Logo
image

নগাঁৱত নৃশংস হত্যাকাণ্ডঃ পত্নীক হত্যা কৰি স্বামীয়ে পুতি থোৱাৰ সন্দেহ, পলাতক স্বামী নাৰায়ণ দাস

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ ডিমৰুগুৰিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। গাঁতৰ পৰা উদ্ধাৰ কৰা হ'ল এগৰাকী মহিলাৰ মৃতদেহ৷ নিজ স্বামীয়ে হত্যা কৰি মহিলাগৰাকীক পুতি থোৱাৰ সন্দেহ ৰাইজৰ। ইফালে হত্যাকাৰী স্বামী দুদিন ধৰি নিৰুদ্দেশ হৈ আছে। মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাম মমী দাস বুলি জানিব পৰা গৈছে। ৩০ বছৰ বয়সৰ মমী দাস নগাঁৱৰ নেচনেল একাডেমী নামৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল। তেওঁৰ স্বামী নাৰায়ণ দাস এজন সুৰাসক্ত লোক। ফাকুৱাৰ দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছিল মমী দাস। ডিমৰুগুৰিৰ কেঁচা আলিত শ্ৰমিকে মাটি খান্দিবলৈ আহি প্ৰত্যক্ষ কৰে মমী দাসৰ মৃতদেহ। 

মাটিৰ ওপৰত ওলাই থকা মৃতদেহৰ এখন হাত প্ৰত্যক্ষ কৰি শ্ৰমিকে চিঞৰ-বাখৰ কৰাত ৰাইজ গোট খাই আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে গাঁত খান্দি মমী দাসৰ মৃতদেহ উদ্ধাৰ কৰে। জানিব পৰা মতে, দুদিন ধৰি স্থানীয় লোকে দেখা নাই নাৰায়ণ দাসক। নাৰায়ণ দাস পেছাত ই-ৰিক্সা চালক। স্থানীয় লোকৰ মতে নাৰায়ণ দাসে প্ৰায়ে নিশা সুৰামত্ত অৱস্থাত পত্নীক মাৰধৰ কৰিছিল। পাৰিবাৰিক কন্দলৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।