Logo
image

বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ মুৰ্গীৰ আমদানিত নিষেধাজ্ঞা

আমাৰ অসম, ১১ মাৰ্চঃ   ৰাজ্যত পুনৰ দাম বাঢ়িব পাৰে ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা অসমলৈ ব্ৰইলাৰ মুৰ্গীৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰিছে৷ উক্ত নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিততে অসমত পুনৰ ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দাম বঢ়াৰ আশংকা কৰা হৈছে৷ শেহতীয়াকৈ ব্ৰইলাৰ মুগীৰ্ৰ ক্ষেত্ৰত দেখা দিয়া এভিয়ান ইনফ্লুয়েঞ্জাৰ সংক্ৰমণৰ বাবেই ৰাজ্য চৰকাৰে অসমলৈ বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ মুৰ্গীৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰে৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি অসমৰ বিভিন্ন জিলাত দেখা দিছে এভিয়েন ইনফ্লুয়েঞ্জা নামৰ মাৰাত্মক ভাইৰাছ৷  ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা কৰি সতৰ্কতা অৱলম্বন কৰিছে৷ মুৰ্গীৰ পৰাই এই ভাইৰাছৰ সংক্ৰমণ ঘটে৷ এভিয়েন ইনফ্লুয়েঞ্জা যাতে অধিক বৃদ্ধি নহয় আৰু ইয়াক ৰোধ কৰিবলৈ ৰাজ্যৰ পশু পালন বিভাগে বৃহস্পতিবাৰে এক নিৰ্দেশনা জাৰি কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰে৷ কিন্তু  এই নিৰ্দেশনা জাৰি কৰাৰ পাছতো বৃহস্পতিবাৰে নিশা আৰু শুকুৰবাৰে পুৱা যথেষ্ট সংখ্যক মুৰ্গীৰ গাড়ী শ্ৰীৰামপুৰ হৈ অসমত প্ৰৱেশ কৰা বুলি এটা সূত্ৰই জানিবলৈ দিছে৷ অধিকাংশ মুৰ্গী গাড়ী পশ্চিমবংগৰ কোচবিহাৰ, আলিপুৰদুৱাৰ জিলাৰ উপৰি ঝাৰখণ্ড, বিহাৰৰ বিভিন্ন ফাৰ্মৰ পৰা আমদানি কৰা হৈছে৷