Logo
image

জামিন নাকচ, ৬ মাৰ্চলৈ চিবিআইৰ জিম্মাত ছিছোডিয়া

আমাৰ অসম, ৫ মাৰ্চঃ আবকাৰী নীতিৰ অনিয়মৰ অভিযোগত যোৱা দেওবাৰে গ্ৰেপ্তাৰ কৰা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াৰ চিবিআইৰ ম্যাদ আৰু দুদিনলৈ অৰ্থাৎ সোমবাৰলৈ বৃদ্ধিৰ নিৰ্দেশ দিছে বিশেষ আদালতে৷ যোৱা সোমবাৰে চিবিআইৰ বিশেষ আদালতে মনীষ ছিছোডিয়াক ৫ দিনলৈ তদন্তকাৰীৰ জিম্মাত দিছিল৷ সেই অনুসৰি শনিবাৰে ছিছোডিয়াৰ চি বি আইৰ ম্যাদ শেষ হৈছিল৷ কিন্তু তদন্তকাৰী সংস্থাই আদালতত দাবী কৰে যে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীজনে জেৰাৰ সময়ত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উত্তৰ দিয়া নাই৷ অন্যাৰ্থত ছিছোডিয়াই চিবিআইক তদন্তত সহযোগিতা কৰা নাই৷ ফলত চিবিআইৰ বিশেষ আদালতৰ বিচাৰক এম কে নাগপালে মনীষ ছিছোডিয়াক পুনৰ দুদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷ আনহাতে মনীষ ছিছোডিয়াৰ অধিবক্তাই আদালতত জনায় যে, তেওঁক চি বি আইৰ বিষয়াই তদন্তৰ সময়ত বাৰে বাৰে একেটা প্ৰশ্নকে কৰি আছে৷ বিচাৰকে চি বি আইক একেটা প্ৰশ্নকে বাৰম্বাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে৷ ‘যদি নতুন প্ৰশ্ন থাকে তেন্তে সেই প্ৰশ্ন সুবিধ৷ একেটা প্ৰশ্নকে বাৰম্বাৰ কৰি নাথাকিব’–বিচাৰক নাগপালে এনেদৰে কয়৷ ইপিনে মনীষ ছিছোডিয়াই জনোৱা জামিনৰ আবেদনৰ শুনানি অহা ১০ মাৰ্চত গ্ৰহণ কৰিব নিম্ন আদালতে৷ ইতিপূৰ্বে ছিছোডিয়াই উচ্ছতম ন্যায়ালয়ত জামিনৰ আবেদন জনালেও সৰ্বোচ্ছ আদালতে তেওঁক জামিনৰ বাবে উচ্ছ ন্যায়ালয় কিম্বা নিম্ন আদালতত আবেদন জনোৱাৰ পৰামৰ্শ দিছিল৷ শুনানিৰ সময়ত ৰৌছ এভিনিউ বিশেষ আদালতৰ চৌহদত ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ অৱশ্যে ছিছোডিয়াৰ মুক্তিৰ দাবীত আপৰ সমৰ্থকে আদালতৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখ্য, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াক দেওবাৰে চিবিআয়ে দিল্লীৰ আবকাৰী নীতিৰ দুৰ্নীতিৰ অভিযোগত যোৱা দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল৷ দিনৰ ১১ বজাৰ পৰা একেৰাহে ৮ ঘণ্টা জেৰা কৰাৰ অন্তত সন্ধিয়া ৭ বজাত মনীষ ছিছোডিয়াক গ্ৰেপ্তাৰ কৰা বুলি চিবিআয়ে ঘোষণা কৰে৷ সেইদিনা আপৰ বিক্ষোভৰ আশংকাত চি বি আইৰ লোধী ৰোডৰ মুখ্য কাৰ্যালয়ৰ অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছিল আৰু এনে এক সম্ভাৱনা থকাৰ বাবে দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত দিল্লী আৰক্ষীয়ে বৃহৎ বিক্ষোভৰ আশংকাত আম আদমি পাৰ্টীৰ আগশাৰীৰ প্ৰায় সকলো নেতা-নেত্ৰীকে গৃহবন্দী কৰি ৰাখিছিল৷ সেইদিনা অৰ্থাৎ দেওবাৰে জেৰাৰ মাজতে যে আবকাৰী বিভাগৰো মন্ত্ৰী মনীষ ছিছোডিয়াক গ্ৰেপ্তাৰ কৰা হ’ব তাৰ পূৰ্ণ ইংগিত লাভ কৰিছিল স্বয়ং ছিছোডিয়া আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ পুৱা ১০ বজাত চিবিআইৰ মুখ্য কাৰ্যালয় অভিমুখে অহাৰ সময়তে এটা টুইট কৰি মনীষ ছিছোডিয়াই দলৰ কৰ্মী-সমৰ্থকক উদ্দেশ্যি কৈছিল যে তেওঁ ৭-৮ মাহৰ বাবে ঘৰলৈ উভতি আহিব নোৱাৰিব৷ ঘৰত তেওঁ অসুস্থ আৰু অকলশৰীয়া পত্নীক এৰি থৈ আহিছে৷ তেওঁৰ খবৰ ৰখাৰ বাবে ছিছোডিয়াই সমৰ্থকসকলক আহ্বান জনাইছিল৷ ছিছোডিয়াই কৈছিল যে নৰেন্দ্ৰ মোদীয়ে অৰবিন্দ কেজৰিৱালক ভয় কৰে৷ সেয়ে কেজৰিৱালৰ সোঁহাত হৈ থকাৰ বাবে ছিছোডিয়াক আঁতৰাই ৰখাৰ পৰিকল্পনা কৰিছে৷ আনহাতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও গ্ৰেপ্তাৰ নিশ্চিত বুলি জানি পুৱাই এটা টুইট কৰি কৈছিল যে, ছিছোডিয়াৰ প্ৰতি দিল্লীৰ সকলো শিক্ষাৰ্থীৰ শুভকামনা আছে৷ তেওঁ গ্ৰেপ্তাৰ হ’ব পাৰে৷ সেই লক্ষ্যৰেই মোদী চৰকাৰ আগবাঢ়িছে৷ কিন্তু বিচাৰৰ অন্তত ছিছোডিয়া নিষ্কলংক হৈ ওলাই আহিব আৰু পূৰ্বৰ দৰে দায়িত্ব পালন কৰিব৷

মনীষ ছিছোডিয়াক যোৱা ১৯ ফেব্ৰুৱাৰীত চিবিআয়ে আবকাৰী নীতি দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে মাতিছিল৷ কিন্তু দিল্লী চৰকাৰৰ বাজেট প্ৰস্তুত কৰাৰ বাবে তেওঁ চি বি আইৰ পৰা এসপ্তাহ সময় বিছাৰিছিল৷ দেওবাৰে তেওঁ এখন ছানৰুফ থকা গাড়ীত থিয় হৈ সমৰ্থকবেষ্টিত হৈ ১০ বজাতে ঘৰৰ পৰা ওলাই আহে৷ পোনে পোনে ছিছোডিয়াই মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটত সেৱা কৰে আৰু তাৰ পাছত কেইবাহাজাৰ দলীয় সমৰ্থকৰ সন্মুখত উজ্জীবিত ভাষণ প্ৰদান কৰি ১১ বজাত চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল৷ 

দিল্লী আবকাৰী নীতি দুৰ্নীতিৰ গোচৰত ইয়াৰ পূৰ্বেও ১৮ অক্টোবৰত চিবিআয়ে মনীষ ছিছোডিয়াক জেৰা কৰিছিল আৰু তেওঁৰ চৰকাৰী বাসভৱন, বেংকৰ লকাৰত তালাচী চলাইছিল৷ দিল্লীৰ উপ ৰাজ্যপাল ভি কে ছাক্সেনাই আপ চৰকাৰৰ আবকাৰী নীতিৰ সাল-সলনিৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ ৰাজহ লোকচান হোৱা বুলি আৰু আপৰ নেতাই সুৰা ব্যৱসায়ীৰ পৰা বিশাল অংকৰ উৎকোচ লোৱাৰ অভিযোগ কৰি চিবিআই তদন্তৰ বাবে অনুমোদন জনাইছিল৷ উল্লেখ্য, আপ চৰকাৰে ২০২০ চনৰ ১৭ নৱেম্বৰত পুৰণি আবকাৰী নীতি ৰদ কৰি নতুন আবকাৰী নীতি বলবৎ কৰিছিল৷ দুবছৰৰ পাছত আপ চৰকাৰে ২০২২ চনৰ ৩ জুলাইত নতুন আবকাৰী নীতি ৰদ কৰি পুনৰ পুৰণি আবকাৰী নীতি বাহাল ৰাখে৷ অভিযোগ উঠিছিল, নতুন আবকাৰী নীতি বলবৎ কৰাৰ ফলত বৃহৎ পৰিমাণত দুৰ্নীতি সংঘটিত হয়৷ সেই দুৰ্নীতি ঢাকি ৰাখিবৰ বাবেই আপ চৰকাৰে নতুন আবকাৰী নীতি ৰদ কৰাৰ অভিযোগ উঠিছিল৷ নতুন আবকাৰী নীতি বলবৎ কৰাৰ ফলত সংঘটিত দুৰ্নীতিৰ ধন আপৰ নেতাই লাভ কৰাৰ অভিযোগ উঠিছিল৷ আবকাৰী মন্ত্ৰীৰো দায়িত্বত থকা মনীষ ছিছোডিয়াই সুৰা ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিছিল আৰু সেই ধনেৰে আপে গোৱাৰ নিৰ্বাচন খেলিছিল বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল৷ উল্লেখ্য, দিল্লীৰ সুৰা বিক্ৰীৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আছিল চৰকাৰী৷ আপ চৰকাৰে নিজকে সুৰা বিক্ৰীৰ পৰা আঁতৰাই অনাৰ লক্ষ্যৰে নতুন নীতি বলবৎ কৰি সুৰা ব্যৱসায় বেচৰকাৰী ব্যৱসায়ীৰ হাতত তুলি দিছিল৷ সেই সালসলনিৰ জৰিয়তে আপে অতি কৌশলেৰে সুৰা ব্যৱসায়ীৰ পৰা বিশাল অংকৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল, য’ৰ গুৰি ধৰিছিল মনীষ ছিছোডিয়াই৷ তাৰে তদন্ত আগবঢ়াই চিবিআয়ে অৱশেষত ছিছোডিয়াক গ্ৰেপ্তাৰ কৰিছিল৷ যোৱা আগষ্টত চিবিআয়ে এই দুৰ্নীতিৰ গোচৰৰ তদন্ত আৰম্ভ কৰি মনীষ ছিছোডিয়াৰ বাসভৱনত ১৯ আগষ্টত ১৪ ঘণ্টা ধৰি আৰু ৩০ আগষ্টত বেংকৰ লকাৰত তালাচী চলাইছিল৷ এই গোচৰত মনীষ ছিছোডিয়াক মুখ্য অভিযুক্ত কৰি আৰু ১৪ জনৰ বিৰুদ্ধে চিবিআয়ে গোচৰ ৰুজু কৰিছিল৷ যোৱা বছৰ ১৮ অক্টোবৰত চিবিআয়ে ছিছোদিয়াক ৯ ঘণ্টা জেৰা কৰিও নিৰ্দিষ্ট প্ৰমাণৰ অভাৱত গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকে৷ যোৱা নৱেম্বৰত এই গোচৰৰ অন্যতম অভিযুক্ত সুৰা ব্যৱসায়ী দীনেশ অৰোৰা ৰাজসাক্ষী হোৱাৰ লগে লগে আবকাৰী নীতি গোচৰে ছিছোডিয়াৰ বিৰুদ্ধে পাক ল’বলৈ আৰম্ভ কৰে৷