Logo
image

কেতেকী ফুলৰ সুগন্ধিৰে আমোল-মোল বজালীৰ ঐতিহ্যমণ্ডিত পৰিহৰেশ্বৰ দেৱালয়

ডিজিটেল সংবাদ, বজালীঃ মই কেতেকী বুলি চিঞৰি থকা চৰাইজনী এতিয়া আনন্দত মতলীয়া হৈ পৰিছে ৷ কিয়নো বসন্তৰ আগমনৰ লগে লগে ফুলিব ধৰিছে আপুৰুগীয়া কেতেকী ফুল৷ লোক বিশ্বাস মতে, ঋষিৰ অভিশাপত স্বৰ্গৰ অপেশ্বৰী কেতেকী ফুল হৈ নামি অহিছিল ধৰালৈ৷ এনেদৰে বহু সুন্দৰ সুন্দৰ কাহিনীৰে সমৃদ্ধ কেতেকী ফুল এতিয়া ফুলিছে বজালীৰ পৰিহৰেশ্বৰ দেৱালয়ত ৷

অসম তথা ভাৰতৰ কোনো ঠাইতে দেখিবলৈ নপোৱা এই কেতেকী ফুলৰ সুগন্ধিৰে আমোল-মোল দেৱালয়ৰ চৌপাশ৷ বজালীৰ ঐতিহ্যমণ্ডিত ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ পিছফালে প্ৰায় ডেৰ-দুই বিঘা মাটি সামৰি আছে এখন কেতেকী বাৰী ৷ শিৱৰাত্ৰি দিনাৰ পৰাই এই কেতেকী ফুল ফুলিবলৈ আৰম্ভ কৰে ৷ সেইদিনা প্ৰথম ফুলা কেতেকী ফুলেৰে মহাদেৱৰ পূজা-অৰ্চনা কৰা হয়৷ যাৰ বাবে ধন্য হৈ পৰে ঋষিৰ অভিশাপত ধৰালৈ নামি অহা স্বৰ্গৰ অপেশ্বৰী৷ 

কেইবছৰমান আগলৈকে পৰিত্যক্ত অৱস্থা থকা এই কেতেকী বাৰীখন এতিয়া সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ তথাপিও এইক্ষেত্ৰত চৰকাৰৰ কৰিবলগীয়া বহু কাম বাকী আছে ৷ উপযুক্তভাৱে সংৰক্ষণ কৰিলে পৰ্যটকৰ বাবে আকৰ্ষণীয় হৈ পৰিব পৰিহৰেশ্বৰ দেৱালয়৷ এই কেতেকী ফুল ইতিমধ্য অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ভাৰতৰ বহু ৰাজনৈতিক নেতাক মন্দিৰৰ কতৃপৰ্ক্ষই উপহাৰ হিচাপে প্ৰদান কৰিছে ৷