Logo
image

আজিৰ পৰা গুৱাহাটীত পুনৰ জি-২০ৰ বিশেষ বৈঠক

আমাৰ অসম, ১৩ মাৰ্চঃ আজিৰ  পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব জি-২০ অৰ এছ এ আই-২০ শীৰ্ষক বৈঠক৷ বৈঠকত এছ এ আই ইণ্ডিয়াই নীল অৰ্থনীতি আৰু দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত ধাৰণ কৰা বিষয়বস্তু উপস্থাপন কৰিব৷ জি-২০ৰ সদস্য এছএআইসমূহৰ অভিজ্ঞতাৰ আদান প্ৰদান হ’ব এই বৈঠকত৷ জি-২০ৰ সদস্য দেশ, অতিথি দেশ  আৰু আন আন আন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিসকলে এই এছএআই-২০ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ অষ্ট্ৰেলিয়া, ব্ৰাজিল, ইজিপ্ত, ইণ্ডোনেছিয়া, ওমান, কোৰিয়া গণৰাজ্য, ৰাছিয়া, চৌদি আৰব, তুৰস্ক আৰু ইউএইৰ এছএআইসমূহে ইয়াত অংশগ্ৰহণ কৰিব৷ ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ পথ প্ৰদৰ্শক নীতি বসুধৈৱ কুটুম্বক অৰ্থাৎ এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যতৰ অধীনত ভাৰতৰ চিএণ্ডএজিয়ে দুটা অগ্ৰাধিকাৰ ক্ষেত্ৰ নীল অৰ্থনীতি আৰু দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তাত এছএআই-২০ এংগেজমেণ্ট গ্ৰুপৰ সহযোগিতাৰ প্ৰস্তাৱ জনাইছে৷ নীল অৰ্থনীতি হৈছে আমাৰ পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণৰে অৰ্থনৈতিক বিকাশ, উন্নত জীৱিকা আৰু নিয়োগৰ বাবে মহাসাগৰীয় সম্পদ ৰাজিৰ বহনক্ষম ব্যৱহাৰ৷ দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তা হৈছে এটা শাসন কাঠামো৷ ইয়াৰ লক্ষ্য হৈছে কোনবোৰ তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ কৰিব পাৰি, কৃত্ৰিম বুদ্ধিমত্তা আৰ্হিসমূহক কেনেকৈ মূল্যায়ন কৰিব লাগে আৰু আৰ্হিসমূহক কেনেকৈ সৰ্বোত্তমভাৱে মোতায়েন আৰু নিৰীক্ষণ কৰিব লাগে, তাৰ ৰূপৰেখা অংকন কৰা৷ কাঠামোটোৱে এআইৰ যিকোনো নেতিবাচক ফলাফলৰ বাবে কোন জবাবদিহি সেয়াও নিৰ্ধাৰণ কৰিব পাৰে৷