Logo
image

অত্যধিক হাৰত পৌৰকৰ, নাগৰিকক কেঁকোৰা চেপা

আমাৰ অসম, ১০ মাৰ্চঃ ৰাজহ ঘাটি জোৰা মাৰিবলৈ এইমুহূৰ্তত নাগৰিকৰ ওপৰত অত্যধিক কৰৰ বোজা জাপি দিয়াৰ বাহিৰে যে বিকল্প নাই চৰকাৰৰ৷ প্ৰায় ১ লাখ ৪০ হাজাৰ কোটি টকা ঋণত পোত গৈ থকা অসম চৰকাৰে ৰাজহ আহৰণৰ স্বাৰ্থত এতিয়া পৌৰ সম্পত্তি কৰ বৃদ্ধি কৰি নাগৰিকৰ মূৰৰ  ওপৰত মাধমাৰ সোধোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ ৰাজ্য চৰকাৰে পৌৰ এলেকাৰ বাসিন্দাৰ সম্পত্তি কৰ পূৰ্বৰ ৫.৫ শতাংশৰ পৰা ৭.৫ শতাংশলৈ বৃদ্ধি কৰিছে৷ কেৱল গুৱাহাটী মহানগৰীয়েই নহয়, নগাঁও, যোৰহাট, মঙলদৈ ইত্যাদি প্ৰতিখন চহৰতে পৌৰ প্ৰশাসনে সম্পত্তি কৰ আদায় দিবলৈ নাগৰিকক হেঁচা প্ৰয়োগ কৰাও দেখা গৈছে৷ পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈ পৰাত ঠায়ে ঠায়ে নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈও বাধ্য হৈছে৷ অৱশ্যে নাগৰিকে প্ৰতিবাদ কৰিলেও ৰাজহ ঘাটি জোৰা মৰাৰ স্বাৰ্থত চৰকাৰেও কৰ আদায়ৰ ক্ষেত্ৰত আঁকোৰগোজ স্থিতি গ্ৰহণ কৰিছে৷ ইফালে গুৱাহাটীৰ নাগৰিকৰ পৰা সম্পত্তি কৰ সংগ্ৰহৰ বাবে এ পি ডি চি এলৰ বিলৰ সৈতে জি এম চিৰ হল্ডিং নম্বৰ সংযোগ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত এইবাৰ বিল্ডাৰ তথা নাগৰিকক ফ্লেটৰ অকুপেঞ্চী প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে জি এম চিয়ে৷ এইপৰ্যন্ত জিএমচিয়ে সংগ্ৰহ কৰিছে ১০৪ কোটি টকাৰ সম্পত্তি কৰ৷ আনহাতে, চলিত বিত্তীয় বৰ্ষত ১৬০ কোটি টকা সম্পত্তি কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ আদায় দিয়াৰ বাবে নাগৰিকক ৩১ মাৰ্চলৈ শেষ সময়সীমা বান্ধি দিছে৷ অৰ্থাৎ ৩১ মাৰ্চৰ ভিতৰত সম্পত্তি কৰ আদায় দিলে ৩০ শতাংশ ৰেহাই পাব বুলিও স্পষ্ট কৰি দিছে কতৃৰ্পক্ষই৷ ১১ হাজাৰ পৰিয়ালে প্ৰায় ১০০ কোটি টকা সম্পত্তি কৰ আদায় দিবলৈ বাকী থকা বুলি জানিবলৈ দি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই বৰ্তমানলৈ ২ লাখ হল্ডিং নম্বৰ এ পি ডি চি এলৰ বিলৰ সৈতে সংযোগ হোৱা বুলিও প্ৰকাশ কৰে৷ বৃহস্পতিবাৰে এখন সংবাদ মেল সম্বোধন কৰি জি এম চিৰ মেয়ৰ শৰণীয়াই মহানগৰীৰ বৃহৎ সংখ্যক  ফ্লেটৰ মালিকে অকুপেঞ্চী প্ৰমাণ পত্ৰ সংগ্ৰহ নকৰাৰ লগতে বিল্ডাৰেও অনুমতি অবিহনে বিল্ডিং নিৰ্মাণৰ অভিযোগ কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে৷ ইফালে গুৱাহাটীত ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ বাবদ জি এম চিৰে চলিত বিত্তীয় বৰ্ষত ২৭ কোটি টকা কৰ সংগ্ৰহ কৰা বুলি সদৰী কৰি ৫৪ হাজাৰ ব্যৱসায়ীয়ে অনুজ্ঞাপত্ৰ নবীকৰণ নকৰাৰো অভিযোগ কৰিছে জি এম চি কতৃৰ্পক্ষই৷