Logo
image

প্ৰশ্নকাকত ফাদিলৰ বাতৰি দেখি হাঁহি উঠা শিক্ষামন্ত্ৰীয়ে এতিয়া কৰিব নেকি পদত্যাগ?

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতেই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে৷ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰশ্নকাকত ফাদিলৰ পিছতে পিছুৱালে পৰীক্ষা৷ ১৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৩০ মাৰ্চত৷ প্ৰশ্নকাকত ফাদিলৰ পিছতে ছেবাৰ লগতে শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাক লৈ প্ৰশ্ন তুলিছে বিভিন্ন দল-সংগঠনে৷ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে পদত্য়াগৰো দাবী তুলিছে৷

ইফালে ঘটনা সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কয় যে সতৰ্কতামূলক ব্যৱস্থা সদায়ে গ্ৰহণ কৰা হয় আৰু সেইখিনি গ্ৰহণ কৰি যোৱাবাৰো ছেবাই সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ এইবাৰো কৰিছিল৷ কিন্তু ইয়াৰ মাজতে কালি সন্ধিয়া যি বাতৰি প্ৰকাশ পালে তাৰ পৰিপ্ৰেক্ষিতত ছেবাই পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত ল'লে৷ কিয়নো পৰীক্ষা বাতিল নকৰিলে তদন্ত পক্ৰিয়া সম্ভৱপৰ নহ'ব৷ এতিয়া সমগ্ৰ বিষয়ৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ছেবাৰ ফালৰ পৰাও নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছে৷ 

এই ঘটনাক লৈ চৰকাৰক সমালোচনা কৰিছে বিৰোধীয়ে৷ বিধায়ক অখিল গগৈয়ে কয় যে প্ৰশ্নকাকত ফাদিলৰ কথাটো গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত দিয়ক৷ আনহাতে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ছেবাক সকীয়নি দি কয় যে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ খেলিমেলিয়ে চূড়ান্ত পৰ্যায় পাইছে৷ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য সহ্য কৰা নহব৷   

বিৰোধী তথা বিভিন্ন দল-সংগঠনে চৰকাৰ তথা ছেবা কৰ্তৃপক্ষক সমালোচনা কৰাৰ সময়তে শাসকীয় পক্ষই প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত টুলুঙা মন্তব্য কৰাহে দেখিবলৈ পোৱা গৈছে৷ বিজেপি বিধায়ক ৰূপজ্যোতিকুৰ্মীয়ে কয় যে ২০০৬ চনতো কংগ্ৰেছৰ দিনত পৰীক্ষা বাতিল হৈছিল৷ আনহাতে বিধায়ক দিগন্ত কলিতাই এই বিষয়ত কয় যে যদি প্ৰশ্নকাকাত ফাদিল হৈছে, পৰীক্ষা বাতিল হোৱাটো বাঞ্চনীয়৷ এইটো একো বেয়া কাম হোৱা নাই বুলি মই ভাবো৷ 

উল্লেখ্য যে ৩ মার্চত আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ কিন্তু মেট্ৰিকৰ প্ৰথমখন কাকতৰ পৰীক্ষাতেই উঠিছিল বিসংগতিৰ অভিযোগ৷ ইংৰাজী বিষয়ৰ পৰীক্ষা আৰম্ভ হোৱাৰ ৮ মিনিট পাছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল প্ৰশ্নকাকত৷ সেই খবৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ পাছতেই হাঁহি উঠিছিল শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ৷ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত দায়িত্বশীল মন্ত্ৰীজনে অভিযোগৰ তদন্ত দি ছাত্ৰ-ছাত্ৰীৰ সন্দেহ দূৰ কৰাৰ পৰিৱৰ্তে স্বভাৱসুলভ টুলুঙা মন্তব্যৰে প্ৰশ্নকাকত ফাদিলৰ সত্যতাক হাঁহিৰে উৰুৱাই দিছিল৷ মেট্ৰিকৰ দ্বিতীয় দিনাৰ পৰীক্ষাতো পুনৰ ঘটিল একেই অথন্তৰ৷ পৰীক্ষাৰ মাজতেই ভাইৰেল হ'ল গণিতৰ প্ৰশ্নকাকতো৷ পৰীক্ষা আৰম্ভ হোৱাৰ ২০ মিনিটৰ পাছতে ভাইৰেল হৈ পৰিল প্ৰশ্নকাকত৷ লগে লগে মুখ্যমন্ত্ৰী তৎপৰ হৈ পৰিল বিষয়টোত৷ ছেবাক বিসংগতি হোৱা কেন্দ্ৰত পৰীক্ষা বাতিলৰো নির্দেশ দিলে মুখ্যমন্ত্ৰীয়ে৷ 

ইয়াৰ পাছতো শিক্ষা নল'লে ছেবাই৷ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হ'ল৷ পৰীক্ষাৰ আগদিনা নিশা ঘোষাণা কৰা হ'ল যে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ১৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে৷ পৰৱৰ্তী সময়ত ছেবা কৰ্তৃপক্ষই ঘোষণা কৰে যে ১৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৩০ মাৰ্চত৷

এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে চি আই ডিয়ে৷ এই পৰ্যন্ত চি আই ডিয়ে সন্দেহৰ ভিত্তিত ৩ জনক জেৰা অব্যাহত ৰাখিছে। গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীক জেৰা অব্যাহত ৰাখিছে চি আই ডিয়ে। চি আই ডিয়ে জেৰা চলাই থকা শিক্ষক, কৰ্মচাৰী ৩ জন হৈছে জ্যোতিৰেখা বৰগোহাঁই, হেৰম্ব কুমাৰ দাস আৰু বিন্দেশ্বৰ তিমুং। উল্লেখ্য যে ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা হেৰাইছিল প্ৰশ্নকাকতৰ এটা টোপোলা।

ইয়াৰ মাজতে প্ৰশ্ন উঠিছে কিয় এটা পৰীক্ষাও সুকলমে পাতিব নোৱাৰে ছেবাই? সকলোৱে একেমুখে ধিক্কাৰ দিছে ছেবা আৰু শিক্ষা বিভাগক৷ দাবী উঠিছে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ৷ এতিয়া প্ৰশ্ন হয় প্ৰশ্নকাকত ফাদিলৰ বাতৰি দেখি হাঁহি উঠা শিক্ষামন্ত্ৰীয়ে এতিয়া কৰিব নেকি পদত্যাগ?