Logo
image

নাৰী দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৱাহাটী মহানগৰ জিলা শাখাৰ আলোচনা চক্ৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ শিলপুখুৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৱাহাটী মহানগৰ জিলা শাখাৰ নামঘৰত শুকুৰবাৰে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৱাহাটী মহানগৰ জিলা শাখাৰ শিশু আৰু আইমাতৃ কল্যাণ শাখা সমিতিৰ উদ্যোগত এই আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰখন সঞ্চালনা কৰে শিশু আৰু আইমাতৃ সমিতিৰ কল্যাণ শাখাৰ সভাপতি প্ৰমিলা তালুকদাৰে। আলোচনা চক্ৰখন উদ্ধোধন কৰে সংঘৰ গুৱাহাটী মহানগৰ জিলা শাখাৰ উপদেষ্টা গুণপ্ৰভা দেৱীয়ে। 

উদ্বোধনী ভাষণত গুণপ্ৰভা দেৱীয়ে কয় -আমি আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি এই আলোচনা চক্ৰৰ আয়োজন কৰিছো। মূলতঃ নাৰী সৱলীকৰণ, নাৰী সমমৰ্যদাত আমি গুৰুত্ব আৰোপ কৰি আহিছো। আজিৰ নাৰী কোনো গুণে কোনো ক্ষেত্ৰতে পিছপৰি থকা নাই। নাৰীয়ে আমাৰ দেশত ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছে। আজিৰ নাৰীক অধিক সজাগ হৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনালোঁ।"

আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰ জিলা শাখাৰ সভাপতি হিৰেন্দ্ৰ নাথ ডেকা। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰ জিলা শাখাৰ সাধাৰণ সম্পাদক উৎপল ঠাকুৰীয়া, সংঘৰ কেন্দ্ৰীয় সদস্য সৰোজ মালি, প্ৰাক্তন সভাপতি চন্দ্ৰ প্ৰভা বৰুৱা প্ৰমূখ্যে বহু সংখ্যক আই-মাতৃ, বাপ-বান্ধৱ উপস্থিত থাকে।