Logo
image

ইডি হ’বগৈ মহাশক্তিধৰ

আমাৰ অসম, ১২ মাৰ্চঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে এজনৰ পাছত এজনকৈ বিৰোধীৰ শক্তিশালী নেতাক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জৰিয়তে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আনকি শয্যাগত নেতাকো জেৰা কৰিবলৈ এৰা নাই৷ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চি বি আই, নিয়াৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক মোদী চৰকাৰে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ সৰ্বত্ৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে এইবাৰ অধিক শক্তিশালী কৰা হ’ল এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ‘ইডি’ক৷ অৰ্থাৎ ‘ইডি’ৰ ক্ষমতা পূৰ্বতকৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ অৰ্থনৈতিক অপৰাধ অনুসন্ধানকাৰী সংস্থাটোৰ এইবাৰ নতুন লক্ষ্য হ’ব পলিটিকেলী এক্সপ’জড পাৰ্ছন চমুকৈ পি ই পি৷ কেন্দ্ৰীয় চৰকাৰে বিগত জ্জ মাৰ্চত এখন ৰাজপত্ৰিত জাননীৰ জৰিয়তে অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ অধিনিয়ম ২০২৩ত এটা নতুন দফা সংযোজন কৰিছে৷ নতুন দফা অনুসৰি অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইনৰ আউটিলৈ আহিব মুখ্যমন্ত্ৰী, ন্যায়াধীশ, সেনা বিষয়া, আমোলাকে ধৰি ৰাজনৈতিক নেতাও৷ অৰ্থাৎ অধিসূচনাখনৰ জৰিয়তে নতুনকৈ সংযোজন কৰা দফাটোত পলিটিকেলী এক্সপ’জড পাৰ্ছনক সামৰি ল’ব৷ আনকি পলিটিকেলী এক্সপ’জড পাৰ্ছনৰ সংজ্ঞাও নিৰ্ধাৰণ কৰিছে৷ সেই অনুসৰি যিসকল ব্যক্তিয়ে বিদেশী পুঁজিৰ দ্বাৰা পৰিচালিত সংস্থাৰ হৈ ৰাজহুৱা কাম-কাজত জড়িত হৈ আছে৷ অৰ্থাৎ তেওঁলোক বিদেশী পুঁজিৰে লালিত-পালিত স্বেচ্ছাসেৱী সংস্থাত নিয়োজিত চৰকাৰৰ মুৰব্বী, ন্যায়াধীশ, সামৰিক বিষয়া, আমোলা আৰু জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তৰ্ভুক্ত হ’ব পাৰে৷ নতুন নিয়ম মতে সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানসমূহে বিদেশী পুঁজি লাভ কৰা স্বেচ্ছাসেৱী সংস্থাৰ সৈতে সম্পৰ্ক থকা পলিটিকেলী এক্সপ’জড পাৰ্ছনৰ জমা-খৰচৰ সকলো লেনদেনৰ হিচাপ সংৰক্ষণ ৰাখিব লাগিব৷ প্ৰতিটো বিত্তীয় প্ৰতিষ্ঠানে স্বেচ্ছাসেৱী সংগঠনৰে জড়িত ব্যক্তিসকলৰ  সবিশেষ তথ্য নিটি আয়োগৰ দৰ্পণ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব৷ আনকি বেংকসমূহেও উক্ত পঞ্জীয়নৰ ৰেকৰ্ড গ্ৰাহক বা প্ৰতিষ্ঠানটোৰ সৈতে ব্যৱসায়িক সম্পৰ্ক বন্ধ হোৱাৰ পাছতো ৫ বছৰলৈ সংৰক্ষণ কৰি ৰাখিব লাগিব৷ আনকি স্বেচ্ছাসেৱী সংস্থাৰ তালিকাত ন্যাস, দাতব্য সংস্থা আৰু ছ’চাইটীসমূহো সামৰি ল’ব৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বিদেশী সাহায্য লাভ কৰা স্বেচ্ছাসেৱী সংস্থাসমূহৰে জড়িত এনে লোকসকল পূৰ্বতে অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইনৰ অধীনলৈ অহা নাছিল৷ ফলত নতুন সংশোধনীৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা সংশ্লিষ্ট ব্যক্তিসকল এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ‘ইডি’ৰ গোচৰত তদন্তৰ আউটিলৈ আহিব৷ তদুপৰি বিত্তীয় প্ৰতিষ্ঠানসমূহে এনে ব্যক্তিৰ কে ৱাই চিৰ বাহিৰেও অতিৰিক্ত হিচাপ-নিকাচো ৰাখিব লাগিব৷ সাধাৰণতে কি কামৰ বাবে ধন ব্যয় কৰা হৈছে, সেই হিচাপ বিত্তীয় প্ৰতিষ্ঠানসমূহে ৰখা নাছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনাৰ পাছত অতিৰিক্ত সকলো ধনৰ লেনদেনৰ হিচাপ বিত্তীয় প্ৰতিষ্ঠানসমূহে ৰখাটো বাধ্যতামূলক হৈ পৰিছে৷ ইয়াৰ বাহিৰেও যিবোৰ ধৰ্মীয় সংস্থাই শিক্ষাৰ প্ৰসাৰ বা স্বাস্থ্য সেৱাৰ বাবে কাম কৰি আছে, তেওঁলোকৰ বাবেও ধনৰ সবিশেষ হিচাপ ৰখাটো বাধ্যতামূলক হৈ পৰিব৷ উল্লেখ্য, প্ৰিভেনশ্বন অৱ মানি লণ্ডাৰিং এক্টৰ অধীনত ভাৰতত তদন্ত কৰে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট অৰ্থাৎ ‘ইডি’য়ে৷ এতিয়া এই আইনৰ পৰিসৰ বৃদ্ধিৰ লগে লগে ‘ইডি’ৰ ক্ষমতাও বৃদ্ধি পাব৷ ‘ইডি’য়ে আনকি ন্যায়াধীশৰ বিৰুদ্ধে তদন্ত কৰাৰো ক্ষমতা লাভ কৰিব৷ স্বাভাৱিকতেই ‘ইডি’ৰ ক্ষমতা বৃদ্ধিয়ে সাম্প্ৰতিক প্ৰেক্ষাপটত বিশেষ তাৎপৰ্য বহন কৰিছে৷