Logo
image

মুন্নাভাই এমবিবিএচৰ ৰূপত পিতা-পুত্ৰ

ডিজিটেল সংবাদ, ৯ মাৰ্চঃ ৰাজ্য চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগক চেলেঞ্জ কৰি গঢ়ি উঠা অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে পুনৰ উত্থাপিত হৈছে আন এক গুৰুতৰ অভিযোগ। এইবাৰ কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত বদলা-মালিবাৰী বজাৰৰ এখন অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে সৰৱ হৈছে স্থানীয় লোক। জানিব পৰা মতে, অনুজ্ঞাপত্ৰ বিহীন অবৈধ ফাৰ্মাচীখনৰ মুন্নাভাই ৰূপী চিকিৎসকে যোৱা নিশা অঞ্চলটোৰ ফৰিজুল হক নামৰ এজন ব্যক্তিক বেজী দিয়াৰ ১৫ মিনিট পাছতে মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। জানিব পৰা মতে, যোৱা নিশা ফৰিজুল হক (৪২) নামৰ ব্যক্তিজনৰ এলাৰ্জী হোৱাত তেওঁ চিকিৎসাৰ বাবে বদলা মালিবাৰী বজাৰৰ মহম্মদ আলীৰ ফাৰ্মচীলৈ যায়। সেই সময়ত ফাৰ্মাচীত মহম্মদ আলী নথকাত তেওঁৰ পুত্ৰ হাফিজুৰ ৰহমানে কোনো গুণাগথা নকৰি এলাৰ্জী ৰোগত আক্ৰান্ত ফৰিজুল হকক বেজী দিয়ে। বেজী দিয়াৰ পিছতে ফৰিজুল হক অসুস্থ হৈ পৰে আৰু প্ৰায় ১৫ মিনিটৰ অন্তত ব্যক্তিজনৰ মৃত্যু হয়। ঘটনাৰ খৱৰ পোৱাৰ লগে লগে ফাৰ্মাচীত যথেষ্ট লোকৰ সমাগম হয় আৰু ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইপিনে পৰিস্থিতি বেয়ালৈ ঢাল খোৱালৈ লক্ষ্য কৰি হাফিজুৰ ৰহমান ঘটনাস্থলীৰ পৰা পলায়ণ কৰে।  পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অবৈধ ফাৰ্মাচীখনত দুটাকৈ তলা লগাই দিয়ে। ইপিনে অবৈধ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে একাধিক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি বদলা-মালিবাৰী বজাৰত মহম্মদ আলী আৰু তেওঁৰ পুত্ৰ হাফিজুৰ ৰহমানে স্বাস্থ্য বিভাগৰ অনুমতি বিহীন ভাৱে অনুজ্ঞাপত্ৰ নথকা ফাৰ্মাচী খুলি চিকিৎসাৰ নামত অঞ্চলটোৰ সহজ সৰল, অশিক্ষিত লোকক লুটি পুটি খাইছে। বিভাগীয় কোনো ধৰণৰ অনুমতি অবিহনে ফাৰ্মাচীৰ ভিতৰত ছয়খন বিছনাৰ ব্যৱস্থা কৰি চিকিৎসাৰ নামত তথাকথিত গ্ৰাম্য নাৰ্চিং হোম খুলি অবাধে চিকিৎসা প্ৰদান কৰি আহিছে।  সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত সাপেক্ষে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগৰ সঞ্চালক, যুটীয়া সঞ্চালকৰ লগতে জিলা উপায়ুক্তক দাবী জনাইছে স্থানীয় ৰাইজে ।