Logo
image

ছাৰ কটনৰ কীৰ্তি চাই গ’লহি আজোনাতিয়ে

আমাৰ অসম, ৯ মাৰ্চঃ  বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ গংগা বিলাসত আহি আজোককাকৰ কীৰ্তি পৰিদৰ্শন কৰে বিখ্যাত কটন পৰিয়ালৰ সপ্তম প্ৰজন্মই৷ অসমৰ উচ্ছ শিক্ষাৰ বাটকটীয়া ঐতিহ্যমণ্ডিত কটন কলেজে  প্ৰায় ছয় কুৰি বছৰ অতিক্ৰম কৰিলে৷ মহান মনীষী¸ছাৰ হেনৰী জন ষ্টেডমেন কটনে প্ৰতিষ্ঠা কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানত ভৰি থৈ অভিভূত হৈ পৰিল সুদূৰ লণ্ডনৰ পৰা অহা আজোনাতি৷ আজোককাকে প্ৰতিষ্ঠা কৰা কটন কলেজ অৰ্থাৎ বৰ্তমানৰ কটন বিশ্ববিদ্যালয় পৰিভ্ৰমণ কৰি গ’ল আজোনাতি জন কটনে৷ বিগত ৫ মাৰ্চত জন কটন সপত্নীক কটন বিশ্ববিদ্যালয়ত উপস্থিত হৈ ছাৰ হেনৰী কটনৰ কীৰ্তি স্বচক্ষে প্ৰত্যক্ষ কৰে৷ বাৰাণসীৰ পৰা দুখন দেশৰ ৫ ৰাজ্য আৰু ২৭খন নদী পাৰ হৈ গংগা বিলাসত উঠি ৫০ দিনীয়া নদী যাত্ৰা সামৰি বিগত ২৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত উপস্থিত হৈছিল ছাৰ হেনৰী কটনৰ আজোনাতি জন কটনে৷ পত্নীৰ সৈতে অসম ভ্ৰমণলৈ অহা কটন পৰিয়ালৰ সদস্যজনে বহু সময় কটন বিশ্ববিদ্যালয়ত পাৰ কৰি স্মৃতিবিভোৰ হৈ পৰে৷ ৭৭ বছৰীয়া জন কটনে আজোককাক ছাৰ হেনৰী কটনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জনাই আৱেগিক হৈ পৰাৰ লগতে ছাৰ হেনৰী কটনৰ স্মৃতি বিজড়িত শতবছৰীয়া বিশেষ চকীখনো স্পৰ্শ কৰে৷ তেওঁ লগতে এসময়ত ককাকে বহা চকীখনৰ সন্মুখত ফটোও উঠে৷ পুনৰ কটনলৈ অহাৰ প্ৰতিশ্ৰুতি দি যোৱা ছাৰ কটনে কটন কলেজৰ ঐতিহ্যমণ্ডিত কেইবাটাও ভৱনত উপস্থিত হৈ ককাকৰ স্মৃতি ৰোমন্থন কৰে৷ প্ৰথমবাৰৰ বাবে কটন বিশ্ববিদ্যালয় ভ্ৰমণ কৰি প্ৰতিষ্ঠাপকজনৰ প্ৰতি বজাই ৰখা সন্মান দেখি অভিভূত হয়৷