Logo
image

বন্দনা জে’ললৈ, অৰূপ-ধনটি পুনৰ আৰক্ষী জিম্মাত

চতুৰ্থটো হত্যাকাৰীৰ সন্ধান পাইছে তদন্তকাৰী আৰক্ষীয়ে
আমাৰ অসম, ৩ মাৰ্চঃ দেশ জোকাৰি যোৱা চাঞ্চল্যকৰ গুৱাহাটীৰ দ্বৈত হত্যাকাণ্ডৰ চতুৰ্থজন হত্যাকাৰীৰ সন্ধান লাভ কৰিছে মহানগৰ আৰক্ষীয়ে৷ জে’লত যোৱাৰ পূৰ্বে দ্বৈত হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাই আৰক্ষীৰ জেৰাত চতুৰ্থজন হত্যাকাৰী থকাৰ কথা স্বীকাৰ কৰিছে৷ আৰক্ষীৰ উপৰ্যপৰি জেৰাত বন্দনা কলিতাই চতুৰ্থজন হত্যাকাৰীৰ নাম আৰক্ষীৰ আগত প্ৰকাশ কৰে৷ চতুৰ্থজন হত্যাকাৰীয়ে দ্বৈত হত্যাকাণ্ডত সহযোগ কৰাৰ লগতে হত্যাকাণ্ডৰ সাক্ষ্য-প্ৰমান নষ্ট কৰাত সহযোগ-কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে৷ এই তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীয়ে চতুৰ্থজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ ব্যাপক তৎপৰতা অৱলম্বন কৰিছে৷ ইপিনে, আৰক্ষীৰ ৪দিনৰ জিম্মাৰ ম্যাদ উকলি যোৱাতবৃহস্পতিবাৰে আৰক্ষীয়ে দ্বৈত হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ ডেকাক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই তিনি দিনৰ আৰক্ষীৰ জিম্মাত দিবলৈ আবেদন জনায়৷ ১৪দিন আৰক্ষীৰ জিম্মাত থকাৰ পৰিপ্ৰেক্ষিতত বন্দনা কলিতাক আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰে আৰু ধনটি ডেকা আৰু অৰূপ ডেকাক দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে৷ 

চতুৰ্থজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ধনটি ডেকা আৰু অৰূপলৈ ডেকাক লগত লৈ অভিযান চলোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে আৰক্ষীয়ে দ্বৈত হত্যাকাণ্ডৰ যথেষ্ট সাক্ষ্য-প্ৰমাণ লাভ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে৷ আৰক্ষীৰ জেৰাত ধৃত বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাই দ্বৈত হত্যাকাণ্ডটো কিদৰে, কেনেকৈ হত্যা কৰিছিল সকলো কথা অতি সহজে আৰক্ষীৰ আগত দাঙি ধৰে৷ আৰক্ষীৰ আগত সকলো কথা স্বীকাৰ কৰাৰ বাবেই আৰক্ষীয়ে তিনি হত্যাকাৰীয়ে হেচা দিব লগা হোৱা নাই বুলি তদন্তকাৰী বিষয়াজনে জানিবলৈ দিয়ে৷ উল্লেখ্য, দ্বৈত হত্যাকাণ্ডত বন্দনা কলিতাৰ পিতৃ-মাতৃ জৰিত থকা বুলি ৰাইজে সন্দেহ কৰিছে৷ ‘‘তাই যদি দোষী তেন্তে গুলীয়াই মাৰক৷ তেনেকুৱা ছোৱালী নালাগে আমাক’’- এই ভাষ্য গুৱাহাটী হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাৰ পিতৃ কামিনি কলিতাৰ৷ 

নুনমাটি হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছতই একাংশই সন্দেহ কৰিছিল যে বন্দনাৰ পিতৃ-মাতৃও হত্যাকাণ্ডত জড়িত আছিল৷ তাৰ পাছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কামিন কলিতাই৷ বন্দনা কলিতা ওৰফে বন্দনা দে নামৰ মহিলা গৰাকীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছিল স্বামী আমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক৷ প্ৰথমে স্বামীক মূৰত প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলাইছিল৷ কিন্তু তেওঁৰ মৃত্যু নোহোৱাত জীয়াই থকা অৱস্থাতে স্বামীৰ ডিঙি কাটি দিছিল৷ তাৰ পাছতো মৃত্যু নোহোৱাত হাত কাটি দিছিল৷ ১৬ আগষ্ট ২০২২ ত সংঘটিত হৈছিল এই ঘটনা৷ হত্যাৰ পাছত স্বামীৰ মৃতদেহ টুকুুৰা-টুকুৰ কৰি ভৰাই থৈছিল ফ্ৰীজত৷ ইয়াৰ কিছুদিন পুৰ্বে বন্দনাই শাহুৱেক শংকৰী দে’ক ডিঙি চেপি হত্যা কৰিছিল৷ এই দুটা হত্যাকাণ্ডত বন্দনাক সহযোগ কৰিছিল প্ৰেমিক ধনটি ডেকা আৰু অৰূপ দাসে৷ শাহুৱেকক হত্যা কৰাৰ এদিন পাছতেই তিনিও মেঘালয়লৈ গৈ পেলাই দিছিল দুয়োটা মৃতদেহ৷ তাৰ পাছত আৰম্ভ হৈছিল বন্দনাৰ নাটক৷ স্বামী- শাহুৱেক নিৰুদ্দেশ হোৱা বুলি দাখিল কৰিছিল এজাহাৰ৷ ঘৰত কৰিছিল সত্যাননাৰায়ন পূজা৷ তাৰ পাছতেই বন্দনাই অমৰজ্যোতিৰ মোমায়েকৰ লৰাই টকা হৰলুকি কৰা বুলি দ্বিতীয়খন এজাহাৰ দাখিল কৰিছিল৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে সেই টকা বন্দনাইহে উলিয়াইছিল৷ পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড৷ ধনজিত ডেকাৰ সৈতে আছিল বন্দনাৰ প্ৰেমৰ সম্পৰ্ক৷ ইতিমধ্যে ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ জব্দ কৰিছে মৃতদেহ কঢ়িওৱা বাহন৷ লগতে উদ্ধাৰ হৈছে মৃতদেহৰ কেইটামান টুকুৰা৷ বহু ন ন তথ্য উন্মোচন হৈ আছে এই হত্যাকাণ্ডৰ৷ বন্দনাৰ ঘৰৰ ছাদত উদ্ধাৰ হৈছে বিভিন্ন সা সামগ্ৰী৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব বন্দনাৰ নৃশংসতাৰ ন ন তথ্য৷