Logo
image

আদানি সাম্ৰাজ্যৰ পতন কিয়

বিতং অনুসন্ধানৰ বাবে উচ্ছতম ন্যায়ালয়ে গঠন কৰি দিলে ৬জনীয়া বিশেষজ্ঞ সমিতি
আমাৰ অসম, ৩ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ গুজৰাটৰ উদ্যোগপতি গৌতম আদানিৰ ষ্টক জালিয়াতি তথা পতনৰ সন্দৰ্ভত বিতং অনুসন্ধানৰ বাবে উচ্ছতম ন্যায়ালয়ে গঠন কৰি দিলে ৬ জনীয়া বিশেষজ্ঞ সমিতি৷ হিণ্ডেনবাৰ্গ ৰিপৰ্টৰ সন্দৰ্ভত উচ্ছতম ন্যায়ালয়ত দাখিল হোৱা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ সন্দৰ্ভত শুনানী গ্ৰহণ কৰি উচ্ছতম ন্যায়ালয়ে বৃহস্পতিবাৰে আদানি সাম্ৰাজ্যৰ পতন সন্দৰ্ভত অনুসন্ধান কৰিবলৈ উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ এম চাপৰে, কেভি কামাথ, নন্দন নিলকাৰ্নী, এছ কে সুন্দৰম, অ পি ভাট আৰু জে পি দেৱদত্তকলৈ এই ছয়জনীয়া সমিতি গঠন কৰি দিছে৷ উচ্ছতম ন্যায়ালয়ে লগতে কেন্দ্ৰীয় চৰকাৰ, ফাইনেনচিয়েল বডি আৰু ছেবিক এই পেনেলক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিয়ে৷ দুমাহৰ ভিতৰত পেনেলে উচ্ছতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিব লাগিব৷ উল্লেখখ্য, আমেৰিকাৰ শ্বৰ্ট চেল কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে আদানি গোষ্ঠীয়ে প্ৰতাৰণাৰ জৰিয়তে ভাৰতীয় শ্বেয়াৰ বজাৰত প্ৰভাৱ বিস্তাৰ কৰি ধন লুটি থকা বুলি প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে আদানি গোষ্ঠীৰ ব্যাপক খহনীয়া আৰম্ভ হয়৷ ষ্টকৰ পতন হৈ বৰ্তমানলৈকে ১২ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হয় আদানি গ্ৰুপ৷ উচ্ছতম ন্যায়ালয়ে গঠন কৰা পেনেলক স্বাগতম জনাই উদ্যোগপতি গৌতম আদানিয়ে ‘সত্যৰ সদায় জয়’ বুলি মন্তব্য কৰিছে৷