Logo
image

ফলাফলৰ পাছতেই পুনৰ কনৰাড-বিজেপি ভাই ভাই

আমাৰ অসম, ৩ মাৰ্চঃ ২০১৮ চনৰ পৰা বিজেপিৰ সৈতে চৰকাৰ চলাইছিল কনৰাড চাংমাই৷ এইবাৰ নিৰ্বাচনৰ আগে আগে অজ্ঞাত কাৰণত দুইপক্ষই নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ল’লে৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ইটো পক্ষই সিটো পক্ষক কঠোৰ ভাষাৰে সমালোচনাও কৰিলে৷ কিন্তু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই পুনৰ্মুষিকো ভব৷ মেঘালয়ত এতিয়া আকৌ বিজেপি-কনৰাড ভাই ভাই৷ নিৰ্বাচনৰ ভোটগণনাৰ দিনচেৰেক পূৰ্বে গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল কনৰাড চাংমা৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে চৰকাৰ গঠনত বিজেপিৰ সহায় বিচাৰি অমিত শ্বাহলৈ ফোন কৰে কনৰাড চাংমাই৷ সমান্তৰালভাৱে অহৰহ বাৰ্তালাপ অব্যাহত ৰাখে হিমন্তবিশ্ব শৰ্মাৰ সৈতে৷ মেঘালয়ত দ্বিতীয় বাৰৰ কাৰণে চৰকাৰ গঠন কৰাৰ স্বাৰ্থত বিজেপি দলৰ শৰণাপন্ন হ’ল এনপিপিৰ মুৰব্বী কনৰাড চাংমা৷ সুদীৰ্ঘ ৫বছৰ বিজেপিৰে মিলি মেঘালয়ত চৰকাৰ চলোৱাৰ পাছত বিধানসভাৰ নিৰ্বাচনৰ ঠিক পূৰ্বে কৌশলগতভাৱে দুয়োটা দলৰ মাজৰ মিত্ৰতা ভংগ হয়৷ দুয়ো মিত্ৰদল নিৰ্বাচনত সমুখ সমৰত নামি পৰে৷ দুয়োটা দলৰ নেতৃত্বই ইজনে-সিজনক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ আনকি কনৰাড চাংমা নেতৃত্বাধীন এনপিপিয়ে তুৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি পৰ্যন্ত নিদিলে৷ দুয়োটা দলৰ মাজত সৃষ্টি হোৱা যুদ্ধংদেহী মনোভাৱৰ ফলত মেঘালয়ৰ অধিকাংশ ভোটাৰে ভাবিছিল যে এইবাৰ সঁচাকৈয়ে দল দুটাৰ মাজত আৰু মিত্ৰতা নহ’ব৷ নিৰ্বাচনত বিজেপি দলে অকলে ৬০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে৷ কিন্তু সকলোকে আচৰিত কৰি চূড়ান্ত নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বেই বিজেপিৰ ওচৰত শৰণাপন্ন হ’ল কনৰাড চাংমা৷ আনকি ভোটগণনাৰ পূৰ্বে মঙলবাৰে নিশা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়৷ গুৱাহাটীৰ এখন হোটেলত এই গোপন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকতে চূড়ান্ত হয় ভৱিষ্যৎ ৰণকৌশল৷ আজি ভোট গণনা চলি থকাৰ সময়তে এনপিপি দলে অগ্ৰগতি লাভ কৰাৰ পাছত কনৰাড চাংমাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ফোন কৰি মেঘালয়ত পৰৱৰ্তী চৰকাৰ গঠন ক্ষেত্ৰত তেওঁৰ আশীৰ্বাদ বিচাৰে৷ মেঘালয়ত দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিৰ সহযোগিতা বিচাৰে কনৰাডে৷ এই কথা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰে৷ কনৰাড চাংমাৰ অনুৰোধৰ পাছতে এনপিপি আৰু বিজেপিৰ মাজৰ মিত্ৰতাৰ পথ পুনৰবাৰ প্ৰশস্ত হৈ পৰে৷ অমিত শ্বাহলৈ ফোন কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই পুনৰ টুইট কৰি কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই মেঘালয় ৰাজ্যিক বিজেপিক ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত এন পি পি দলক সমৰ্থন জনাবলৈ পৰামৰ্শ দিছে৷ ইয়াৰ পাছতে বিজেপি আৰু এন পি পিৰ মাজৰ মিত্ৰতা স্পষ্ট হৈ পৰে আৰু দুয়োটা দলে পুনৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰে৷ উল্লেখ্য, ৬০জনীয়া মেঘালয় বিধানসভাত চৰকাৰ গঠন কৰিবলৈ হ’লে ৩১খন আসন লাভ কৰাটো প্ৰয়োজন৷ কিন্তু এনপিপি দলে ২৫খন আৰু বিজেপি দলে ৩খনহে আসন লাভ কৰিছে৷ যাৰ ফলত মেজিক নাম্বাৰ ৩১ লাভ কৰিবলৈ এতিয়াও ৩খন আসনৰ প্ৰয়োজন আছে বিজেপি-এনপিপি মিত্ৰজোঁটক৷ উল্লেখ্য, দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠনৰ স্বাৰ্থত এনপিপি দলে বিজেপিৰ শৰণাপন্ন হ’লেও নিৰ্বাচনৰ সময়ত কনৰাড চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিজেপি দলে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কনৰাড চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰি কৈছিল যে দেশৰ ভিতৰতে মেঘালয়ত সৰ্বাধিক দুৰ্নীতি সংঘটিত হৈছে৷ বিজেপি দলে চৰকাৰ গঠন কৰিলে উচ্ছতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এটা টাস্ক ফ’ৰ্চ গঠন কৰি কনৰাড চৰকাৰৰ দুৰ্নীতিৰ তদন্ত কৰিব বুলিও অমিত শ্বাহে প্ৰতিশ্ৰুতি দিছিল৷ ইয়াৰ পাছতে তুৰাৰ পি এ চাংমা ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসমাৱেশ অনুষ্ঠিত কৰাৰ অনুমতি বাতিল কৰিছিল মেঘালয় চৰকাৰে৷ উল্লেখ্য, নিৰ্বাচনী প্ৰচাৰৰ সময়ত গো-মাংস খোৱাত সমৰ্থন দিয়া মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মূল হোতা মেঘালয় বিজেপিৰ ৰাজ্যিক সভাপতি আনেষ্ট মাউৰী পশ্চিম শ্বিলং বিধানসভা সমষ্টিত পৰাজিত হয়৷