Logo
image

আজিৰ পৰা বাজেট অধিৱেশন

আমাৰ অসম, ১০ মাৰ্চঃ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন৷ নৱনিযুক্ত ৰাজ্যপাল গোলাবচান্দ কাটাৰিয়াৰ ভাষণেৰে আজি পুৱা ৯ বজাত আৰম্ভ হ’ব বাজেট অধিৱেশনৰ কাৰ্যসূচী৷ ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ৰাজ্যিক বাজেট৷ ১০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ চলিব বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যসূচী৷ মুঠ ১৪ দিন বিধানসভাৰ অধিৱেশনৰ কাৰ্মদিন থাকিব৷ ইয়াৰ লগতে জ্জ দিন থাকিব বিভাগীয় কাৰ্যসূচী৷    মাদক দ্ৰব্য নিয়ন্ত্ৰণ তথা জি-২০ৰ সন্দৰ্ভত অনুষ্ঠিত হ’ব স্পীকাৰ্ছ ইনিচিয়েটিভ৷ উল্লেখ্য, বিভিন্ন স্পৰ্শকাতৰ বিষয়েৰে সদন উত্তাল কৰিবলৈ সাজু হৈছে বিৰোধী৷ বিশেষকৈ উচ্ছেদ, বুলড’জাৰ হ’ব পাৰে বিৰোধীৰ অন্যতম ইচ্ছ্য়ু ৷ বিধানসভাৰ অধিৱেশনৰ পূৰ্বে আজি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক৷ এই বৈঠকত শাসকীয় পক্ষই বিৰোধীৰ পৰা বিধানসভাৰ অধিৱেশন চলোৱাৰ বাবে সহায়-সহযোগিতা বিচাৰে৷ পিছে এই বৈঠকলৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈক আমন্ত্ৰণ নজনোৱাৰ অভিযোগ উঠিছে৷ অসম বিধানসভা সচিবালয়ৰ সূত্ৰই জনোৱা মতে বৰ্তমানলৈকে ৬খন বিধেয়কৰ জাননী লাভ কৰিছে৷ চৰকাৰে ইয়াৰে দুখন জমা দিছে আৰু চাৰিখনৰ জাননী পঠাইছে৷ ইফালে, বিধানসভাৰ অধিৱেশনৰ সময়ছোৱাত এনআইএ গোচৰৰ সন্দৰ্ভত ৫ এপ্ৰিললৈকে ৰেহাই বিচাৰি ন্যায়ালয়ত আবেদন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ ২০ মাৰ্চত গোচৰটো উচ্ছতম ন্যায়ালয়ত উঠিব৷ বিধানসভাৰ বাজেট অধিৱেশন উপলক্ষে চূণ-তেল সানি বিধানসভাৰ চৌহদ চিকুণাই তোলা হৈছে৷ দিছপুৰ লাষ্টগেটৰ লগতে বিধানসভাৰ চৌহদ তথা সমগ্ৰ দিছপুৰ-গণেশগুৰিতে নিৰাপত্তা ব্যৱস্থা কটকটীয় কৰি তোলা হৈছে৷