Logo
image

মন্ত্ৰী হৈয়েই ৰাহুলক প্ৰশংসা বিজেপি অধ্যক্ষৰ

আমাৰ অসম, ৯ মাৰ্চঃ বিজেপিৰ কোনো নেতাই ৰাহুল গান্ধীক প্ৰশংসা কৰাৰ  উদাহৰণ নাই৷ ৰাহুল গান্ধীৰ যিকোনো পদক্ষেপ, যিকোনো কাৰ্যসূচী– সকলোতেই বিজেপিৰ নেতাই ৰাহুল গান্ধীক সমালোচনা কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এসময়ত ৰাহুল গান্ধীক শ্বাহজাদা বুলি কটাক্ষ কৰিছিল৷ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে দীঘলকৈ দাড়ি ৰখাৰ ফলত     তেওঁৰ চেহেৰা ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ দৰে হোৱা বুলি মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ চিৰদিন বিজেপিৰ নেতাৰ পৰা কটাক্ষ, সমালোচনাৰ চিকাৰ হৈ অহা ৰাহুল গান্ধীয়ে এইবাৰ নাগালেণ্ডৰ নৱনিৰ্বাচিত এজন মন্ত্ৰীৰ পৰা প্ৰশংসা লাভ কৰাৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে৷ ৰাহুল গান্ধীৰ এখন ফটো টুইটাৰত আপলোড কৰি মঙলবাৰে নাগালেণ্ডৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নাগালেণ্ড বিজেপিৰ অধ্যক্ষ তেমজেন ইমনা আলঙে ৰাহুল গান্ধীৰ ফটোৰ পজ ভাল হোৱা বুলি মন্তব্য কৰিছে৷ আলঙে লিখিছে– ফটোখন ভাল লাগিছে৷ মানিবই লাগিব৷ যিদৰে তেওঁ পজ দিছে সেয়া নেক্সট লেভেলৰ৷ উল্লেখ্য, সম্প্ৰতি ব্ৰিটেইনলৈ গৈছিল ৰাহুল গান্ধী৷ ব্ৰিটেইনৰ কেমব্ৰীজ বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰাৰ উপৰি ৰাহুল গান্ধীয়ে প্ৰবাসী ভাৰতীয়ৰ সন্মুখতো বক্তৃতা দিছিল৷ লণ্ডনৰে এখন ফটোৱে ছ’চিয়েল মিডিয়াত হঠাতে তুমুল চৰ্চা লাভ কৰে৷ ছুট পৰিহিত সেই ফটোখনকে নাগালেণ্ডৰ নতুন মন্ত্ৰী তেমজেন আলঙে টুইটাৰত আপলোড কৰি ৰাহুলক প্ৰশংসা কৰাৰ বিষয়টোৱে ছ’চিয়েল মিডিয়াত আৰু আনকি মূলসুঁতিৰ সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে৷ সততে গেৰুৱা শিবিৰৰ ৰোষনলত পৰা ৰাহুল গান্ধীক প্ৰশংসা কৰি নাগালেণ্ডৰ বিজেপিৰ এই মন্ত্ৰীজনেও দেশজুৰি পৰিচিতি আৰু ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে৷