Logo
image

শিলসাঁকোত আকৌ উচ্ছেদ? : বুলড’জাৰ চলিব ১৭৯ বিঘা মাটিত থকা জিঞ্জাৰ হোটেলসহ ১৭টা অভিজাত প্ৰতিষ্ঠানত

আমাৰ অসম, ১২ মাৰ্চঃ দিছপুৰে কাঢ়ি আনিব শিলসাঁকোত পূৰ্বৰ চৰকাৰে ১৭ প্ৰতিষ্ঠানক দিয়া ১৭৯ বিঘা ভূমি৷ শিলসাঁকোৰ বেদখলকাৰী খিলঞ্জীয়া লোককহে চৰকাৰে উচ্ছেদ কৰে বুলি অভিযোগ উত্থাপন হৈ আহিছিল যদিও এইবাৰ চৰকাৰী তথা ৰাজহুৱা প্ৰতিষ্ঠানৰ অট্টালিকাত বুলড’জাৰ চলোৱাৰ বাবে সাজু হৈছে দিছপুৰ৷ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত ১৭টা প্ৰতিষ্ঠানক আবণ্টন দিয়া মুঠ ১৭৯ বিঘা ১৭ লেচা ভূমি অধিগ্ৰহণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে৷ চৰকাৰে ভূমি অধিগ্ৰহণ কৰিবলগীয়া প্ৰতিষ্ঠানসমূহৰ ভিতৰত টাটা গ্ৰুপৰ তাৰকাযুক্ত জিঞ্জাৰ হোটেল থকাৰ কথা বিভাগীয় মন্ত্ৰী অশোক সিংঘালে জানিবলৈ দিছে৷ পূৰ্বৰ অগপ চৰকাৰৰ দিনতে হোটেলত মেনেজমেণ্টৰ শৈক্ষিক প্ৰতিষ্ঠানৰ নামত আবণ্টন দিয়া ২০ বিঘা ভূমিকো অধিগ্ৰহণ কৰিব চৰকাৰে৷ ইয়াৰোপৰি অসম সাহিত্য সভা (৫০ বিঘা), সদৌ অসম টেনিছ এছ’চিয়েশ্বন (৫ বিঘা), দঃ কোঃ মেনেজমেণ্ট (৫ বিঘা), তিতাবৰ ভৱন (১ বিঘা), কোচ ৰাজবংশী সন্মিলনী (১ বিঘা), মাধ্যমিক শিক্ষক সংস্থা (১ বিঘা), অমিয় কুমাৰ দাস ইনষ্টিটিউট (২ বিঘা), সদৌ অসম মৈত্ৰী ক’ৰ্ডিনেচনেল পৰিষদ (১ বিঘা), হাইস্কুল (৬ বিঘা, ২ কঠা ৫ লেচা), অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ (১ বিঘা), হেঙেৰাবাৰী জুনিয়ৰ কলেজ (৩ বিঘা), নেচনেল ইনষ্টিটিউট টেলিভিচন আৰু থিয়েটাৰ (১ বিঘা), অসম বিধানসভাৰ সচিবালয়ৰ বিষয়া আৱাস গৃহ (৫০ বিঘা), টেপুৰাম টেৰণ হাইস্কুল (৭ বিঘা), টি ভি চেণ্টাৰ আৱাসগৃহ (২০ বিঘা) আৰু জীৱ-জন্তুৰ চিকিৎসালয়ৰ (৫ বিঘা) ভূমিও অধিগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনক ভূমি অধিগ্ৰহণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷ উল্লেখ্য, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে শিলসাঁকোৰ ২০০ মিটাৰ ব্যাসাৰ্ধত উচ্ছেদ অভিযানে সামৰি লৈছে৷ ৩৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও বৰ্তমানলৈ ২২৩ বিঘা ভূমিত থকা ২৬৯টা নিৰ্মাণ কাৰ্য উচ্ছেদ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত ৩২টা আৰ চি চি বিল্ডিং, ১২৫টা অসম আৰ্হিৰ ঘৰ, ১০৬টা চালিঘৰ, ৪টা মন্দিৰ, ১টা মছজিদ আৰু এটা নামঘৰ উচ্ছেদ কৰিছে৷ ইফালে ন্যায়ালয়েও শিলসাঁকোত প্ৰশাসনে চলোৱা উচ্ছেদ কাৰ্যত হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰি দিয়াৰ পাছতেই শিলসাঁকোৰ অৱশিষ্ট বেদখলকৃত ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈ মহানগৰ প্ৰশাসন৷