Logo
image

বাৰেচহৰীয়া ভাওনা আৰম্ভ, লোকাৰণ্য পকামূৰা পথাৰ

আমাৰ অসম, ৭ মাৰ্চঃ পুৰাণপ্ৰসিদ্ধ তেজপুৰৰ হৰিহৰৰ যুদ্ধ, ভগৱান বিষ্ণু আৰু শিৱৰ চৰণ ৰেণুৰে ধন্য ভূমি ইতিহাসে ঢুকি পোৱা সময়ৰে পৰা পৱিত্ৰ৷ তেজপুৰ চহৰৰ কিছু নিলগত অৱস্থিত জামুগুৰিহাট মন্দিৰে-নাটঘৰে, সত্ৰ-সংস্কৃতিৰ উজ্জীৱিত পৰশে সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে চহকী জামুগুৰিহাটৰ চহা জীৱনৰ অনবদ্য সৃষ্টি হ’ল বাৰেচহৰীয়া ভাওনা মহোৎসৱ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা শিল্পীৰ অপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা যায় জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱত’ - এই মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ৷ সোমবাৰে জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি দৈমাৰীয়ে এনেদৰে কয়৷ 

উল্লেখ্য, কেৱল অসমৰে নহয় সৰ্বভাৰত তথা বিশ্বৰ ভিতৰতে একক অনন্য আৰু বিৰল সাংস্কৃতিক অনুষ্ঠান হিচাপে চিহ্নিত তথা ২২৬ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰে মহিমামণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰথম দিনটোতে লোকে লোকাৰণ্য হৈ পৰে ভাওনা ক্ষেত্ৰ পকামূৰা পথাৰ৷ প্ৰয়াত শোণিত কোঁৱৰ গজেন বৰুৱাৰ আশাশুধীয়া নেৰানেপেৰা নেতৃত্বত তথা একাংশ বৰেণ্য ব্যক্তিৰ নিৰালস প্ৰচেষ্টাত বিশ্বৰ দৰবাৰত চিনাকি হৈ পৰা এই বাৰেচহৰীয়া ভাওনাৰ বিৰল ক্ষণৰ সাক্ষী হ’বলৈ আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ৰাইজৰ সোঁত বয় ঐতিহাসিক পকামূৰা পথাৰলৈ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অলেখ লোক কালিয়েই জামুগুৰিহাটত উপস্থিত হৈ আজি ভাওনা ক্ষেত্ৰৰ বিভিন্ন কাৰ্যসূচীত নিজকে অংশীদাৰ কৰি প্ৰশান্তি লাভ কৰা পৰিলক্ষিত হয়৷ মহোৎসৱৰ প্ৰথম দিনটোত পুৱা ১১বজাত গুণমালা লৈ বৰভগীয়া নামঘৰৰ পৰা ভাওনা ক্ষেত্ৰলৈ উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাই হাজাৰ হাজাৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ খোল, তাল, দবা-শংখৰ ধবনিত তথা ভকতি বস্ত্ৰ আৰু নেপালী, বড়ো, মিছিং, ৰাভা, কাৰ্বি, তিৱাকে আদি কৰি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে ২০ হাজাৰৰো অধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা সুবিশাল শোভাযাত্ৰা ভাওনা মহোৎসৱৰ মূল মণ্ডপত গুণমালাভাগ ধৰ্মীয় ৰীতি-নীতিৰে প্ৰতিষ্ঠা কৰে৷ 

এক কথাত বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰে পৰিপূৰ্ণ আৰু জাতীয় সাংস্কৃতিকবিজড়িত বিভিন্ন কাৰ্যসূচীয়ে শোভাযাত্ৰা ক্ষণ হৈ পৰে বৈকুণ্ঠ ধাম৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উদ্বোধন কৰা এই সাংস্কৃতিক শোভাযাত্ৰাই উপস্থিত হাজাৰ হাজাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ দিনৰ ১২ বজাত বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ উদ্বোধন কৰে বাৰেচহৰীয়াৰ একান্ত সেৱক মহেন্দ্ৰ ভূঞাই৷ দিনৰ ১১-৩০ বজাত ২১খন খলাৰ বৈষ্ণৱৰ দ্বাৰা সিংহাসন প্ৰতিষ্ঠা আৰু নাম-প্ৰসংগ অনুষ্ঠিত হয়৷ ১২ বজাত স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে বিশিষ্ট অভিনেত্ৰী ফুলমাই হাজৰিকাই৷ বিয়লি ৩ বজাত প্ৰদৰ্শনী-দ্বাৰ উন্মোচন কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ উল্লেখ্য, প্ৰতি ৫ বছৰৰ অন্তৰে অন্তৰে উদ্‌যাপন কৰি অহা এই মহোৎসৱ যে জামুগুৰিহাটৰ ৰাইজৰ প্ৰাণৰো প্ৰাণৰ তাক পুনৰবাৰ প্ৰমাণিত কৰি পুৱাৰে পৰা হিল-দল ভাঙি ভাওনা ক্ষেত্ৰ পকামূৰা পথাৰত সমবেত হয় আৱাল বৃদ্ধ-বনিতা৷ পূৰ্বৰ তুলনাত এইবেলি ব্যতিক্ৰমী ৰূপত মহোৎসৱভাগ উদ্‌যাপন কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে৷ বিগত সময়ত পকামূৰা পথাৰৰ মাটি ব্যক্তি বিশেষৰ আছিল যদিও এইবেলি ৰাজ্য চৰকাৰে উক্ত ৫০ বিঘা মাটি ক্ৰয় কৰিছে বাৰেচহৰীয়া ভাওনাৰ নামত৷ পোনপ্ৰথমবাৰৰ বাবে এই মহোৎসৱ নিজা মাটিত উদ্‌যাপন কৰা হৈছে৷ যি কাৰ্যত হাজাৰ গুণ অধিক উছাহৰ ঢল বৈছে জামুগুৰিহাটৰ ৰাইজৰ মাজত৷ নিশা অনুষ্ঠিত হয় গন্ধোৎসৱ৷ মঙলবাৰে মহোৎসৱৰ দ্বিতীয় দিন৷ এই দিনটোত দিনৰ ২ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই৷ উক্ত অনুষ্ঠানত সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই৷ সন্ধিয়া ৭ বজাত মূল ভাওনা উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব মন্ত্ৰী পীয়ূষ হাজৰিকা, ডাঃ ৰণোজ পেগু, বিমল বৰা, পল্লৱ লোচন দাস, সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী, পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাকে আদি কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷