Logo
image

এটা হাতী, গৰাকী ওলাল পাঁচজন

ডিজিটেল সংবাদ, টীয়কঃ এটা হাতীয়ে বিবুদ্ধিত পেলাইছে যোৰহাটৰ বন বিভাগক। দীৰ্ঘদিন নাগালেণ্ডত কামৰ বাবে থকা এটা হাতী নাগালেণ্ডৰ পৰা পলুৱাই অনাৰ পাছত হাতীটোৰ মালিকীস্বত্বক লৈ সৃষ্টি হোৱা বিবাদৰ বাবে যোৰহাটৰ এজন যুৱক যাব লগা হৈছে ৰঙাঘৰলৈ। ঘটনাটো সিমানতে শেষ নহ'ল। আৰু পাঁচজনে হাতীটো নিজৰ বুলি দাবী কৰিছে। ফলত বিবুধিত পৰিছে বন বিভাগ। 

সেয়ে হাতীটো নাগালেণ্ডৰ পৰা লৈ অনা অৰুণ দত্ত নামৰ ব্যক্তিজনৰ তত্বাৱধানত বন বিভাগে যোৰহাট বাইপাছৰ সমীপত ৰখাৰ ব্যৱস্থা কৰিছিল। কিন্তু যোৱা নিশা হাতীৰখীয়া অৰুণে বন বিভাগৰ অজ্ঞাতে হাতীটো লৈ উধাও হয়। ঘটনাৰ বিষয়ে গম পাই বন বিভাগত লাগিল হুৱা-দুৱা।গোটেই নিশা হাতীৰ সন্ধানত বন বিভাগে অভিযান চলাই যদিও কোনো সম্ভেদ নাপালে। অৱশ্যে শনিবাৰে দুপৰীয়া বন বিভাগে টীয়কৰ বনাইত হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত পুনৰ হাতীটো যোৰহাটলৈ ঘুৰাই নিয়ে বন বিভাগে। বনবিভাগৰ লোকে হাতীটোৰ প্ৰকৃত গৰাকী উলিয়াবলৈ তদন্ত অব্যাহত ৰাখিছে।