Logo
image

গণতন্ত্ৰ বিপন্ন! কেম্‌ব্ৰিজত ৰাহুলৰ ভাষণে মাতিলে বিতৰ্ক

আমাৰ অসম, ৪ মাৰ্চ: বিদেশ মন্ত্ৰণালয়ৰ পৰা প্ৰয়োজনীয় অনুমোদন নোলোৱাকৈ সাংসদ ৰাহুল গান্ধীয়ে ব্ৰিটেইন ভ্ৰমণ কৰি এটা অনুষ্ঠানত ভাগ লোৱাৰ অভিযোগ উঠিছে৷ ৰাহুল গান্ধীয়ে ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি সম্প্ৰতি ভাৰতত গণতন্ত্ৰ বিপন্ন বুলি কৰা মন্তব্যক লৈ সমালোচনা চলি থকাৰ সময়তে কংগ্ৰেছ সাংসদজনে বৈদেশিক নীতি উলংঘা কৰাৰ অভিযোগ উঠিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এটা সূত্ৰই জনোৱা অনুসৰি লোকসভা বা ৰাজ্যসভাৰ সাংসদে বিদেশত কোনো কাৰ্যসূচীত ভাগ ল’লে বৈদেশিক মন্ত্ৰণালয়ৰ পৰা আগতীয়াকৈ অনুমতি লোৱা প্ৰয়োজনীয়৷ কিন্তু ৰাহুল গান্ধীয়ে সেই নিয়ম উপেক্ষা কৰি কেম্‌ব্ৰিজত বক্তৃতা প্ৰদান কৰে৷ অহা ৫ মাৰ্চত ৰাহুলে ইংলেণ্ডত প্ৰৱাসী ভাৰতীয়ৰ আগতো ভাষণ দিব৷ 

অৱশ্যে, এই বিতৰ্কতকৈয়ো ৰাহুল গান্ধীয়ে ভাৰতত গণতন্ত্ৰ বিপন্ন বুলি বিদেশত ভাৰত চৰকাৰৰ বদনাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মোদী চৰকাৰৰ শীৰ্ষস্থানীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে৷ ৰাহুল গান্ধীয়ে কেম্‌ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ জাজ বিজিনেছ স্কুলত ‘লাৰ্নিং টু লিছেন ইন দ্য টুৱেণ্টি ফাষ্টৰ্ চেঞ্চুৰী’ শীৰ্ষক বক্তৃতাত কয় যে  ভাৰতত সম্প্ৰতি গণতন্ত্ৰ বিপন্ন৷ গণতন্ত্ৰৰ মূল স্তম্ভ সংসদ, ন্যায়পালিকা আৰু মুক্ত সংবাদ মাধ্যম– তাৰ এটা সাংবিধানিক প্ৰতিষ্ঠানকো সাম্প্ৰতিক চৰকাৰে মুক্তভাৱে চিন্তা-চৰ্চা, বক্তব্য প্ৰদান, আলোচনাৰ সুযোগ নিদিয়ে৷ এই তিনি স্তম্ভক চৰকাৰে একপ্ৰকাৰ অচল কৰি ৰাখিছে৷ আনকি সংসদৰ সন্মুখত থিয় হৈ প্ৰতিবাদ কৰা সাংসদকো চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰে৷ তাকো অশোভনীয়  আচৰণৰ জৰিয়তে৷ এইক্ষেত্ৰত ৰাহুল গান্ধীয়ে তেওঁক আৰক্ষীয়ে বলপ্ৰয়োগ কৰি টানি-আজুৰি নিয়াৰ ফটোও ভাষণৰ সময়ত শ্লাইডত প্ৰদৰ্শন কৰে৷ তেওঁ নিজকে বিৰোধী দলৰ নেতা বুলি পৰিচয় দি কয় যে সাম্প্ৰতিক চৰকাৰে বিৰোধী দলক মুঠেই গুৰুত্ব নিদিয়ে, বৰং প্ৰতি ক্ষেত্ৰতে উপেক্ষা আৰু কটাক্ষহে কৰে৷ অথচ গণতন্ত্ৰত বিৰোধী দলৰ মতামতকো গুৰুত্ব দিয়াৰ ব্যৱস্থা দেশৰ সংবিধানত আছে৷ ৰাহুল গান্ধীয়ে স্পষ্ট ভাষাতে ভাৰতৰ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ চলা বুলি বক্তৃতাত কয় আৰু বিৰোধী দলক সংবিধানে প্ৰদান কৰা স্থানো চৰকাৰে নিদিয়া বুলি উল্লেখ কৰে৷ 

তেওঁ পুনৰ কয়– ‘মই হিন্দু ধৰ্মক লৈ অলপ অচৰপ পঢ়া-শুনা কৰিছো৷ তাৰ পৰা ক’ব পাৰো হিন্দুধৰ্মত মানুহক হত্যা কৰা, গণপ্ৰহাৰ কৰাৰ কোনো বিধান নাই৷ দেশত বিজেপি আৰু আৰ এছ এছে মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ গৈ ২০ কোটি মানুহক মূলসুঁতিৰ পৰা বিচ্ছিন্ন কৰি দিছে৷ এয়া ভাৰতীয় সংবিধানৰ মূল ধাৰণাৰ সম্পূৰ্ণ বিপৰীত ৰূপ৷’ আনহাতে, ৰাহুল গান্ধীয়ে তেওঁৰ ফোন টেপ কৰিবলৈ চৰকাৰে পেগাছাছ নামৰ ইজৰাইলী চোৰাংচোৱা ব্যৱস্থা ব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰে৷ তেওঁ কয়, সেইবিষয়ে তেওঁক চোৰাংচোৱা বিষয়াই সাৱধান কৰি দিছিল৷ ন্যায়ালয়ৰ পৰ্যবেক্ষণত হোৱা তদন্তত ১৯টা সন্দেহজনক ম’বাইল ফোন পৰীক্ষা কৰা হৈছিল, য’ত ৬ টা ফোনতে চোৰাংচোৱা ‘মেলৱেৰ’ থকাটো নিশ্চিত হৈছিল৷ কিন্তু তদন্তকাকৰীয়ে সেয়া পেগাছাছ বুলি স্বীকাৰ নকৰিলে৷