Logo
image

হোজাইত অৰ্ধ উলংগ যুৱকৰ আতংকঃ নিশা ছাত্ৰী নিৱাসত প্ৰৱেশ কৰা অৰ্ধ উলংগ যুৱকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, হোজাইঃ হোজাই চহৰৰ ছাত্ৰী নিৱাসৰ ছাত্ৰীক দুৰ্বত্তৰ আক্ৰমণৰ ঘটনাই আতংকিত কৰি তুলিছে। দুটা দিনত দুগৰাকীকৈ ছাত্ৰীক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনা আৰু ছাত্ৰী নিৱাসত নিশা অৰ্ধ উলংগ যুৱকে প্ৰৱেশ কৰা কাণ্ডৰ পিছত হোজাই আৰক্ষী থানাত পৃথকে পৃথকে তিনিটাকৈ গোচৰ ৰুজু কৰা হয়। ১২৩/২৩,১২৪/২৩,১২৫/২৩ ৰুজু হোৱা গোচৰৰ ভিত্তিত শুকুৰবাৰৰ পৰা আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। হোজাই আৰক্ষী জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত অভিযান আৰম্ভ হয়। 

২ মাৰ্চৰ দিনা দেশবন্ধু বিদ্যাপীঠৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দি অহাৰ সময়তে এগৰাকী ছাত্ৰীক মটৰ চাইকেলেৰে অহা হেলমেট পৰিহিত যুৱকে কাপোৰ ফালি উলংগ কৰাৰ চেষ্টা চলোৱাৰ লগতে ডিঙি চেপি হত্যাৰো চেষ্টা চলায়৷ ইয়াৰ পূৰ্বে অৰ্থাৎ ১ মাৰ্চৰ আবেলি নতুন বজাৰৰ কৈলাশপট্টি মন্দিৰৰ সমীপত এগৰাকী ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গোপাল ৰয়, ৰকি দেৱনাথ, সুব্ৰত দাস আৰু টিটুমনি নামৰ চাৰি যুৱকক আৰক্ষীয়ে আটক কৰে।

ইপিনে যোৱা ২২ ফেব্ৰুৱাৰীৰ নিশা নতুন বজাৰৰ এটা ছাত্ৰী নিৱাসত মুখত কাপোৰ বান্ধি এজন যুৱকে অৰ্ধ নগ্ন হৈ প্ৰৱেশ কৰাৰ দৃশ্য চি চি কেমেৰাত বন্ধী হয়। হোষ্টেলত অৰ্ধ নগ্ন যুৱক প্ৰৱেশৰ ঘটনাই আতংকিত কৰি তুলে ছাত্ৰীসকলক। শনিবাৰে হোজাই আৰক্ষী অভিযান চলাই এই ঘটনাৰ মূল অভিযুক্ত অমৰ ৰাজকুমাৰক গ্ৰেপ্তাৰ কৰে।অমৰ ৰাজকুমাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯,৩৫৪ বি,৪৫৭,৩৯৩ ধাৰাৰ অধীনত ১২৫/২০২৩ নং গোচৰ ৰুজু কৰা হয়।