Logo
image

গাহৰি-কুকুৰাৰ আমদানি নিষিদ্ধঃ পশুপালনমন্ত্ৰী অতুল বৰাৰ ঘোষণা

আমাৰ অসম, ১২ মাৰ্চঃ দেশৰ বিভিন্ন ৰাজ্যত গাহৰিত  আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু কুকুৰাৰ এভিয়ান ইনফ্লুয়েঞ্জাৰ সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত অসমলৈ বহিঃৰাজ্যৰ গাহৰি আৰু কুকুৰাৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ অসমৰ গাহৰিপালক আৰু কুকুৰাপালকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমলৈ গাহৰি আৰু কুকুৰা আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ শনিবাৰে জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে পশুপালন মন্ত্ৰী অতুল বৰাই৷ সংবাদমেলত মন্ত্ৰী বৰাই আৰু কয়– অসমে আজিৰ তাৰিখত পশুপালনৰ ক্ষেত্ৰত আশাব্যঞ্জকভাৱে আগবাঢ়িছে৷ গাহৰি, কুকুৰাপালন আৰু কণী উৎপাদনত অসমে নিজৰ ভৰিত ঠিয় দিবলৈ সাজু হৈছে৷ মুখ্যমন্ত্ৰীৰ ধবজাবাহী আঁচনিৰ জৰিয়তে ইতিমধ্যে বিভাগে বছৰি ৩০ লাখ গাহৰি, দৈনিক ৫০ লাখ কণী উৎপাদনৰ লক্ষ্য লৈছে৷ শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজ্যত দেখা দিয়া গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু কুকুৰাৰ এভিয়ান ইনফ্লুৱেঞ্জাৰ সংক্ৰমণক আমাৰ ৰাজ্যখনত বাধা দিয়াৰ লগতে থলুৱা গাহৰি আৰু কুকুৰা পালকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অসম চৰকাৰে বাহিৰৰ ৰাজ্যসমূহৰপৰা অসমলৈ গাহৰি আৰু কুকুৰাৰ পৰিবহণত প্ৰতিবন্ধকতা আৰোপ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী নেতৃত্বত আমাৰ চৰকাৰে গাহৰি আৰু কুকুৰা পালন খণ্ডৰ বিকাশ আৰু পশুপালকসকলৰ সৰ্বাংগীণ কল্যাণ নিশ্চিতকৰণৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে৷ আমাৰ লক্ষ্য হৈছে– এখন আত্মনিৰ্ভৰ অসম, য’ত পশুপালন খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ থল আছে৷ এই দিশত যুৱপ্ৰজন্মৰ সক্ৰিয় ভূমিকা হ’ব পাৰে সুদূৰপ্ৰসাৰী৷ উল্লেখ্য, পশুপালকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে শনিবাৰে জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলৰ লগতে গাহৰি আৰু কুকুৰা পালনৰ সৈতে জড়িত সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মন্ত্ৰী বৰা৷ অসমত গাহৰি আৰু কুকুৰা পালন খণ্ডৰ বিকাশ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে পশুপালকসকলে সন্মুখীন হোৱা সমস্যাৰাজিৰ বিষয়ে বৈঠকত বিতংভাৱে আলোচনা কৰা হয়৷ অসম চৰকাৰৰ শেহতীয়া নিৰ্দেশ অনুসৰি অসমলৈ বহিঃৰাজ্যৰপৰা গাহৰি আৰু কুকুৰাৰ পৰিবহণত বাধা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত গাহৰি আৰু কুকুৰাৰ মাংসৰ যাতে মূল্যবৃদ্ধি নঘটে, সেই সন্দৰ্ভতো সময়োচিত পদক্ষেপ হাতত ল’বলৈ বিভাগীয় বিষয়াসকলৰ লগতে সংশ্লিষ্ট সংস্থাসমূহক আহ্বান জনালোঁ৷ বৈঠকত লগতে উপস্থিত থাকে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব অভিজিৎ বৰুৱা, সচিব তথা সঞ্চালক ইন্দিৰা কলিতা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালন সঞ্চালক অনিল দেউৰী, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আন বিষয়াসকল, নৰ্থ-ইষ্ট প্ৰগ্ৰেছিভ পিগ্‌ ফাৰ্মাৰ্ছ এছ’চিয়েচনৰ সভাপতি মনোজ বসুমতাৰী, সদৌ অসম গাহৰিপালক সন্থাৰ সম্পাদক ভবেন গগৈ আৰু হাঁহ কুকুৰা ফেডাৰেচনৰ সভাপতি পংকজলাল গগৈ আৰু সংস্থাকেইটাৰ অন্যান্য বিষয়ববীয়াসকল৷