Logo
image

ফাঁচীবজাৰৰ গুদামত ‘বন্দী’ চুৰাটৰ গামোচা

আমাৰ অসম, ১১ মাৰ্চঃ অসম চৰকাৰে পাৱাৰলুমত প্ৰস্তুত কৰা গামোছা তথা বস্ত্ৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতেই গুজৰাটৰ বস্ত্ৰ ব্যৱসায়ীৰ মাজত হাহাকাৰ লাগিছে৷ অসমৰ থলুৱা শিপিনী তথা ব্যৱসায়ীক সুৰক্ষা দিয়াৰ স্বাৰ্থক যন্ত্ৰ উৎপাদিত গামোছা বিক্ৰী বন্ধৰ নিৰ্দেশনা জাৰি কৰাৰ লগে লগে ৰাজ্য চৰকাৰৰ হস্ততাঁত বিভাগে ঠায়ে ঠায়ে পাৱাৰলুমৰ গামোছাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷ স্বাভাৱিকভাৱেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্দেশনাক লৈ এতিয়া শংকিত হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটৰ চুৰাটৰ বস্ত্ৰ ব্যৱসায়ীসকল৷ যাৰ বাবে গুজৰাট বস্ত্ৰ ব্যৱসায়ীসকলৰ যৌথ মঞ্চ ফেডাৰেচন অৱ গুজৰাট  ৱেভাৰছ ৱেলফেয়াৰ এছ’চিয়েশ্বনৰ আৰু চুৰাট টেক্সটাইল ট্ৰেডাৰ্ছ এছ’চিয়েশ্বন অসম চৰকাৰৰ নিৰ্দেশনাক লৈ কেন্দ্ৰীয় টেক্সটাইল মন্ত্ৰী দৰ্শনা জাৰদোছক আপত্তি দৰ্শাই হেঁচা প্ৰয়োগ কৰিছে৷ উল্লেখ্য, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৬০ শতাংশ বস্ত্ৰ গুজৰাটৰ চুৰাটৰ উদ্যোগসমূহে যোগান ধৰে৷ অসমৰ ওপৰতে চুৰাটৰ বস্ত্ৰ ব্যৱসায় বহুখিনি নিৰ্ভৰ কৰে৷ গামোছাৰ পৰা আৰম্ভ কৰি মেখালা চাদৰলৈ সকলো বস্ত্ৰৰ চাহিদা গুজৰাটে পূৰণ কৰি আহিছে৷ চুৰাটৰ বস্ত্ৰ ব্যৱসায়ী সংস্থাই প্ৰকাশ কৰা মতে প্ৰতিমাহে অসমত গড়ে ১০০ কোটি টকাকৈ ব্যৱসায় কৰে চুৰাটৰ বস্ত্ৰ উদ্যোগ সমূহে৷ অসম চৰকাৰে পাৱাৰলুমৰ বস্ত্ৰত পহিলা মাৰ্চৰ পৰা নিষেধাজ্ঞা আৰোপ কৰাৰ আগলৈকে অসমত ফাঁচী বজাৰৰ ব্যৱসায়ীক প্ৰায় ২০০ কোটি টকাৰ বস্ত্ৰ যোগান ধৰা বুলিও দাবী কৰিছে ব্যৱসায়ী সংস্থাটোৱে৷ চুৰাট টেক্সটাইল ট্ৰেডাৰ্ছ এছ’চিয়েশ্বনৰ সাধাৰণ সম্পাদক চম্পলাল বোথ্ৰাই সদৰী কৰা অনুসৰি আকস্মিক নিষেধাজ্ঞাৰ ফলত চুৰাটৰ বস্ত্ৰ ব্যৱসায়ত প্ৰায় ৫০০ কোটি টকা লোকচান হৈছে৷ ৰঙালীৰ বিহুৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়ীসকলে প্ৰায় ২০০০ কোটি টকা বিনিয়োগ কৰিছে যদিও অসম চৰকাৰৰ নিৰ্দেশনাই ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰা বুলিও অভিযোগ কৰিছে৷ ইফালে চুৰাটৰ ৱেভাৰছ ৱেলফেয়াৰ এছ’চিয়েশ্বনৰ সভাপতি অশোক জিৰাৱালাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাৱাৰলুমৰ বস্ত্ৰৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা বিষয়টো গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে হস্তক্ষেপ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও জানিবলৈও দিছে৷ স্বাভাৱিকতেই অসমৰ থলুৱা শিপিনীক সুৰক্ষা দিবলৈ দিছপুৰে আৰোপ কৰা নিৰ্দেশনাত গুজৰাট ৰাজ্যিক বিজেপিৰ সভাপতি চি আৰ পাটিলে হস্তক্ষেপ কৰাৰ আশ্বাস দিয়াৰ পাছতেই ৰহস্যজনকভাৱে অসম চৰকাৰে হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ পাৱাৰলুমৰ গামোছা বিৰোধী অভিযান স্থবিৰ হৈ পৰাৰ অভিযোগ উঠিছে৷ চুৰাটৰ বস্ত্ৰ ব্যৱসায়ী সন্থাই অসমত ২০০ কোটি টকাৰ বস্ত্ৰ মজুত থকা বুলি ৰাজহুৱাকৈ ঘোষণা কৰাৰ পাছতো অজ্ঞাত কাৰণত আজিলৈকে ফাঁচী বজাৰৰ ব্যৱসায়ীৰ গুদামত তালাচী নচলালে হস্ততাঁত সঞ্চালকালয়ে৷ ফাঁচী বজাৰৰ পৰা সমগ্ৰ অসমলৈ পাৱাৰলুমৰ বস্ত্ৰ প্ৰেৰণ কৰা হয় যদিও মন্ত্ৰী উৰ্খাও ব্ৰহ্মৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে ফাঁচী বজাৰৰ ব্যৱসায়ীৰ গুদামত তালাচী চলাবলৈ সাহস নকৰা বিষয়টোক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকে গোপন বুজাবুজিৰে ফাঁচী বজাৰৰ ব্যৱসায়ীক ৰেহাই দি মফছলীয় চহৰৰ খাটিখোৱা ব্যৱসায়ীসকলৰ পৰা পাৱাৰলুমৰ গামোছা জব্দ কৰি নাটক ৰচনা কৰা বুলিও অভিযোগ উঠিছে৷ আ(ৰ্যজনক বিষয়টো হৈছে ফাঁচী বজাৰত ২০০ কোটি টকা যন্ত্ৰ উৎপাদিত বস্ত্ৰ মজুত থকাৰ পাছতো হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে গুৱাহাটীত এতিয়ালৈ মাত্ৰ ৮৬ খন গামোছা আৰু ১৪৫ খন মেখেলা চাদৰ জব্দ কৰিবলৈ সক্ষম হৈছে৷ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ এনে নীতিয়ে মুখ্যমন্ত্ৰীয়ে বহিঃৰাজ্যৰ গামোছাত নিষেধাজ্ঞা আৰোপ কৰা নিৰ্দেশনাক লৈ সন্দেহ আৰু প্ৰশ্ন উত্থাপন হৈছে৷

অসমৰ শিপিনীৰ হাতে বোৱা কাপোৰ পৰীক্ষা কৰিবলৈ ৰাজ্যত নাই পৰীক্ষাগাৰ-যন্ত্ৰপাতি

অসমৰ বজাৰত উপলব্ধ হোৱা কাপোৰ অসমৰ শিপিনীয়ে তাঁতশালত বৈছে নে বাহিৰৰ পৰা পাৱাৰলুমৰ বস্ত্ৰ আমদানি হৈছে তাক পৰীক্ষা কৰি নিশ্চিত কৰাৰ বাবে ৰাজ্যত নাই কোনো পৰীক্ষাগাৰ বা যন্ত্ৰপাতি৷ এই পৰীক্ষাগাৰ স্থাপন নকৰা পৰ্যন্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে ৰাজ্যজুৰি বাহিৰৰ পৰা অহা পাৱাৰলুমত উৎপাদিত গামোছা বা মেখেলা চাদৰৰ বিৰুদ্ধে চলাই থকা অভিযান সাৰ্থক নহব৷ এই মন্তব্য শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত সমিতিৰ সম্পাদক ডঃ নিহাৰ ৰঞ্জন কলিতাই কয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰায় ১৬ লাখ শিপিনীৰ জীৱন - জীৱিকাৰ স্বাৰ্থত পাৱাৰলুমত উৎপাদিত কাপোৰৰ বিৰুদ্ধে চলাই অহা অভিযানক আমি সমিতিয়ে আদৰণি জনাইছো৷ কিন্ত অসমত হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগে অভিযানত জব্দ কৰা কাপোৰ পৰীক্ষা কৰাৰ বাবে পৰীক্ষাগাৰ নথকাত সেই কাপোৰৰ নমুনা ভাৰত চৰকাৰৰ হস্ততাত উন্নয়ন আয়ুক্তৰ অনুমোদিত উত্তৰ পূৱৰ বাবে কলকাতাত থকা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিবলগীয়া হয়৷ বিশেষকৈ পাৱাৰলুমৰ গামোছাবোৰ জব্দ কৰাৰ পিছত পৰীক্ষাৰ বাবে নমুনা কলিকতালৈ প্ৰেৰণ কৰা হয় যদিও সঠিক সময়ত তাৰ প্ৰতিবেদন নোপোৱাৰ বাবে অসাধু ব্যৱসায়ী সকল সাৰি যায়৷ সেয়েহে সংবাদমেল যোগে ৰাজ্যত এটা পৰীক্ষাগাৰ স্থাপনৰ বাবে আমি সমিতিয়ে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক দাবী জনাইছো৷ ডঃ কলিতাই সংবাদমেলত শুৱালকুচি তাত শিল্প উন্নয়ন সমিতিয়ে শুৱালকুচিৰ হস্ততাত আৰু বস্ত্ৰশিল্প আৰু সম্প্ৰতিক পৰিবেশ সন্দৰ্ভত বৰ্ণনা কৰে৷  শুৱালকুচিৰ হস্ততাতবস্ত্ৰ শিল্প এক বৃহৎ সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো৷ বহিৰাজ্যৰ নকল বস্ত্ৰই গ্ৰাস কৰিছে এই শিল্পক৷ আনহাতে সংবাদ মেলত সমিতিৰ আন এগৰাকী সম্পাদক বিপুল চন্দ্ৰ বৈশ্য, কৰ্মকৰ্তা ক্ৰমে নয়ন কাকতি, খনীন চন্দ্ৰ দাস আৰু বলেন দাসে ভাষণ প্ৰসংগত কয় শুৱালকুছিত উৎপাদিত বস্ত্ৰত ৰেছমৰ বিশুদ্ধতাৰ প্ৰমাণ পত্ৰ, শিপিনীৰ পৰিচয় থকা বাৰকোঅড আৰু ট্ৰেডমাৰ্ক পঞ্জীয়নকৃত ৩ডি হলগ্ৰাম এই তিনিটা চিহ্ন সংযোজন কৰা হৈছে কাপোৰবোৰত৷ এই চিহ্নৰ জৰিয়তে অসাধু ব্যৱসায়ীৰ নকল বস্ত্ৰৰ পৰা গ্ৰাহকসকল মুক্ত হব পাৰিব৷ পাৱাৰলুমৰ কাপোৰ পৰীক্ষা কৰিবৰ বাবে অসমত প্ৰতিখন জিলাতে একোটাকৈ কাপোৰ পৰীক্ষা যন্ত্ৰ স্থাপন কৰিব লাগে৷ বিধানসভাৰ চলিত বাজেট অধিবেশনত ইয়াৰ বাবে পূজি ধাৰ্য্য কৰিব লাগে৷ মুষ্টিমেয় কেইগৰাকীমান বৈদ্য়ুতিক যন্ত্ৰচালিত শালৰ উদ্যোগ চলাই থকা বৃহৎ পুজিপতি বণিয়াৰ ওচৰত নতশিৰ নহৈ অসমৰ ১৬ লাখৰো অধিক খিলঞ্জীয়া শিপিনীৰ পক্ষত থিয় দিবলৈ মুখ্যমন্ত্ৰীক আহ৩ান জনায় কৰ্মকৰ্তা সকলে৷  শিপিনীসকলৰ এই সমস্যা সম্পৰ্কে শীঘ্ৰে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ সমিতিয়ে পত্ৰ প্ৰেৰণ কৰিব বুলি কৰ্মকৰ্তা সকলে সদৰি কৰে৷