Logo
image

মেট্ৰিকৰ আগদিনা শিলসাঁকোত উচ্ছেদ পৰীক্ষাৰ্থীৰ ঘৰ

আমাৰ অসম, ৩ মাৰ্চঃ শৈক্ষিক জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে বিবেচিত মেট্ৰিক পৰীক্ষাত কাইলৈ অৱতীৰ্ণ হ’ব প্ৰিয়াঞ্চী, ৰেছমিনা আৰু নৱপ্ৰতীমহঁত৷ কিন্তু মেট্ৰিক পৰীক্ষাৰ এদিনৰ পূৰ্বে এই কেইজন দুৰ্ভগীয়া পৰীক্ষাৰ্থীৰ বাসগৃহত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান৷ গুৱাহাটীৰ শিলসাঁকো বিলত প্ৰশাসনে চলোৱা বুলড’জাৰে প্ৰিয়াঞ্চী, ৰেছমিনাৰ দৰে বহুকেইজন পৰীক্ষাৰ্থীৰ ঘৰ-ভেটি মোহাৰি মুহূৰ্তৰ ব্যৱধানতে ধবংসস্তুপত পৰিণত কৰে৷ ‘কাইলৈ মেট্ৰিক পৰীক্ষা ছাৰ, আজি ঘৰটো উচ্ছেদ কৰিলে মোৰ ছোৱালীজনী মৰি যাব৷ ছাৰ অলপ দয়া কৰক৷’ মেট্ৰিক পৰীক্ষাৰ্থীৰ মাতৃয়ে প্ৰশাসনৰ বিষয়াসকলক বৃহস্পতিবাৰে কাবৌ-কাকুতি কৰা দেখা গৈছিল যদিও এইসকল দুৰ্ভগীয়া পৰিয়াল হিয়াভৰা কান্দোনকো নেওচি চলিল বুলড’জাৰ৷ মেট্ৰিক পৰীক্ষাৰ ২৪ ঘণ্টাৰ পূৰ্বে কোনো দয়া-ক্ষমা নোহোৱাকৈ প্ৰশাসনে চলোৱা শিলসাঁকো বিলৰ উচ্ছেদ অভিযানে কেইবাজনো পৰীক্ষাৰ্থীৰ বাসগৃহ তচনচ কৰি দিয়ে৷ স্বাভাৱিকতেই আপোন ঘৰখন উচ্ছেদ কৰাত মেট্ৰিকত অৱতীৰ্ণ হোৱাত অনিশ্চয়তাই দেখা দিছে ভুক্তভোগী শিক্ষাৰ্থীসকলৰ৷ কেৱল মেট্ৰিক পৰীক্ষাৰ্থীয়েই নহয়, উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ আন কেইবাজনো পৰীক্ষাৰ্থীৰো বাসগৃহ উচ্ছেদ কৰে প্ৰশাসনে৷ ভুক্তভোগী পৰিয়ালসমূহে কান্দি কান্দি হাতজোৰ কৰি উচ্ছেদ নচলাবলৈ অনুৰোধ জনাইছিল যদিও মুহূৰ্ততে প্ৰশাসনৰ বুলড’জাৰে গৃহহীন কৰে লোকসকলক৷ আনকি বহু শিক্ষাৰ্থীৰ কিতাপ পত্ৰ সমূহো উচ্ছেদৰ ফলত নষ্ট হৈ পৰে৷ বৃহস্পতিবাৰে একমাত্ৰ আশ্ৰয়স্থল ঘৰখন উচ্ছেদ কৰিবলৈ অহা দেখা পাই অচেতন হৈ পৰে ৰেচমিনা বেগম নামৰ মেট্ৰিক পৰীক্ষাৰ্থীৰগৰাকী৷ স্বাভাৱিকতেই এতিয়া এইসকলগৃহহীন পৰীক্ষাৰ্থীয়ে সময়ৰ সৈতে যুঁজ দি কেনেকৈ আগবাঢ়িব সেয়া অনাগত দিনতহে স্পষ্ট হ’ব৷ ইফালে বৃহস্পতিবাৰ পৰ্যন্ত প্ৰশাসনে শিলসাঁকোৰ ২৮৭ বিঘা ভূমি বেদখল মুক্ত কৰে৷ অৱশ্যে বৰ্তমানেও প্ৰায় ৯০০ বিঘা ভূমিত উচ্ছেদ বাকী আছে বুলি জি এম ডি এৰ ফালৰ পৰা জানিবলৈ দিছে৷ অৱশ্যে বৃহস্পতিবাৰে শিলসাঁকো বিলৰ ১৯ খন উন্নয়ন সমিতিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাত আগন্তুক ১০ দিনলৈ শিলসাঁকোত উচ্ছেদ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ লক্ষণীয়ভাৱে, উচ্ছেদিত লোক তথা স্থানীয় নাগৰিক সমিতিৰ সৈতে বৃহস্পতিবাৰৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে শিলসাঁকোৰ উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিলেও ইয়াৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে এইখন চৰকাৰৰ কোনো মায়া-মোহ নাই আৰু শিলসাঁকোত তেওঁৰ নিজৰ ঘৰ থাকিলেও ভাঙি দিয়া হ’ব বুলি সদম্ভ ঘোষণা কৰিছিল৷ আনকি মুখ্যমন্ত্ৰীয়ে বদৰুদ্দিন আজমলৰ মাটিও ল’ম বুলি সদৰি কৰি চৰকাৰে কাৰো প্ৰতি মৰম দেখুওৱা নাই বুলিও মন্তব্য কৰিছিল৷ মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাছতে প্ৰশাসনে শিলসাঁকোত থকা বদৰুদ্দিন আজমলৰ ২০ বিঘা ভূমিৰ দেৱাল উচ্ছেদ কৰাৰ লগতে কোঁচ-ৰাজবংশী সন্মিলনী চিলাৰায় ভৱনো উচ্ছেদ কৰিছিল৷