Logo
image

৬ মহিলালৈ বিশেষ সন্মান

আমাৰ অসম, ১২ মাৰ্চঃ ছগৰাকী মহিলালৈ বিশেষ সন্মান৷ ইয়াৰে চাৰিগৰাকীলৈ আগবঢ়োৱা হৈছে সদিচ্ছা বঁটা৷ এগৰাকীয়ে লাভ কৰিছে আই পদ্মপ্ৰিয়া বঁটা৷ এগৰাকী যুৱতী সাংবাদিকলৈ আগবঢ়োৱা হৈছে বিশেষ বঁটা৷ উল্লেখ্য, আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে গুৱাহাটীৰ চানমাৰি কলনীস্থিত পেঞ্চনাৰ ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪ গৰাকী বিদুষী মহিলাক ‘সদিচ্ছা বঁটা ২০২৩’ প্ৰদান কৰা হয়৷ স্বেচ্ছাসেৱী সংগঠন সদিচ্ছাই বিগত তিনিবছৰ ধৰি বিভিন্ন ক্ষেত্ৰৰ নাৰীলৈ বঁটা প্ৰদান কৰি আহিছে৷ শনিবাৰে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্য হাজৰিকা,  কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, বিশিষ্ট শিল্পী মনীষা হাজৰিকা, জ্যেষ্ঠ সাংবাদিক, সদিচ্ছাৰ মুখ্য উপদেষ্টা প্ৰণয় বৰদলৈ আৰু অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়া, সদিচ্ছাৰ উপদেষ্টা গায়ত্ৰী বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে৷  

এইবছৰৰ অৰুণা বৰুৱা সোঁৱৰণি সদিচ্ছা সমাজসেৱা বঁটা দেহ ব্যৱসায়ত লিপ্ত প্ৰায় ৩, ০০০ মহিলাক সংস্থাপনৰ দিহা কৰা গল্ড স্বেচ্ছাসেৱী সংগঠনৰ কাৱেৰী শৰ্মাক প্ৰদান কৰা হয়৷ ইফালে বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক মঞ্জু বৰাক প্ৰদান কৰা হয় আৰাধনা বৰুৱা সোঁৱৰণি সদিচ্ছা সাংস্কৃতিক বঁটা ২০২৩৷ মিনতি বৰুৱা সোঁৱৰণি সদিচ্ছা সাহিত্য বঁটা ২০২৩ লাভ কৰে বিশিষ্ট সাহিত্যিক লীনা শৰ্মাই৷  সদিচ্ছা উদ্যোগী বঁটা ২০২৩ বঁটা ‘এলফ্ৰেস্ক’ গ্ৰেণ্ড’ জাহাজত নৌকা বিহাৰৰে অসমত নৌকা পৰ্যটনত অগ্ৰণী ভূমিকা লোৱা শান্তি দলেক প্ৰদান কৰা হয়৷ বঁটা প্ৰাপকসকলক ফুলাম গামোচা, অংগ বস্ত্ৰ, ফুলৰ কলি, স্মাৰক ট্ৰফীৰ লগতে ১০, ০০০ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়৷ একেটা অনুষ্ঠানতে উদীয়মান সাংবাদিক জবা দাসক দিয়া হয় ‘সদিচ্ছা সাংবাদিক সন্মান’, ২০২৩৷ ‘সদিচ্ছা’ৰ সভাপতি মনালিছা বৰুৱাই আদৰণি ভাষণ আগবঢ়াই সদিচ্ছাৰ যাত্ৰাপথত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনায়৷ ভাষণ প্ৰসংগত সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাই ‘সদিচ্ছা’ৰ প্ৰয়াসৰ শলাগ লয়৷ 

ইফালে, আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লেখিকা সংস্থা, অসমৰ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সভা অনুষ্ঠিত হয়৷ এই সভাতে ২০১৬ চনৰ পৰা প্ৰতিষ্ঠা কৰা অসমৰ প্ৰথম মহিলা বৈষ্ণৱ কবি- গীতিকাৰ ‘আই পদ্মপ্ৰিয়া’ৰ নামত ‘আই পদ্মপ্ৰিয়া বঁটা’ প্ৰদান কৰা হয় শুৱালকুছি নিবাসী বিশিষ্ট সমাজ সেৱিকা, শংকৰী সংস্কৃতিৰ একান্ত অনুৰাগী, গীতিকাৰ কনকলতা দাসক৷ এই বঁটাত আছে এখন অভিনন্দনপত্ৰ, অঙ্গবস্ত্ৰ, ধনৰাশি, ফুলৰ তোৰা, জাপি আৰু গ্ৰন্থসম্ভাৰ৷ এই উপলক্ষে অনুষ্ঠিত সভাখন সংস্থাৰ সভাপতি মৃদুলা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷  সভাখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা সন্থাৰ মুখ্য উপদেষ্টা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে৷ বিশিষ্ট কবি মীৰা ঠাকুৰে বঁটা প্ৰদান কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷ সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি বিশিষ্ট কবি, লেখিকা, আদৰ্শ মাতৃ মৃণালিনী দেৱীয়ে নাৰী দিৱসৰ তাৎপৰ্য ব্যক্ত কৰে৷ বঁটা প্ৰাপক কনকলতা দাসে বঁটা গ্ৰহণ কৰি সংস্থাক ধন্যবাদ জনায়৷ সভাত ‘নন্দিনী’ আলোচনীৰ সম্পাদক মাইনী মহন্ত উপস্থিত থাকি বহু মূল্যবান বক্তৃতা প্ৰদান কৰে সভাত এই বঁটা দাতা পৰিয়ালৰ হৈ অৰুণা বড়া আৰু পৰিয়ালবৰ্গ উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে প্ৰধান সম্পাদক বিজয়া দেৱদাসে আদৰণি ভাষণ আগবঢ়ায় আৰু খ্যাতি তৃষ্ণা নাথৰ বৰগীত পৰিবেশনেৰে সভাৰ শুভাৰম্ভ কৰা হয়৷