Logo
image

ঠিকাদাৰক সকীয়নি মন্ত্ৰী কেশৱ মহন্তৰঃ বহাগ বিহুৰ পূৰ্বে কুমতীয়া নৈৰ নিৰ্মীয়মান মথাউৰিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

ডিজিটেল সংবাদ, ধেমাজিঃ "বহাগ বিহুৰ পূৰ্বে নিৰ্মীয়মান মথাউৰিৰ কাম সম্পূৰ্ণ হ'বই লাগিব৷ পানী অহাৰ আগেয়ে প্ৰয়োজনীয় স্থানত পাকুপাইন সংস্থাপিত হব লাগিব৷ মথাউৰি এতিয়াও কিয় ৪ কি:মি: অংশৰ কাম আৰম্ভ কৰা নাই ? এনেকৈ নহ'ব৷ কিমান সংখ্যক শ্ৰমিকক ঠিকাদাৰে নিয়োজিত কৰিছে? কিমান সময় কাম কৰিছে? কিমান দিনত কি কাম সম্পূৰ্ণ হ'ব? সেয়া ঠিকাদাৰে স্পষ্ট কৰিব লাগিব ৷" বুধবাৰে ধেমাজিত কুমতীয়া নৈৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি মথাউৰিৰ ওপৰৰ পৰাই এইদৰে ঠিকাদাৰক কঠোৰ সকীয়নি দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷ 

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিৰ্মীয়মান মথাউৰিসমূহ পৰিদৰ্শনৰ বাবে একোগৰাকীকৈ মন্ত্ৰীক দ্বায়িত্ব দিয়াৰ পিছত আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ধেমাজিত উপস্থিত হৈ বিগত বছৰত জীয়াধল-কুমতীয়া নৈয়ে বিছিন্ন কৰা কুমতীয়াৰ সোঁপাৰৰ মথাউৰিৰ বগলীজানত উপস্থিত হৈ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে ৷ প্ৰায় ১৬কোটি ৫০লাখ টকা ব্যয়ৰে নিৰ্মাণ কাৰ্য চলি থকা মথাউৰিটোৰ কামৰ অগ্ৰগতিত অসন্তুষ্ট হৈ মন্ত্ৰীগৰাকীয়ে জিলা জলসম্পদ বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷ লগতে মথাউৰিৰ পৰাই ফোনযোগে মন্ত্ৰীগৰাকীয়ে ঠিকাদাৰক কেতিয়া কাম সম্পূৰ্ণ কৰিব? কোনদিনা কিমান কাম সম্পূৰ্ণ কৰিব? সেই কৰ্ম আঁচনিৰ খতিয়ান প্ৰত্যেক দিনাই দিব লাগিব বুলি সকিয়াই দিয়ে ৷ 

বিভাগীয় অভিযন্তা, বিষয়া, কৰ্মকৰ্তাসকলক লগত লৈ নিৰ্মীয়মান মথাউৰি পৰ্যবেক্ষণ কৰা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বহাগ বিহুৰ পূৰ্বে জলসম্পদ বিভাগ আৰু ঠিকাদাৰক মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ডেডলাইন বান্ধি দিয়ে ৷ উল্লেখ্য যে ধেমাজি জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়িত মথাউৰি নিৰ্মাণৰ কাম অতি লেহেমীয়া আৰু নিম্নমানৰ হৈ থকা বুলি অভিযোগ উঠাৰ সময়তে এইদৰে আকস্মিকভাৱে মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰাত সন্তোষ প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে ৷ মন্ত্ৰীৰ হস্তক্ষেপত মথাউৰি নিৰ্মাণ খৰতকীয়া হব বুলি আশাব্যক্ত কৰিছে বানাক্ৰান্ত ৰাইজে ৷