Logo
image

অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুঃ অংশ ল'ব কাজিৰঙা গজ মহোৎসৱত

ডিজিটেল সংবাদ, কাজিৰঙাৰ প্ৰতিবেদকঃ দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু। এই কথা জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই। সঞ্চালকগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে আগন্তুক  ৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত অংশ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে। জানিব পৰা মতে, ভাৰতৰ বন মন্ত্ৰালয়ে ১৯৯২ চনত গঠন কৰা প্ৰজেক্ট এলিফেণ্টৰ অধীনত এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে গজ মহোৎসৱ অনুষ্ঠিত কৰা হব । এই গজ মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু। গজ মহোৎসৱত অংশগ্ৰহণ কৰাৰ উপৰিও ৰাষ্ট্ৰপতি মূৰ্মুই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিব বুলি জানিব পৰা গৈছে। 

বিভাগীয় সূত্ৰে জানিব পৰা মতে, ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কাজিৰঙা নেচনেল পাৰ্ক হাই স্কুলৰ খেলপথাৰ, গেলেকী ৰাজহুৱা খেলপথাৰ আৰু পানবাৰী কৃষি নিগমৰ ভূমি বিভাগীয় উচ্চ স্তৰীয় দলে ইতিমধ্যে পৰিদৰ্শন কৰিছে যদিও কোন স্থানত গজ মহোৎসৱ হ'ব সেয়া ঠিৰাং হোৱা নাই। কাজিৰঙাৰ বিভিন্ন স্থানত গজ মহোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব যদিও উচ্চস্তৰীয় বৈঠকৰ পাছতহে স্থান সমূহ নিৰূপণ কৰা হ’ব বুলি মন্তব্য কৰে সঞ্চালক যতীন শৰ্মাই ৷ প্ৰজেক্ট এলিফেণ্ট অৰ্থাৎ হস্তী প্ৰকল্পৰ উদ্যোগত আৰু দেশৰ কেইবাটাও আগশাৰী বেচৰকাৰী স্বেচ্ছা সেৱী সংগঠনৰ সহযোগত ৰাইজৰ মাজত হাতী সংৰক্ষণৰ সজাগতা বৃদ্ধি তথা হাতীৰ বিভিন্ন সমস্যা, বাসস্থান, বিচৰণ ভূমি, খাদ্য, হাতীৰ বুলনি সংৰক্ষণকে আদি কৰি বিভিন্ন বিষয় আলোচনা কৰা হব। 

কাজিৰঙাৰ এই গজ মহোৎসৱ দুটা ভাগত বিভক্ত কৰি অনুষ্ঠিত কৰা হব।  আলোচনা চক্ৰ, কথোপকথন, গৱেষণা পত্ৰ পাঠ, কৰ্মশালা আদি অনুষ্ঠিত কৰাৰ লগতে ৰাজহুৱা স্থানত বিভিন্ন কাৰ্যসূচীৰে আন এক অনুষ্ঠান অনুষ্ঠিত কৰিব। উল্লেখ্য, কাজিৰঙাত ২০০২ চনত প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে  কাজিৰঙা হস্তী মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল। এই মহোৎসৱৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে  দেশ-বিদেশত যথেষ্ট প্ৰচাৰ হৈছিল আৰু কাজিৰঙালৈ দেশ-বিদেশৰ পৰ্যটকৰ আগমনো সাংঘাতিকভাৱে বৃদ্ধি পাইছিল। যাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই বহু ৰাজহ সংগ্ৰহ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া লোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বীতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ পূৰ্বে এই মহোৎসৱ সাতবাৰকৈ অনুষ্ঠিত হোৱাৰ পিছতো প্ৰশাসন আৰু চৰকাৰৰ অমনোযোগিতাৰ বাবেই বন্ধ হৈ যায়। আনহাতে বিভাগীয় সূত্ৰে জানিব পৰা মতে, এই গজ মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ হস্তী বিশেষজ্ঞ, প্ৰকৃতি প্ৰেমী, বিজ্ঞানী আদিৰ সমাগম ঘটিব৷ উল্লেখ্য, দেশত মুঠ ৮৮ টা এলিফেণ্ট কৰিডৰ অৰ্থাৎ হস্তী বুলনি আছে। হাতীৰ বিচৰণত যাতে বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই এলিফেণট কৰিডৰবোৰ মুক্ত কৰি ৰখা অতি প্ৰয়োজন হৈ পৰিছে। ৰাজ্যখনৰ ভিতৰত কাজিৰঙা-কাৰ্বি আংলং এক গুৰুত্বপূৰ্ণ এলিফেণ্ট কৰিডৰ হিচাপে চিহ্নিত হৈ আছে। দিনক দিনে এই এলিফেণ্ট কৰিডৰ এচাম প্ৰকৃতি ধ্বংসকাৰী লোকে বিনষ্ট কৰি আহিছে। ফলত হাতী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পাব ধৰিছে। কাজিৰঙাত অনুষ্ঠিত হ'ব লগা গজ মহোৎসৱত এই বিষয়বোৰে এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব বুলিও জানিব পৰা গৈছে ।