Logo
image

খানাপাৰাত প্ৰাকৃতিক কৃষি সন্দৰ্ভত ১৫ জিলাৰ কৃষিৰ ন’ডেল বিষয়াক প্ৰশিক্ষণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ খানাপাৰস্থিত কৃষি ভৱন চৌহদৰ উদ্যানশস্য তথা খাদ্য সংসাধন সঞ্চালকালয়ৰ অধীনৰ কৃষক প্ৰশিক্ষণ কেন্দ্ৰত শুকুৰবাৰে এদিনীয়াকৈ প্ৰাকৃতিক কৃষি সন্দৰ্ভত ৰাজ্যখনৰ নিৰ্বাচিত ১৫ খন জিলাৰ প্ৰাকৃতিক কৃষিৰ ন’ডেল বিষয়াসকলক সামৰি এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়৷

উদ্যমী কৃষক নিৰ্বাচন আৰু বিভাগীয় পৃষ্ঠপোষকতাত ফলপ্ৰসূ নীতি-নিৰ্দেশনা প্ৰস্তুতিৰ জৰিয়তে প্ৰাকৃতিক কৃষিৰ সফল ৰূপায়ণৰ উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ এই অনুষ্ঠানত উদ্যানশস্য বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ সঞ্চালক মৌচম হাজৰিকা, কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক খগেন শৰ্মা, কৃষি তথ্য বিষয়া মানৱজ্যোতি দাস, প্ৰাকৃতিক কৃষিৰ সহকাৰী ন’ডেল বিষয়া ড° ইমদাদ হুছেইন ঠাকুৰীয়া প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াই অংশগ্ৰহণ কৰে৷