Logo
image

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চি আই ডিৰ সফল অভিযানঃ একাউণ্টৰ পৰা লুটি নিয়া ধন উদ্ধাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে  চি আই ডিয়ে সফল অভিযান চলাই কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে চি আই ডি। অনলাইনযোগে প্ৰৱঞ্চনাৰ জাল পেলোৱা এটা চক্ৰৰ পৰা চি আই ডিয়ে ওভতাই আনিবলৈ সক্ষম হৈছে ৮০ হেজাৰ টকা। চি আই ভিয়ে এটা বিবৃতিযোগে প্রকাশ কৰিছে এই কথা। যোৱা ৭ মাৰ্চত পুলক নাথ নামৰ লোক এজনৰ এছ বি আই একাউণ্টৰ পৰা অনলাইন প্ৰবঞ্চকে উলিয়াই নিছিল এই বৃহৎ পৰিমাণৰ ধন। তেওঁ চিটিজোন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপাৰ্টি 'এণ্ড মেনেজমেন্ট ছিষ্টেমৰ হেল্প লাইন নম্বৰ ১৯৩০ যোগে অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত চি আই ডিয়ে এছ বি আই কৰ্তৃপক্ষৰ সৈতে মিলি ধন উলিয়াই নিয়া একাউণ্ট বিচাৰি উলিয়ায়। এছ বি আইৰ এটা একাউণ্টৰ লগতে মুঠ চাৰিটা বেংকৰ চাৰি একাউণ্টৰ জৰিয়তে পুলক নাথৰ পৰা ধনখিনি প্ৰবঞ্চকে উলিয়াই নিয়াটো নিশ্চিত হয়। লগে লগে একাউণ্টকেইটা বন্ধ কৰি দিয়ে। সংশ্লিষ্ট বেংকৰ সৈতে যোগাযোগ কৰি চি আই ডিয়ে ধন ঘূৰাই অনাৰ ব্যৱস্থা লয়। 

অভিযোগকাৰী নাথৰ একাউণ্টত ধনখিনি ৰখাৰ ব্যৱস্থা কৰিব চি আই ডিয়ে। বিবৃতিটোত চি আই ডিয়ে ৰাইজক কোনো কাৰণতে কাকো অ পি. ডি,  ভিভি, পিন নাইবা পাছৱৰ্ড প্ৰদান নকৰিবলৈ আহ্বান জনাইছে। ফাইনেন্সিয়েল চাইবাৰ প্ৰৱঞ্চনাৰ বলি হ'লে ১৯৩০ নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ আৰু cybercrime.gov.in পৰ্টেলত এফ আই আৰ দাখিল কৰিবলৈ চি আই ডিয়ে আহ্বান জনাইছে।