Logo
image

১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী এইম্‌ছ

আমাৰ অসম, ৩ মাৰ্চঃ ৰঙালী বিহুত অসমবাসীয়ে লাভ কৰিব আন এটা ভাল খবৰ৷ ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ আশাৰ বাৰ্তা কঢ়িয়াই কামৰূপৰ চাংসাৰীস্থিত নৱনিৰ্মিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ ‘এইমছ’ৰ বহাগ বিহুৰ দিনটোত শুভ উদ্বোধন কৰা হ’ব৷ ১৪ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাংসাৰী এইমছক অসম তথা দেশবাসীৰ সেৱাৰ বাবে উৎসৰ্গা কৰিব৷ ইতিমধ্যে সৰ্বভাৰতীয় চিকিৎসা শিক্ষা প্ৰতিষ্ঠানখনত ছাত্ৰ-ছাত্ৰীৰ পাঠদান আৰম্ভ হোৱাৰ লগতে বহিঃ বিভাগৰ চিকিৎসাও আৰম্ভ হৈছে৷ অৱশ্যে বৰ্তমানলৈ এইমছত আন্তঃ বিভাগীয় চিকিৎসা সেৱা আৰম্ভ হোৱা নাই৷ নৱনিৰ্মিত এইমছৰ কাম কাজৰ বুজ লোৱাৰ বাবে বৃহস্পতিবাৰে চিকিৎসা প্ৰতিষ্ঠানখনত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত৷ মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে এইমছত উপস্থিত হৈ ইতিমধ্যে নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা কেন্দ্ৰীয় চিকিৎসা শিক্ষা-গৱেষণা প্ৰতিষ্ঠানখনৰ উদ্বোধন সম্পৰ্কীয় বিভিন্ন দিশ পৰ্যালোচনাৰ লগতে  এইমছ কতৃৰ্পক্ষ, কামৰূপ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্ছস্তৰীয় বৈঠকতো মিলিত হয়৷ ৰাজ্যৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিঙে ভাগ লোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ লগতে এইমছ নিৰ্মাণৰ দায়িত্বত থকা এচিচিএলৰ প্ৰকল্প সমন্বয়ক তথা  আন আন বিষয়ববীয়াসকল উপস্থিত থাকে৷ বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্ত আৰু মুখ্য সচিব বৰঠাকুৰে প্ৰধানমন্ত্ৰীৰ দ্বাৰা উদ্বোধনৰ বাবে ৩১ মাৰ্চৰ ভিতৰতে এইমছক সম্পূৰ্ণভাৱে সাজু কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে৷ বৈঠকৰ পাছতে মন্ত্ৰী মহন্ত, মুখ্য সচিব বৰঠাকুৰে বিভাগীয় কতৃৰ্পক্ষৰ সৈতে  এইমছৰ নৱনিৰ্মিত ভৱনসমূহৰ লগতে চৌহদ পৰিদৰ্শন কৰে৷ উল্লেখ্য, এইমছ গুৱাহাটীৰ নিৰ্মাণ কাৰ্যত বৰ্তমানলৈ ১,২০০ কোটি টকা খৰচ কৰিছে চৰকাৰে৷ ইফালে ১৪ এপ্ৰিলত এইমছ গুৱাহাটীক প্ৰধানমন্ত্ৰীৰ দ্বাৰা উদ্বোধনৰ প্ৰস্তুতি চলালেও বৰ্তমানেও শৈক্ষিক চিকিৎসা প্ৰতিষ্ঠানখনৰ ৪১ শতাংশ অধ্যাপকৰ পদেই খালি হৈ আছে৷