Logo
image

গুৱাহাটীত জঘন্য ঘটনাঃ সুৰাপায়ী পিতৃয়ে ৫ মহীয়া পুত্ৰ সন্তানক কামুৰি ছিঙিলে কান, ভাঙিলে হাত-ভৰি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ আন এক জঘন্য ঘটনা সংঘটিত হৈছে। ৫ মহীয়া এটি শিশুক পিতৃয়ে চলালে শাৰীৰিক আক্ৰমণ। ৫ মহীয়া পুত্ৰ সন্তানৰ হাত-ভৰি ভাঙিলে পিতৃয়ে। মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা। অভিযুক্ত পিতৃৰ নাম অলকেশ গোস্বামী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা অলকেশ গোস্বামীয়ে তেওঁৰ পত্নীক কৌশলেৰে ঘৰৰ পৰা বাহিৰলৈ পঠিয়াই। মাতৃ বাহিৰলৈ যোৱাৰ পাছতে তেওঁ শিশুটিৰ দুয়োখন ভৰিৰ লগতে এখন হাত ভাঙি দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে শিশুটিৰ সেইখন হাততেই ভেকচিন দিয়া হৈছিল।

হাত-ভৰি ভাঙি দিয়াৰ উপৰিও শিশুটিৰ কাণ আৰু নাকত কামুৰি নিৰ্যাতন চলায় পিতৃয়ে। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে শিশুটি। ইফালে ভগদত্তপুৰ আৰক্ষীয়ে আটক কৰিছে পিতৃ অলকেশ গোস্বামীক। ৫ মহীয়া পুত্ৰ সন্তানৰ লগত নিজ পিতৃয়ে কিয় এনে অমানৱীয় অত্যাচাৰ চলালে সেয়া এতিয়ালৈকে জানিব পৰা নাই।