Logo
image

ৰঙিয়াত আপৰ যোগদান কাৰ্যসূচীঃ প্ৰাক্তন আছু নেতাৰ যোগদান

ডিজিটেল সংবাদ, ৰঙিয়াঃ লোকসভা নিৰ্বাচনৰ লগতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰায়বোৰ দলে প্ৰস্তুতি আৰম্ভ কৰাৰ সময়তে আম আদমী পাৰ্টিয়েও সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যৰে শনিবাৰে দলটোৱে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সমষ্টিত আৰম্ভ কৰে এক যোগদান কাৰ্যসূচী। সমষ্টিটোৰ বৈদ্যগড়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতাৰ লগতে বিভিন্ন অঞ্চলৰ কেইবাগৰাকী ব্যক্তিয়ে যোগদান কৰে। এই যোগদান কাৰ্যসূচীত কমল কলিতা, বিকাশ কলিতা, জয়ন্ত ৰাজবংশীৰ লগতে কেইবাজনো আছুৰ প্ৰাক্তন নেতাই যোগদান কৰে৷ যোগদান কাৰ্যসূচীত আপৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী, উপ-সভাপতি জিতুল ডেকাৰ লগতে দলটোৰ কেইবাগৰাকী মহিলা নেত্ৰীও উপস্থিত থাকে।