Logo
image

২ এপ্ৰিলত অসমলৈ কেজৰিৱাল

আমাৰ অসম, ১১ মাৰ্চঃ  অসমলৈ আহিব আম আদমি পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল৷ অসমত ৰাজনৈতিক ধুমুহা অনাৰ লক্ষ্যৰে ২ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেজৰিয়ালে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই নিৰ্বাচনী  ৰঙশিঙা বজাই গুৱাহাটীত এখন জনসভাত অংশ ল’ব আপৰ শীৰ্ষ নেতাজনে৷ অৰবিন্দ কেজৰিয়ালে অসমত দলীয় সাংগঠনিক কাম-কাজৰ বুজ লৈ ৰাজ্যিক নেতৃত্বৰে নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত  বৈঠকত মিলত হ’ব বুলিও জানিব পৰা গৈছে৷ ইতিমধ্যে অৰবিন্দ কেজৰিৱালৰ আগমণক লৈ আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে৷ অৱশ্যে অৰবিন্দ কেজৰিয়ালে সম্বোধন কৰিবলগীয়া জনসভাৰ স্থান নিৰ্ধাৰণ হোৱা নাই যদিও দলটোৰে প্ৰায় ২০ হাজাৰ সমৰ্থকৰ উপস্থিতি থকাৰ আশা ব্যক্ত কৰিছে৷ আপে খানাপাৰ খেলপথাৰত অৰবিন্দ কেজৰিয়ালৰ জনসভাত অনুষ্ঠিত কৰাৰ  মন মেলয়ে ৰঙালী মহোৎসৱৰ পূৰ্বৰ বন্দোবস্তিৰ বাবে কলেজ কতৃৰ্পক্ষই খেলপথাৰখনক আপক সভাৰ পতাৰ বাবে অনুমতি দিয়া নাই৷ যাৰ বাবে বিকল্প স্থানৰ সন্ধানত নামিছে ৰাজনৈতিক দলটোৱে৷ ইফালে পৌৰ নিগমৰ নিৰ্বাচনৰ পাছত আম আদমি পাৰ্টীয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে সাজু হৈছে৷ সেই লক্ষ্যৰেই আপৰ কেন্দ্ৰীয় মুৰব্বীজনে অসমত ভুমুকি মাৰিব বুলিও দলীয় সূত্ৰই সদৰি কৰিছে৷ অৱৱে অমৰিন্দ কেজৰিয়ালে অসমৰ নিৰ্বাচনী ৰণশিঙা বজাবলৈ অহাৰ প্ৰাকমুহূৰ্ততে আপৰ প্ৰথমগৰকাী নিৰ্বাচিত লখিমপুৰৰ ৱাৰ্ড পাৰিষদে বিজেপিত যোগদান কৰিলে৷