধিক আসন পাই চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে৷ কাজেই এই তিনিওখন ৰাজ্যত বিজেপিৰ নহয়, আঞ্চলিক ৰাজনৈতিক দলৰহে উত্থান হৈছে৷ আঞ্চলিক দলৰ গাত ভেজা যি ত্ৰিপুৰাত নিজা চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছে বিজেপিয়ে৷ আন দুখন ৰাজ্যত আঞ্চলিক দলৰ বিজয়কে নিজৰ দলৰ বিজয় বুলি অপপ্ৰচাৰ চলাইছে৷ অসম জাতীয় পৰিষদে তিনি ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপি, এনপিপি আৰু এনডিপিপিকে ধৰি সকলো বিজয়ী দল আৰু প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছে৷

উপ-নিৰ্বাচনঃ সাগৰদীঘিত মমতাৰ ফুল নুফুলিল
উত্তৰ-পূবৰ তিনি ৰাজ্যৰ লগতে দেশৰ আন কেইবাটাও বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা হয়৷ সেই অনুসৰি পশ্চিমবংগৰ সাগৰদীঘি সমষ্টিটো এইবাৰ কংগ্ৰেছৰ হাতলৈ যায়৷ উল্লেখ্য যে সাগৰদীঘি সমষ্টিটোৰ সৈতে  পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ সন্মানৰ প্ৰশ্ন জড়িত হৈ আছিল৷ কিন্তু দেখা যায় যে তৃণমূলৰ প্ৰাৰ্থীগৰাকী কংগ্ৰেছৰ বায়ৰণ বিশ্বাসে ২৩ হাজাৰৰো অধিক ভোটত পৰাজিত হয়৷

কৰিমগঞ্জত আবতৰীয়া দীপাৱলী
কৰিমগঞ্জত অকালতে দীপাৱলীৰ আবিৰ্ভাৱ৷ ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবৰ তিনিখন ৰাজ্যত বিজেপিৰ বিজয়ত আনন্দিত হৈ পৰে গেৰুৱা শিবিৰ৷ বৃহস্পতিবাৰে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ অন্তিম ৰাউণ্ডৰ ভোটগণনাত বিজেপিৰ প্ৰাৰ্থীৰ শেষ হাঁহি দেখি আনন্দিত হৈ পৰে কৰিমগঞ্জৰ গেৰুৱা ব্ৰিগেড৷ সন্ধিয়া দলৰ নেতা-কৰ্মীয়ে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত মিঠাইৰ লগতে আতচ্‌বাজী-ফটকা বিতৰণ কৰে৷ বিজেপিৰ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য ত্ৰিপুৰা আৰু নাগালেণ্ডৰ ভিতৰত পুনৰ বিৰোধীক চেপি ধৰা হৈছে৷ মেঘালয়ত বিজেপিয়ে দুখন আসনৰ পৰা ৫খন আসন লাভ কৰিবলৈ সক্ষম হৈছে৷ নাগালেণ্ডত বিৰোধীৰ অস্তিত্ব নাই৷ বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাত তেওঁ ত্ৰিপুৰা আৰু নাগালেণ্ডৰ সাধাৰণ জনতাক কৃতজ্ঞতা জ্ঞাপন কৰে৷ বিজয় উদ্‌যাপনত বিজেপি নেতা ৰবীন্দ্ৰ দেব, দেৱবৰত সাহা, সুদীপ চক্ৰৱৰ্তী,  কিশোৰ দাস,  নিশিকান্ত ভট্টাচাৰ্যকে ধৰি বহু নেতা-কৰ্মী উপস্থিত থাকে৷ প্ৰসংগক্ৰমে ত্ৰিপুৰাৰ নিৰ্বাচনৰ ফলাফল বৰাকৰ গেৰুৱা শিবিৰৰ বাবে এক বৃহৎ সফলতা৷ ফলত চুবুৰীয়া ৰাজ্য অসমৰ কৰিমগঞ্জ জিলাৰ লগতে বৰাক উপত্যকাৰ বিজেপি শিবিৰ সুখী৷ কাৰণ, ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ জয়ৰ পাছত বৰাকৰ গেৰুৱা শিবিৰৰ নেতাসকলৰ ওপৰত বিভিন্ন দায়িত্ব পৰে৷ ইফালে অসমত বৰ্তমান বিজেপিৰ ক্ষমতা৷ লগতে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেডাৰ আহ্বায়ক৷ সেয়েহে দলৰ স্বাৰ্থত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ দায়িত্ব স্বাভাৱিকতে বৰাকৰ নেতাসকলৰ ওপৰত ন্যস্ত কৰা হৈছিল৷ ত্ৰিপুৰাৰ নিৰ্বাচন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বতকৈ বৰাককে ধৰি অসমৰ গেৰুৱা ব্ৰিগেডৰ বাবে অধিক প্ৰত্যাহ৩ান৷ ফলত কৰিমগঞ্জকে ধৰি বৰাকৰ বিভিন্ন নেতাই প্ৰচাৰৰ আহ্বান লাভ কৰি ত্ৰিপুৰা ৰাজ্যৰ বিভিন্ন জিলাৰ দায়িত্বত জঁপিয়াই পৰে৷ কেৱল প্ৰচাৰ চলোৱাই নহয়, ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় নিশ্চিত কৰাৰ বাবে সকলো ব্লুপ্ৰিণ্ট লিখিছিল৷ বৃহস্পতিবাৰে সন্ধিয়া তিনিওখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ লগে লগে কৰিমগঞ্জৰ বিজেপি শিবিৰত ত্ৰিপুৰাত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ ঘূৰি অহাত আনন্দৰ উল্লাসৰ সৃষ্টি হয়৷ বিজেপি নেতা অমৰেশ ৰায়ে কয় যে আমি আৰম্ভণিৰে পৰাই জয়ৰ ওপৰত আত্মবিশ্বাসী আছিলোঁ৷ এই নিৰ্বাচনে পুনৰ প্ৰমাণ কৰিলে যে বিৰোধী দলসমূহৰ কোনো গণ ভিত্তি নাই৷ কাগজৰ বাঘ৷ নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু জে পি নড্ডাৰ ওপৰত দেশবাসীৰ বিশ্বাস আৰু বিশ্বাস আছে৷ অসমকে ধৰি কৰিমগঞ্জ জিলাৰ গেৰুৱা ব্ৰিগেডৰ নেতাসকলে ক্ৰমে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাইছে- অমৰেশ ৰায় খুৱাই জিলা, বিধায়ক কৃষ্ণেন্দু পাল গোমতি জিলা, বিজয় মালাকাৰ উংকুটি জিলাৰ, বিশ্বৰূপ ভট্টাচাৰ্য উত্তৰ ত্ৰিপুৰা জিলা, কৌশিক ৰায়, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু... বিজেপিৰ অসমৰ উপ-সভাপতি বিজয় গুপ্তাই যৌথভাৱে আগৰতলা জিলাৰ মেট্ৰ’ আৰু গ্ৰাম্য অঞ্চলৰ ১৪খন বিধানসভাৰ দায়িত্ব গ্ৰহণ কৰে,  লগতে কৰিমগঞ্জ বিজেপিৰ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্য, কৃষ্ণ দাস আৰু জিষ্ণু সিঙে বিভিন্ন জিলাত প্ৰচাৰত অংশগ্ৰহণ কৰে৷