Logo
image

বজাৰলৈ গৈছিল দুয়ো! কণমানিৰ মৃতদেহ উদ্ধাৰ, দেউতাকৰ সন্ধান নাই

আমাৰ অসম, ১০ মাৰ্চঃ পিতৃৰ লগত বজাৰ কৰিবলৈ ওলাই যোৱা শিশুটিৰ জন্মদিনৰ দিনাই মৃতদেহ হৈ উভতিবলগীয়া হোৱা এই দুৰ্ভগীয়া দেৱ শিশুটিৰ নাম পৰাগ জ্যোতি বৰদলৈ৷ এবছৰ পাৰ হৈ আজি দুবছৰত ভৰি দিয়া পৰাগৰ প্ৰথমটো জন্মদিন আছিল৷ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোণালী বড়ীনিৱাসী আৰ্থিকভাৱে দুৰ্বল শশীন বৰদলৈ আৰু জোনমণি বৰদলৈৰ কনিষ্ঠ সন্তান পৰাগ জ্যোতিৰ জন্মদিন উদ্‌যাপন কৰাৰ ব্যৱস্থা চলিছিল৷ সেই অনুসৰি কালি সন্ধিয়া ৬মান বজাত পিতৃ শশীন বৰদলৈয়ে [৪০] পুত্ৰৰ জন্মদিনৰ বজাৰ কৰিবলৈ জীয়েকৰ চাইকেলখন লৈ ককিলা চাৰিআলিলৈ বুলি ওলাই আহিছিল৷ পত্নীয়ে লিখি দিয়া সামগ্ৰীৰ তালিকা লৈ বজাৰ কৰিবলৈ অহা শশীন বৰদলৈয়ে তেওঁৰ লগত চাইকেলখনৰ বাস্কেটটোতে উঠাই লৈ আহিছিল পুত্ৰ পৰাগক৷ কিন্তু যোৱা নিশা দেৰিলৈকে তেওঁলোক ঘৰলৈ উভতি নোযোৱাত  চিন্তিত হৈ পৰে পৰাগৰ মাতৃ আৰু দুই ভগ্নী৷ তেওঁলোকে নিশা ১২ বজালৈকে শশীন আৰু পৰাগ জ্যোতিৰ বিচাৰ-খোঁচাৰ কৰে যদিও এই সম্পৰ্কে কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নোহোৱাত ঘৰতে তেওঁলোকে উজাগৰী নিশা পাৰ কৰে৷ আজি দোকামোকালিতে জোনমণি বৰদলৈয়ে পুনৰ তেওঁলোকক বিচৰা আৰম্ভ কৰিবলৈ লোৱা সময়তে পথাৰত গৰু এৰাল দি অহা এজন ব্যক্তিয়ে ককিলা চাৰিআলিৰ সমীপৰ ককিলা পথাৰৰ মাজত পৰাগজ্যোতিৰ মৃতদেহ পৰি থকা বুলি মাতৃ জোনমণিক অৱগত কৰে৷ পাছত স্থানীয় ৰাইজৰ লগতে জোনমণি বৰদলৈ সেই স্থানত উপস্থিত হৈ পৰাগজ্যোতিৰ মৃতদেহটো প্ৰত্যক্ষ কৰে৷ মৃতদেহটোৰ কাষতে শশীন বৰদলৈয়ে চলাই অহা চাইকেলখন আৰু বজাৰ কৰিবলৈ অনা মোনাটো পৰি থকা প্ৰত্যক্ষ কৰে৷ এই ঘটনাটোৰ পাছৰে পৰা সন্ধানহীন হৈ আছে পৰাগৰ পিতৃ শশীন বৰদলৈ৷ এফালে পৰাগৰ মৃতদেহ উদ্ধাৰ আৰু আনফালে পৰাগৰ পিতৃ সন্ধানহীন হোৱা বিষয়টোৱে সমগ্ৰ বিষয়টো অতি ৰহস্যঘন কৰি তুলিছে৷ পৰাগৰ মৃতদেহ উদ্ধাৰ পাছত গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত আৰু উপ-পৰিদৰ্শক কমৰোদ্দিন আলীৰ নেতৃত্বত গহপুৰ আৰক্ষীৰ এটা দলে কাৰ্যবাহী দণ্ডাধীশ মনীষ ভৰালীৰ উপস্থিতিত যাৱতীয় আইনী প্ৰক্ৰিয়াৰ মাজেৰে কণমানিটিৰ মৃতদেহটো সেই স্থানৰ পৰা তুলি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে৷ পৰাগজ্যোতিৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব৷