Logo
image

এডেন’ ভাইৰাছৰ উদ্বেগ অসমত

আমাৰ অসম, ৫ মাৰ্চঃ পশ্চিম বংগত প্ৰায় মহামাৰীৰ ৰূপ লোৱা এডেন’ ভাইৰাছ আক্ৰান্ত শিশু ৰোগী অসমতো ধৰা পৰাত অভিভাৱকৰ মাজত চৰম উদ্বিগ্নতাৰ সৃষ্টি হৈছে৷ পশ্চিম বংগত যোৱা সপ্তাহত এডেন’ ভাইৰাছত আক্ৰান্ত ছটা শিশুৰ মৃত্যু হোৱাৰ পাছত বৃহস্পতিবাৰে আৰু শুকুৰবাৰে পুনৰ ৪টা শিশুৰ মৃত্যু হোৱাত ৰাজ্যখনত আতংকৰ সৃষ্টি হৈছে৷ কেৱল শিশু আক্ৰান্ত হোৱা এই মাৰাত্মক এডেন’ ভাইৰাছে চুবুৰীয়া ৰাজ্যখনত আতংকৰ সৃষ্টি কৰাৰ সময়তে কামৰূপ মহানগৰ জিলাত ৫টা শিশু এডেন’ ভাইৰাছত আক্ৰান্ত হোৱাতো স্বাস্থ্যবিভাগে নিশ্চিত কৰিছে৷ এডেন’ ভাইৰাছত আক্ৰান্ত এই ৫টা শিশুৱেই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত [জিএমচিএইচ] চিকিৎসাধীন হৈ আছে৷ অৱশ্যে তেওঁলোকৰ শাৰীৰিক অৱস্থা বিশেষ গুৰুতৰ বা চিন্তনীয় নহয় বুলি জানিব পৰা গৈছে৷

কিন্তু কামৰূপ মহানগৰ জিলাৰ আইডিএছপিয়ে সন্দেহজনক এনে ৰোগীৰ এডেন’ ভাইৰাছ পৰীক্ষা কৰাবলৈ নিৰ্দেশ জাৰি কৰিছে৷ ঘাইকৈ বিগত ডেৰ মাহমান ধৰি পশ্চিম বংগত জিলাই জিলাই এডেন’ ভাইৰাছে সংহাৰ সৃষ্টি কৰা দেখিয়েই চুবুৰীয়া ৰাজ্য অসমত অভিভাৱকৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ পশ্চিম বংগৰ জিলাই জিলাই এডেন’ ভাইৰাছ বিয়পি পৰিছে আৰু শেহতীয়াকৈ এই ভাইৰাছে প্ৰায় মহামাৰীৰ ৰূপ লৈছে৷ হুগলি, নডিয়াকে ধৰি সকলো জিলাত এডেন’ ভইৰাছত আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাৰ সৈতে তাল মিলাই মৃত্যুৰ সংখ্যাও বাঢ়ি আহিছে৷ কিন্তু পশ্চিম বংগ চৰকাৰে ৰাজ্যত এডেন’ ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাৰ কথা অস্বীকাৰ কৰিছে৷ এক চৰকাৰী বিবৃতিত এডেন’ ভাইৰাছৰ বাবে কেৱল ১২ টা শিশুৰহে মৃত্যু হোৱা বুলি কোৱা হৈছে৷ অথচ একে লক্ষণ থকা ৰোগত ভূগি মৃত্যু হোৱা শিশুৰ সংখ্যা কেইবাশতাধিক৷ চৰকাৰী বিবৃতিত জনোৱা অনুসৰি চৰকাৰী হাস্পতালত এডেন’ ভাইৰাছ আক্ৰান্ত শিশুৰ মৃত্যুৰ সংখ্যা কেৱল ১২টা৷ পিছে সেই চৰকাৰী তথ্য সম্পূৰ্ণ মিছা বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰিছে, এই ১২টা মৃতকৰো দুটা শিশুহে এডেন’ ভাইৰাছত মৃত্যু হৈছে, বাকী ১০টা শিশুৰ মৃত্যু হৈছে ক’-মৰ্বিডিটি অৰ্থাৎ শৰীৰত আন ৰোগ থকাৰ ফলত৷ প্ৰসংগতঃ ক’ভিডে দেশত অতিমাৰীৰ ৰূপ লোৱাৰ সময়তো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিম বংগত ক’ভিডত মৃত্যু হোৱাৰ কথা সম্পূৰ্ণৰূপে স্বীকাৰ কৰা নাছিল৷ আন ৰোগ শৰীৰত থকা ব্যক্তি ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা সত্ত্বেও মমতা বেনাৰ্জীৰ চৰকাৰে সেই মৃত্যুৰ কাৰণ ক’-মৰ্বিডিটি বুলি বাৰম্বাৰ দাবী কৰি আছিল৷ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু বিজেপিশাসিত ৰাজ্যয়ো একে কৌশল লৈ ক’ভিডত মৃত্যুৰ সংখ্যা প্ৰাণপনে হ্ৰাস কৰিবলৈ প্ৰচেষ্টা চলাইছিল৷ এতিয়া পুনৰ মমতা বেনাৰ্জীয়ে প্ৰতিকূল পৰিস্থিতি স্বত্ত্বেও একে কৌশল অৱলম্বন কৰা বুলি তীব্ৰ সমালোচনা উদ্ভৱ হৈছে৷ অৱশ্যে চৰকাৰী হিচাপে অনুসৰিয়েই পশ্চিম বংগত এতিয়ালৈকে ৫,২১৩টা শিশু এডেন’ ভাইৰাছত আক্ৰান্ত হৈছে৷ ৰাজ্য চৰকাৰে তাৰ বাবে হেল্পলাইনো মুকলি কৰিছে৷ 

এডেন’ ভাইৰাছ হৈছে শিশুৰ ৰোগ৷ এই ৰোগৰ মূল লক্ষণ হৈছে জ্বৰ আৰু শ্বাসকষ্ট৷ অৱশ্যে তাৰ লগতে ডিঙি সুৰসুৰাই থকা, অনৰ্গল কাহ, নিউমেনিয়া, চকু গুলপীয়া হৈ পৰা, গেষ্ট্ৰএণ্ট্ৰাইটিছ এডেন’ ভাইৰাছৰ অন্যতম লক্ষণ৷ এই ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই৷ দুবছৰৰ কম বয়সীয়া শিশু এডেন’ ভাইৰাছত আক্ৰান্ত হোৱাতো প্ৰাণঘাতী হ’ব পাৰে৷ তদুপৰি চিকিৎসাত বিলম্ব ঘটিলেও বিপদৰ আশংকা থাকে৷ অধিক আতংকৰ কাৰণ এয়াই যে, কৰ’না ভাইৰাছৰ দৰে এডেন’ ভাইৰাছো অতি সংক্ৰামক অৰ্থাৎ সোঁচৰা বেমাৰ৷ সংক্ৰমিত শিশুৰ কাহ, হাঁচিৰ পৰা এই ভাইৰাছ বিয়পে৷ শাৰীৰিক স্পৰ্শ যেনে কৰমৰ্দন, অন্যান্য স্পৰ্শৰ পৰাও এই ভাইৰাছ আনৰ শৰীৰলৈ যায়৷ এডেন’ ভাইৰাছ থকা স্থান স্পৰ্শ কৰিলেও সোঁচৰিব পাৰে৷ শিশুৰ ডাইপাৰ সলনি, পায়খানা, পানী, ছুইমিং পুল ইত্যাদিৰ পৰাও এডেন’ ভাইৰাছ সোঁচৰে৷