Logo
image

জুবিন গাৰ্গ নিষিদ্ধ, আক্ৰাছুৰ ফটোৱা

আমাৰ অসম, ৪ মাৰ্চ: অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গোৱালপাৰাত প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰাৰ পাছতেই জাঙুৰ খাই উঠিছিল কোচ-ৰাজবংশী একাধিক সংগঠন৷ ইয়াৰ পিছতেই জুবিনক প্ৰস্তাৱিত কমতাপুৰ এলেকাত নিষিদ্ধ ঘোষণা কৰিছিল আক্ৰাছুকে ধৰি কোচ-ৰাজবংশী একাধিক সংগঠনে৷ জুবিনকলৈ এই বিতৰ্ক অব্যাহত আছে বৰ্তমানতো৷ ৰঙালী বিহুতো বঙাইগাঁৱত নিষিদ্ধ কৰা হ’ল জুবিনক৷ এইবাৰ ৰঙালী বিহুত বঙাইগাঁৱৰ দুটাকৈ স্থানত আছে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান৷ পিছে এইখবৰ বঙাইগাঁৱত বিয়পি পৰাৰ পিছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বঙাইগাঁও জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক শিৱেন নাৰায়ণ দেৱে৷ ইতিমধ্যেই সামাজিক মাধ্যমযোগে জুবিন গাৰ্গক বঙাইগাঁৱত নিষিদ্ধ কৰাৰ কথা উল্লেখ কৰিছে বঙাইগাঁও জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদকজনে৷ পৃথক কমতাপুৰ ৰাজ্যৰ বিৰোধিতা কৰা জনপ্ৰিয় শিল্পীজনক অনুষ্ঠান কৰিবলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে সাধাৰণ সম্পাদকজন৷ উল্লেখ্য, বঙাইগাঁও গান্ধী ময়দান আৰু বৰ্ষণগাঁও এই দুই ৰঙালী বিহু সন্মিলনীয়ে ৰঙালী বিহু উপলক্ষে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত জুবিন গাৰ্গক আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে৷