Logo
image

হত্যাত অভিযুক্ত কয়দীৰ মাজত ছিছোডিয়া, ধ্যানত বহিল অৰবিন্দ

আমাৰ অসম, ৯ মাৰ্চঃ দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াক তিহাৰ কাৰাগাৰত হত্যাকাৰী আৰু গভাইত অপৰাধীৰ সৈতে জে’ল নম্বৰ-ৰত কাৰাবন্দী হিচাপে ৰখাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ আম আদমি পাৰ্টীয়ে এয়া বিজেপি চৰকাৰে মনীষ ছিছোডিয়াক হত্যাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰিছে৷ বৃহস্পতিবাৰে দিল্লীৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া আপৰ বিধায়ক সৌৰভ ভৰদ্বাজ আৰু আপৰ অন্যান্য নেতাই মনীষ ছিছোডিয়াৰ জীৱনৰ প্ৰতি তিহাৰ কাৰাগাৰত গভীৰ ভাবুকিৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে৷ উল্লেখ্য, আদালতে  মনীষ ছিছোডিয়াক তিহাৰ কাৰাগাৰৰ বিপাশনা চেলত ৰাখিবলৈ নিৰ্দেশ দিছিল, যাতে তেওঁ ধ্যান কৰিব পাৰে৷ এই সন্দৰ্ভত সৌৰভ ভৰদ্বাজে কয় যে গভীৰ ষড়যন্ত্ৰৰ অংশ হিচাপেই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত মনীষ ছিছোডিয়াক হত্যাকাৰী আৰু গভাইত অপৰাধীৰ সৈতে তিহাৰ কাৰাগাৰত ৰখা হৈছে৷ তেওঁ প্ৰকাশ কৰা অনুসৰি তিহাৰ কাৰাগাৰৰ জে’ল নম্বৰ-ৰত একাধিক হত্যাত দোষী সাব্যস্ত হোৱা আচামী আছে৷ তাত গেংষ্টাৰ, গভাইত অপৰাধী আছে৷ তেওঁলোকৰ পৰা মনীষ ছিছোডিয়াৰ যিকোনো সময়তে বিপদ হ’ব পাৰে, প্ৰাণনাশৰ আশংকাও আছে৷ সেই উদ্দেশ্যেই বিজেপি চৰকাৰে মনীষ ছিছোডিয়াক হত্যাকাৰী, গভাইত অপৰাধী আৰু গেংষ্টাৰৰ সৈতে একেলগে ৰখা বুলি তেওঁ অভিযোগ কৰে৷ এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ ষড়যন্ত্ৰ বুলি পোনপটীয়া অভিযোগ তুলি তেওঁ কয়– ‘মোদীজী, মনীষ ছিছোডিয়াৰ প্ৰতি আপোনাৰ ইমান শত্ৰুতা কিয়? আপুনি কিয় ইমান ঘৃণা কৰে? আদালতেই যেতিয়া তেওঁক বিপাশনা চেলত থকাৰ অনুমতি দিছে, তথাপি কিয় আপুনি সেই নিৰ্দেশ পালন কৰিবলৈ অনুমতি প্ৰদান কৰা নাই?’ তেওঁ পুনৰ কয়– ‘কেন্দ্ৰই ৰাজনৈতিক হত্যাৰ ষড়যন্ত্ৰ কৰা বুলি আমি আশংকা কৰিছোঁ৷’ আপৰ আন দুই আগশাৰীৰ নেতা সঞ্জয় সিং আৰু বৃহস্পতিবাৰে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলগীয়া আতিশী মাৰ্লেনায়ো একে আশংকা প্ৰকাশ কৰি কয়– ‘মনীষ ছিছোডিয়াৰ কাৰাগাৰত প্ৰাণহানি হ’ব পাৰে বুলি আমি আতংকিত হৈ পৰিছোঁ৷’ দুয়ো প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি কয়– ‘আপুনি সৰ্বশক্তি প্ৰয়োগ কৰিও আমাক দিল্লীত পৰাস্ত কৰিব নোৱাৰিলে৷ এমচিডিৰ নিৰ্বাচনতো নোৱাৰিলে৷ অলেখ কূটকৌশল ৰচি থকা সত্ত্বেও আমি দিল্লীৰ মেয়ৰ, উপ-মেয়ৰ দুয়োটা পদতে আপোনালোকক পৰাজিত কৰিলোঁ৷ সেই পদ ল’বলৈ আপুনি উপ-ৰাজ্যপালক ব্যৱহাৰ কৰিলে, আদালতলৈ গৈয়ো পৰাজিত হ’ল৷ সেই সকলো পৰাজয়ৰ প্ৰতিশোধ ল’বলৈকে এতিয়া এই ষড়যন্ত্ৰ কৰিছে৷ আপুনি বিষয়টোত এটাও মাত নমতাটো সকলোৱে লক্ষ্য কৰি আছে৷’

আনহাতে, দিল্লীৰ কাৰাগাৰ বিভাগে আপৰ এই অভিযোগ অস্বীকাৰ কৰিছে৷ এক বিবৃতিত কাৰাগাৰ বিভাগে দাবী কৰে, তিহাৰ কাৰাগাৰৰ জে’ল নম্বৰ-ৰত কম সংখ্যক অপৰাধী আছে আৰু তাত কোনো গেংষ্টাৰ নাই৷ কাৰাগাৰ কতৃৰ্পক্ষই মনীষ ছিছোডিয়াৰ নিৰাপত্তা সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলো কাৰাগাৰৰ বিধি অনুসৰি কৰা হৈছে৷ পিছে মনীষ ছিছোডিয়াক কিয় আদালতৰ নিৰ্দেশ উপেক্ষা কৰি বিপাশনা ছেলত ৰখা হোৱা নাই সেই সন্দৰ্ভত উত্তৰ দিয়াৰ পৰা বিৰত থাকে দিল্লী কাৰাগাৰ কতৃৰ্পক্ষ৷ উল্লেখ্য, আবকাৰী নীতিৰ অনিয়মৰ অভিযোগত ছিছোডিয়াক চিবিআয়ে যোৱা চ্ছ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল৷ সাত দিন চিবিআইৰ জিম্মাত থকাৰ পাছত তেওঁক চৈধ্য দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ শুকুৰবাৰে তেওঁৰ নিম্ন আদালতত জামিনৰ শুনানি হ’ব৷

নিজৰ সোঁহাতসদৃশ মনীষ ছিছোডিয়া তিহাৰ কাৰাগাৰত বন্দী হৈ ধ্যান কৰাৰ পৰা বঞ্চিত হৈ থকা অৱস্থাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে দেশৰ সৰ্বাংগীন উন্নতিৰ বাবে দিনটো ধ্যান কৰে৷ ধ্যানৰ বাবে তেওঁ হোলীৰ পূণ্য-লগ্ন নিৰ্বাচন কৰি লয়৷ বুধবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ তেওঁ ধ্যান কৰে৷ তাৰ পূৰ্বে তেওঁ ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত গৈ শ্ৰদ্ধা নিবেদন কৰে৷ কেজৰিৱালে কয় যে, যি দেশক লুটি আছে তেওঁলোকৰ কোনো বিচাৰ নাই৷ আনহাতে, যি ৬৫ বছৰ ধৰি উপেক্ষিত দিল্লীৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধিলে, যি দিল্লীৰ স্বাস্থ্য বিভাগক পুনৰুজ্জীৱন দিলে, সেই মনীষ ছিছোডিয়া আৰু সত্যেন্দৰ জৈনক কাৰাবন্দী কৰা হৈছে৷ এই অবিচাৰৰ অন্ত পৰাৰ বাবেই তেওঁ ধ্যান কৰা বুলি কয়৷