Logo
image

পুনৰ বৃদ্ধি টোলটেক্স

আমাৰ অসম, ১১ মাৰ্চঃ পৌৰ সম্পত্তি কৰ, ৰন্ধন গেছ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ পাছত এইবাৰ টোল টেক্স বৃদ্ধিৰ বাবে সাজু হৈছে চৰকাৰ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ তথা মেৰামতি সম্পূৰ্ণ নহ’লেও কৰ সংগ্ৰহেৰে নাগৰিকক কেঁকোৰা চেপা দিবলৈ এৰা নাই কেন্দ্ৰৰ বিজেপি চৰকাৰে৷ ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা আৰু বাণিজ্যিক দুয়োবিধ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে৷ কেন্দ্ৰৰ সমান্তৰালভাৱে অসম চৰকাৰেও বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ পাছত পৌৰ সম্পত্তি কৰ ঠাই বিশেষে ১০ শতাংশৰ পৰা ৮৮ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছে৷ এইবাৰ দেশৰ সৰ্বসাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই পহিলা এপ্ৰিলৰ পৰা কেন্দ্ৰীয়  চৰকাৰে বৃদ্ধি কৰিব টোল গেটৰ মাচুল৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে আগন্তুক বিত্তীয় বৰ্ষৰ প্ৰথমটোৰ দিন অৰ্থাৎ ১ এপ্ৰিলৰ পৰা টোলগেটৰ মাচুল ৫ শতাংশৰ পৰা ১০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ কথা ঘোষণা কৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নতুন নিৰিখ অনুসৰি ৰাজ্যৰ টোলগেট সমূহত বাণিজ্যিক বাহনৰ মাচুল ৬৫ টকাকৈ বৃদ্ধি পাব৷ তদুপৰি ব্যক্তিগত বাহনৰ মাচুলৰ ১৫ টকাকৈ বৃদ্ধি পাব৷ উদাহৰণ স্বৰূপে গুৱাহাটীৰ সমীপৱৰ্তী নাজিৰাখাট টোল প্লাজাত প্ৰতিখন চাৰিচকীয়া ব্যক্তিগত বাহন পাৰ হ’লে বৰ্তমান ১৩০ টকা মাচুল লয় যদি নতুন নিৰিখ অনুসৰি ১৪৫ টকা আদায় ল’ব৷ অনুৰূপ ধৰণে বাণিজিক বাহনৰো টোল মাচুল বৃদ্ধি পাব৷ ছাৰ্ভিচ লেনৰ সুবিধা নথকা টোল প্লাজাৰ ২০ কিলোমিাটাৰ ব্যাসাৰ্ধৰ এলেকাৰ বাহনৰ মাচুল ১০ শতাংশ ৰেহাই দিছিল যদিও এইসমূহ বাহনৰ ক্ষেত্ৰতো এতিয়াৰে পৰা মাচুল বৃদ্ধি পাব৷ কেৱল অসমেই নহয়, সমগ্ৰ দেশৰে টোল গেটৰ মাচুল বৃদ্ধিৰ নিৰ্দেশনা জাৰি কৰিছে এন এইচ এ আয়ে৷ উল্লেখ্য, পূৰ্বতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৬০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা টোলগেটসমূহক অবৈধ ঘোষণা কৰি ভাঙি পেলোৱা হ’ব বুলি সদৰী কৰিছিল৷ কেন্দ্ৰীয় মন্ত্ৰীজনৰ ঘোষণাৰ পাছতেই ঘাইপথ প্ৰাধিকৰণে নিয়ম ভংগ কৰি অসমত চাৰিখন টোলগেট নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছিল৷ সেই অনুসৰি মদনপুৰ আৰু নাজিৰাখাটত টোলগেটৰ মাজৰ ব্যৱধান ৫৯ কিলোমিটাৰ৷ দাহালপাৰা পাটগাঁৱত স্থাপন হোৱা টোলগেটৰ ব্যৱধান ৫৪ কিলোমিটাৰ, মিকিৰআটি আৰু ৰহা টোলগেটৰ মাজৰ ব্যৱধান ৫৩ কিলোমিটাৰ, গলিয়া আৰু দাহাল পাৰাত স্থাপন হোৱা টোলগেটৰ ব্যৱধান ৪৬ কিলোমিটাৰ বুলি প্ৰকাশ পাইছিল৷ নীতি বহিৰ্ভুতভাৱে চাৰিখন টোলগেট নিৰ্মাণ কৰাৰ পাছতো আজিলৈকে কোনো ব্যৱস্থা লোৱা দেখা নগ’ল কেন্দ্ৰীয় চৰকাৰক৷