Logo
image

আজি আহিব মোদী, বহিব কেবিনেটত

আমাৰ অসম, ৭ মাৰ্চঃ মঙলবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ পুৱা ১০ বজাত বিশেষ বিমানযোগে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত আদৰণি জনাব৷ বৰঝাৰ বিমান বন্দৰৰ পৰা তেওঁ পোনে পোনে ৰাওনা হ’ব মেঘালয়লৈ৷ ১১ বজাত মেঘালয়ৰ ৰাজধানী শ্বিলঙত কনৰাড চাংমা নেতৃত্বাধীন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে৷ তাৰ পাছতে তেওঁ নাগালেণ্ডলৈ ৰাওনা হ’ব৷ বিয়লি ১ বজাত নাগালেণ্ডৰ কোহিমাত তেওঁ নাগালেণ্ডৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল’ব৷ 

কোহিমাৰ পৰা সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰী মোদী গুৱাহাটীলৈ উভতিব৷ সন্ধিয়া  ৬ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে গুৱাহাটীৰ খানাপাৰাস্থিত ৰাজ্যিক অতিথিশালাত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম কেবিনেটৰ বৈঠকত ভাগ ল’ব৷ সন্ধিয়া অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ কেবিনেট বৈঠকখন হ’ব বিশেষ৷ কিয়নো ৰাজ্য চৰকাৰৰ কেবিনেটত কেবিনেটত দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাগ লোৱাটো অতি বিৰল৷  কেবিনেট বৈঠকত ভাগ লোৱাৰ পাছত  প্ৰধানমন্ত্ৰী মোদীয়ে নিশাটো খানাপাৰাৰ ৰাজ্যিক অতিথিশালাত কটাব৷ বুধবাৰে পুৱা প্ৰায় ৮ বজাত তেওঁ মা কামাখ্যা দেৱালয় দৰ্শন কৰিব৷ পুৱা প্ৰায় ৯ বজাত তেওঁ ত্ৰিপুৰা অভিমুখে ৰাওনা হ’ব৷ ১১বজাত ত্ৰিপুৰাৰ ৰাজ্যধানী আগৰতলাত তেওঁ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল’ব৷ উত্তৰ পূৰ্বাঞ্চলত ২৭ঘণ্টীয়া ভ্ৰমণ সামৰি বিয়লি ৰ বজাত আগৰতলাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীলৈ উভতিব৷ 

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমনক লৈ গুৱাহাটী মহানগৰীৰ যান-বাহন তথা পথচাৰীৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে৷ সেইমতে ৭ আৰু ৮ মাৰ্চত  কিছু যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ৭ মাৰ্চ মঙলবাৰে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ ১৭ নং আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া মালবাহী বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব৷ ৮ মাৰ্চ বুধবাৰে পুৱা ৫ বজাৰ পৰা  দুপৰীয়া ১২.৩০ বজালৈও উক্ত পথত মালবাহী বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব৷ ডিজি ৰোড, এটি ৰোড, এমজি ৰোড, কেএলবি ৰোড, তইবুল্লাহ ৰোড, জিএনবি ৰোড, বি-বৰুৱা ৰোড, আৰু জিএছ ৰোডত পুৱা ৫ বজাৰ পৰা ১১ বজালৈ চলাব নোৱাৰিব লঘু, মজলীয়া আৰু গধুৰ মালবাহী বাহন৷ প্ৰধানমন্ত্ৰী মোদীৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণৰ  প্ৰস্তুতিৰ তদাৰক কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ প্ৰধানমন্ত্ৰী মোদীৰ বিমানৰ উৰণ আৰু অবতৰণৰ সময়ত উত্তৰ-পূবৰ আকাশত নিষিদ্ধ হ’ব আন সকলো বিমানৰ চলাচল৷ নিষিদ্ধ ড্ৰোণৰ চলাচলো৷ প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ সোমবাৰে দুপৰীয়াৰ ভাগত অনুষ্ঠিত কৰা হয় মন্ত্ৰী পৰিষদৰ বৈঠক৷ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত  বৈঠকত মুখ্যমন্ত্ৰী  শৰ্মাই সংশ্লিষ্ট সকলো পক্ষকে অসমত থকা সময়ত প্ৰধানমন্ত্ৰী মোদীৰ অভ্যৰ্থনা, সুৰক্ষা তথা অন্যান্য দিশ  যাতে কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ সুকলমে সম্পন্ন হয় তাৰ বাবে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে৷ বৈঠকত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চলক প্ৰধান জিপি সিঙো উপস্থিত থাকে৷