Logo
image

কনৰাডৰ অংক জংক পংক

আমাৰ অসম, ৫ মাৰ্চঃ ঘনে ঘনে সলনি হৈছে মেঘালয়ৰ ৰাজনৈতিক সমীকৰণ৷ মূলতঃ ৰাজনৈতিক দৰদামৰ ফলত পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হৈছে কনৰাড চাংমা৷ এনপিপিৰ নেতাজনে শুকুৰবাৰে মেঘালয়ৰ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনোৱাৰ পাছতে শনিবাৰে হঠাৎ অস্থিৰ হৈ পৰে পাহাৰীয়া ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট৷ উল্লেখ্য, ৭ মাৰ্চত বিজেপিৰ সমৰ্থনত কনৰাড চাংমাই দ্বিতীয়বাৰৰ কাৰণে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ কথা আছিল৷ নিৰ্বাচনৰ সময়ৰ সকলো মান-অভিমান ত্যাগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও সদলবলে কনৰাডৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ বাবে সাজু হয়৷ কিন্তু আজি এইচএছপিডিপিয়ে কনৰাডৰ প্ৰতি জনোৱা নিজৰ সমৰ্থন ৰহস্যজনকভাৱে প্ৰত্যাহাৰ কৰাত চৰকাৰ গঠনৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হয় এনপিপি ৷ ৬০জনীয়া মেঘালয় বিধানসভাত চৰকাৰ গঠনৰ বাবে ৩১জন বিধায়কৰ প্ৰয়োজন৷ 
শুকুৰবাৰে কনৰাড চাংমাই ৰাজ্যপালক সাক্ষাৎ কৰাৰ সময়ত ৩২জন বিধায়কে সমৰ্থন কৰি দিয়া স্বাক্ষৰ-পত্ৰ জমা দিছিলে৷ তেতিয়া পৰ্যন্ত মেঘালয়ত অনায়াসে পৰৱৰ্তী চৰকাৰ গঠনৰ দিশে আগবাঢ়িছিল কনৰাড চাংমা৷ কিন্তু শুকুৰবাৰে নিশা হঠাৎ হিল্‌ছ ষ্টেট পিপুল্‌ছ ডেম’ক্ৰেটিক পাৰ্টীৰ [এইচএছপিডিপি] সভাপতিয়ে কনৰাডলৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ দলৰ দুজন বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰ কৰে৷ ৰাজ্যপালৰ ওচৰত কনৰাড চাংমাইনিজৰ দল এনপিপিৰ ২৬জন, বিজেপি আৰু এইচএছপিডিপিৰ ২জনকৈ আৰু দুজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন-পত্ৰ জমা দিছিলে৷ এইচএছপিডিপিৰ সভাপতিয়ে সমৰ্থন প্ৰত্যাহাৰৰ পত্ৰ ৰাজ্যপাললৈও প্ৰেৰণ কৰে৷ উল্লেখ্য, শুকুৰবাৰে দিনৰ ভাগত ইউডিপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এইচএছপিডিপি, পিডিএফ আৰু ডিপিপি দলৰ নৱনিৰ্বাচিত বিধায়কসকলে শ্বিলঙত এখন বৈঠকত মিলিত হৈ এনপিপিক পুনৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত বাধা দিয়াৰ ৰণকৌশল প্ৰস্তুত কৰে৷ এই বৈঠকৰ মূল আহ্বায়ক আছিল তৃণমূল কংগ্ৰেছৰ নেতা মুকুল চাংমা৷ লক্ষণীয়ভাৱে এনপিপি চৰকাৰৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা ইউডিপিৰ নেতা লাঘায়ন ৰিম্বুইৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠকখন৷ এইবাৰৰ নিৰ্বাচনত ইউডিপিয়ে ১১খন, কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে ৫খনকৈ, ডিপিপিয়ে ৪খন, এইচএছপিডিপি আৰু পিডিএফে ২খনকৈ আসন লাভ কৰে৷ অৱশ্যে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ হ’লে আৰু দুজন বিধায়কৰ প্ৰয়োজন হ’ব এই গোটটোক৷ এতিয়া সময়েহে ক’ব মেঘালয়ত কোনে পৰৱৰ্তী চৰকাৰ গঠন কৰে৷ আনহাতে, এনপিপি দল আত্মবিশ্বাসী যে তেওঁলোকে অন্য দুজন বিধায়কৰ সমৰ্থন শীঘ্ৰে লাভ কৰি পৰৱৰ্তী চৰকাৰ গঠন কৰিব৷