Logo
image

নিঃশেষ হোৱাৰ দিশে জামুগুৰিহাটৰ বেঙুনীয়া ফুলৰ দলিচাঃ একাংশই ফুলৰ ওপৰত চলাইছে বাইক, স্কুটী

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ প্ৰকৃতিৰ উপহাৰ জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ পথাৰত ফুলি থকা গুলপীয়া-বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলবোৰ এতিয়া মানুহৰ অত্যাচাৰৰ ফলত নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে। জামুগুৰিহাটৰ বৰাচুকৰ ধেমাজি পথাৰত বিস্তৃত এলেকাজুৰি ফুলি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ আকৃতিৰ এই গুলপীয়া-বেঙুনীয়া ফুলৰ দৃষ্টিনন্দন শোভাই সকলোকে হাতবাউলি মাতিছে পথাৰখনলৈ। বনৰীয়া ফুলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দৈনিক শ শ লোকৰ আগমন ঘটিছিল যদিও একাংশ লোকে ফুলৰ ওপৰত চলোৱা অত্যাচাৰৰ ফলত বনৰীয়া ফুলৰ দলিচাখন এতিয়া নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে। 

ছেলফি উঠিবলৈ গৈ একাংশ যুৱক-যুৱতীয়ে ফুলবোৰ ভৰিৰে গচকি মোহাৰি অনিষ্ট সাধন কৰিছে। একাংশই ফটো উঠিবলৈ গৈ ফুলৰ ওপৰত খোজ কঢ়া, ফুল ছিঙা কাৰ্য কৰিবলৈ লোৱাত ফূলবোৰৰ আধা অংশই এতিয়া মৰহি গৈছে। কিছুসংখ্যক যুৱকে আকৌ ফুলৰ ওপৰত বাইক, স্কুটী চলোৱাও দেখিবলৈ পোৱা গৈছে। যাৰ বাবে এতিয়া প্ৰকৃতিয়ে উপহাৰ দিয়া অপৰূপ সৌন্দৰ্য বনৰীয়া ফুলৰ বাগিচাখন নিঃশেষ হোৱাৰ পথত গতি কৰিছে। জামুগুৰিহাটৰ পশ্চিমাঞ্চলত নৱনিৰ্মিত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ দেখিবলৈ পোৱা এই ফুলৰ ওপৰত একাংশ লোকৰ অত্যাচাৰ দেখি চিন্তিত হৈ পৰিছে জামুগুৰিহাটৰ সচেতন তথা প্ৰকৃতিপ্ৰেমী৷ এক কথাত ক'বলৈ গ'লে প্ৰকৃতিয়ে আমাক যিয়ে উপহাৰ নিদিয়ক কিয় জীৱশ্ৰেষ্ঠ হৈও আমি প্ৰকৃতিৰ উপহাৰ নিমিষতে ধ্বংস কৰি পেলাও৷