Logo
image

মেট্ৰিকত পুনৰ গণ্ডগোল!সংগীতৰ পৰীক্ষাত নাই তবলাৰ প্ৰশ্ন

আমাৰ অসম, ১১ মাৰ্চঃ মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বেমেজালিৰ অন্ত পৰাৰ নাম নাই৷ প্ৰথম দিনাই পৰীক্ষা শেষ নৌহওঁতেই ইংৰাজীৰ প্ৰশ্নকাকত বাহিৰত বিয়পি পৰাৰ অভিযোগ, তাৰ পাছত অংকৰ প্ৰশ্নকাকত ‘লিক’ আৰু এইবাৰ ‘মিউজিক’ বিষয়ৰ প্ৰশ্নকাকতত বেমেজালিৰ অভিযোগ৷  শুকুৰবাৰে হৈ যোৱা ঐচ্ছিক বিষয় ‘মিউজিক’ৰ প্ৰশ্নকাকতৰ ২নং প্ৰশ্নটোত তবলাৰ প্ৰশ্ন পাঠ্যক্ৰমত থকা সত্ত্বেও সেই সন্দৰ্ভত প্ৰশ্ন নহা বুলি অভিযোগ উঠিছে৷ সেই প্ৰশ্নত ‘ভকেল’ বা ‘ইনষ্ট্ৰুমেণ্ট’ৰ বিষয়ে চমুটোকা লিখিবলৈ দিয়া হৈছে৷ কিন্তু তবলাৰ  পাঠ্যক্ৰম সন্দৰ্ভত কোনো প্ৰশ্ন নাই৷ ফলত তবলাৰ বিষয় পঢ়া পৰীক্ষাৰ্থীয়ে ২নং প্ৰশ্নৰ উত্তৰ লিখিবলৈ সমৰ্থ নহ’ল৷ অথচ তবলাৰ বিষয়টো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আছিল৷ ২নং প্ৰশ্নটোত নাইবা অৰ্থাৎ বিকল্পৰ কোনো সুযোগ দিয়া হোৱা নাই৷ এই প্ৰশ্নটোত মুঠতে ১০ নম্বৰ আছিল৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ৩ মাৰ্চত ইংৰাজীৰ প্ৰশ্নকাকত ‘লিক’ হোৱাৰ অভিযোগ উঠিছিল যদিও ছেবাই সেই অভিযোগ মানি লোৱা নাছিল৷ কিন্তু ৬ মাৰ্চত কাছাৰৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা জিলাখনৰ একাধিক কেন্দ্ৰত অংকৰ প্ৰশ্নকাকত ‘লিক’ হোৱাটো প্ৰতিপন্ন হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছেবাৰ সচিবক কাছাৰৰ অংক পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে৷