Logo
image

প্ৰশ্ন ফাদিলক লৈ উত্তাল ৰাজ্য, চৰকাৰ নিৰুত্তৰ

আমাৰ অসম, ১৪ মাৰ্চঃ যেন অৱধাৰিতভাৱেই ফাদিল হ’ল মেট্ৰিকৰ প্ৰশ্নকাকত!অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ প্ৰতি অসমবাসীৰ যি ভয় আছিল, কাৰ্যতঃ সেয়াই বাস্তৱত পৰিণত হ’ল৷ ছেবাই পৰিচালনা কৰা মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত পুনৰ ফাদিল হোৱাত এইবাৰ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হয়৷ সোমবাৰে পুৱা ৯ বজাৰ পৰা মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ সূচী আছিল যদিও পৰীক্ষাৰ ৯ ঘণ্টাৰ পূৰ্বে অৰ্থাৎ দেওবাৰে মাজনিশা প্ৰায় ১১.৪০ বজাত ছেবা কতৃৰ্পক্ষই প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ আনুষ্ঠানিক ঘোষণা কৰে৷ দেওবাৰে উজনি অসমৰ তিনিচুকীয়া জিলাৰ একাংশ পৰীক্ষাৰ্থীয়ে  হোৱাট্‌ছএপত হাতে লিখা এখন প্ৰশ্নকাকত লাভ কৰাৰ পাছতেই সংবাদ মাধ্যমত প্ৰচাৰিত বাতিৰৰ ভিত্তিত বিজ্ঞানৰ প্ৰশ্নকাকতৰ সৈতে ভাইৰেল প্ৰশ্নৰ মিল পোৱাত নিশাই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হয় ছেবা কতৃৰ্পক্ষই৷ লক্ষণীয় বিষয়টো হৈছে পৰীক্ষাৰ এদিন পূৰ্বে বিজ্ঞানৰ প্ৰশ্নকাকতৰ হাতে লিখা প্ৰতিলিপি ভাইৰেল হোৱাত পৰীক্ষা বাতিল কৰিলে যদিও মেট্ৰিকৰ প্ৰথম দুটা দিনৰ পৰীক্ষাৰ সময়তো প্ৰশ্নকাকত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ ৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষাৰ ইংৰাজী আৰু গণিত বিষয়ৰ প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ মাত্ৰ ৮-১৫ মিনিটৰ ভিতৰতেই মোবাইলত ফটো তোলা প্ৰশ্নকাকত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল যদিও এক-ডেৰ ঘণ্টাৰ পাছত সংবাদ মাধ্যমত ফাদিলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ উদ্ভট যুক্তি দি কোনো ব্যৱস্থা লোৱাৰ পৰা বিৰত আছিল ছেবা কতৃৰ্পক্ষই৷ আনকি সংবাদ মাধ্যমত প্ৰশ্নকাকত ফাদিলৰ বাতৰি প্ৰত্যক্ষ কৰি হাঁহিবলৈ অৱকাশ পোৱা বুলি বেপেৰুৱা মন্তব্য কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ নিজৰ বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টাৰ পাছত পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই যোৱাৰ অনুমতি দিয়া হয় বুলি উল্লেখ কৰি তেনে পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত মোবাইলত প্ৰশ্নকাকতৰ ফটো তুলি ভাইৰেল কৰিলে ছেবা দায়ী নহয় বুলিও আত্মপক্ষ সমৰ্থন কৰিছিল মন্ত্ৰী পেগুৱে৷ পূৰ্বে প্ৰশ্নকাকত ফাদিলৰ বাতৰিৰ বাবে আমোদ লোৱা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইবাৰ কিন্তু নিজৰ ব্যৰ্থতা মানি ল’বলৈ বাধ্য হ’ল৷ প্ৰশ্নকাকত ফাদিলৰ পাছতেই সৰ্বত্ৰে পদত্যাগৰ দাবী উত্থাপন হোৱাত শিক্ষামন্ত্ৰীৰ মুখত সেই তাচ্ছিল্যসুলভ হাঁহি নোহোৱা হৈ পৰে৷ প্ৰশ্নকাকত ফাদিল প্ৰসংগত কাৰ্যতঃ নিৰুত্তৰ অসম চৰকাৰ, শিক্ষা বিভাগ৷ সংবাদ মাধ্যমৰ আগতো সোমবাৰৰ দিনটোত টুলুঙা মন্তব্য কৰা দেখা নগ’ল শিক্ষামন্ত্ৰীজনক৷ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই দেওবাৰে নিশাই টুইট যোগে শিক্ষামন্ত্ৰীয়ে বিজ্ঞানৰ পৰীক্ষা ছেবাই বাতিলৰ বাবে লোৱা সিদ্ধান্ত ৰাজহুৱা কৰে৷ ইফালে সোমবাৰে পুৱাও প্ৰশ্নকাকত ফাদিলক লৈ সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু৷ ২০০৬ চনৰ পাছত এইবাৰহে প্ৰশ্ন কাকত ফাদিল হোৱা বুলি যুক্তি দি ছেবাৰ প্ৰতি বৰ্তমানেও আস্থা অটুট থকাৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰী পেগুৱে কয়– ‘প্ৰশ্নকাকত ফাদিলৰ কিবা হোৱাৰ বাবেই মাজনিশা সিদ্ধান্ত ল’বলগীয়া হৈছে৷ ইয়াৰ বাবে চি আই ডিত গোচৰো ৰুজু কৰা হৈছে৷ আৰক্ষী সঞ্চালক প্ৰধানৰ লগত মই কথা পাতিছো৷ দোষীয়ে উচিত শাস্তি পাব৷ এনে ধৰণে আগতীয়াকৈ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হৈছিল ২০০৬ চনত৷ ২০০৬ চনৰ পাছত এইবাৰ এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিল৷ ইয়াৰ পূৰ্বে দুদিন প্ৰশ্নকাকত ফাদিল হোৱা বুলি যি বাতৰি প্ৰকাশ পাইছিল, সেয়া ফাদিল হোৱা নাছিল৷ পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই আহিহে প্ৰশ্নকাকত ভাইৰেল কৰিছিল৷ পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগত প্ৰশ্নকাকত ভাইৰেল হোৱা নাছিল৷’ ইফালে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ ৰাজ্যজুৰি উঠা দাবীৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী ৰণোজ পেগুৱে দায়িত্বৰ পৰা পদত্যাগ কৰা বিষয়টো মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল’ব বুলিহে দায় সৰাৰ চেষ্টা কৰে৷ অৰ্থাৎ বিভাগীয় ব্যৰ্থতা স্বীকাৰ কৰিও অতি লজ্জাজনকভাৱে কৌশলপূৰ্ণ বক্তব্যৰে মুখ্যমন্ত্ৰীলৈ বল ঠেলি পদত্যাগ নকৰাৰ সিদ্ধান্ত স্পষ্ট কৰি দিয়ে ডাঃ ৰণোজ পেগুৱে৷ অথচ এইজন শিক্ষামন্ত্ৰীয়েই শিক্ষকক নীতিশিক্ষা দি পৰীক্ষাৰ ফলাফল বেয়া হ’লে স্বেচ্ছামূলক অৱসৰ ল’বলৈ পৰামৰ্শ দিছিল শিক্ষাগুৰুসকলক৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পদত্যাগ নকৰিলেও মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে অসম বিধানসভাও উত্তপ্ত হৈ পৰে৷ বিৰোধীয়ে প্ৰশ্ন কাকত ফাদিল বিষয়টোক লৈ বিশেষ আলোচনাৰ দাবী জনাইছিল যদিও অধ্যক্ষই সঁহাৰি নজনোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ছেবাক ধবংস কৰি ব্যক্তিগতকৰণ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ তুলি বিভিন্ন দল-সংগঠনে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি, এছ এফ আইকে ধৰি একাধিক সংগঠনে জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গুৱাহাটীস্থ ছেবাৰ কাৰ্যালয় ঘেৰাও কৰি শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ পদত্যাগৰ দাবী জনায়৷ ৰাজ্যৰ চাৰি লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা ছেবাই নিশাটোৰ ভিতৰতে দুঃস্বপ্ন কঢ়িয়াই আনিব পৰা কাৰ্য সংঘটিত কৰাৰ পাছতো শাসকীয় বিজেপি দলৰ বিধায়ক চক্ৰধৰ গগৈয়ে মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱা কাৰ্য পৃথিৱী উলটি যোৱা ঘটনা নহয় বুলিও বেপেৰুৱা মন্তব্যহে কৰে৷ শাসক দলৰ দুই-এজন বিধায়কে প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলেও অজ্ঞাত কাৰণত মৌনব্ৰত পালন কৰিছে দিছপুৰে৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত বৰ্তমানেও কোনো মন্তব্য দিয়া নাই৷ ইফালে ছেবা কতৃৰ্পক্ষই সোমবাৰে বাতিল হোৱা বিজ্ঞান বিষয়ৰ পৰীক্ষা অহা ৩০ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা পুনৰ অনুষ্ঠিত হোৱাৰ দিন ঘোষণা কৰিছে৷ এই সন্দৰ্ভত ছেবা সচিব নৰনাৰায়ণ নাথে সংবাদ মাধ্যমৰ আগত কয়–‘বিশেষ পৰিস্থিতিত পৰি মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হ’ল৷ এই সন্দৰ্ভত ছেবাৰ ফালৰ পৰা চি আই ডিত এজাহাৰ দিয়া হৈছে৷ আশা ৰাখিছো এই দুষ্কাৰ্যত জড়িতসকল অচিৰেই জালত পৰিব৷ চেণ্টাৰসমূহলৈ প্ৰশ্নকাকত পঠোৱা ব্যৱস্থা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে হয়৷ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰশ্ন কটা হয়৷ এজন কতৃৰ্ত্বশীল বিষয়াই সমগ্ৰ প্ৰক্ৰিয়াটো পৰিচালনা কৰে৷ নিৰ্দিষ্ট প্ৰক্ৰিয়াই ৰাজ্যৰ বাহিৰৰ প্ৰিণ্টিং প্ৰেছলৈ ছপাৰ বাবে যায়৷ তাতে পেকিং হৈ ছেবাৰ কাৰ্যালয়লৈ আহে৷ ছেবাৰ কাৰ্যালয়ৰ পৰাই আৰক্ষীৰ সুৰক্ষাৰ মাজেৰে পৰীক্ষা কেন্দ্ৰসমূহৰ সমীপৰ নিৰ্দিষ্ট আৰক্ষী থানালৈ নিৰ্দিষ্ট সংখ্যক প্ৰশ্নকাকতৰ টোপোলা প্ৰেৰণ কৰা হয়৷ এই প্ৰক্ৰিয়াটো পৰীক্ষাৰ দহ দিন আগতেই সম্পূৰ্ণ হয়৷ পৰীক্ষা বাতিল হোৱা পৰিস্থিতিৰ বাবে আমিও মৰ্মাহত হৈছো৷ ৩০ মাৰ্চত বিজ্ঞানৰ পৰীক্ষাৰ নতুনকৈ দিন ধাৰ্য কৰা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে পৰীক্ষা দিবলৈ আহ্বান জনালো৷ প্ৰশ্নকাকত ফাদিলৰ ঘটনাটো আমাৰ বাবে অভিজ্ঞতা হ’ল৷ ভৱিষ্যতে সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চেষ্টা চলাম৷’

প্ৰশ্নকাকত ফাদিল প্ৰসংগত উত্তপ্ত বিধানসভা

হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ সোমবাৰে বিক্ষোভত অসম উত্তাল আৰু বিধানসভা উত্তপ্ত হয়৷ আনকি ১০ মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয় বিধানসভা৷ উল্লেখ্য, চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি সোমবাৰে আছিল বিজ্ঞানৰ পৰীক্ষা৷ কিন্তু দেওবাৰে ফাদিল হয় বিজ্ঞানৰ প্ৰশ্নকাকত৷ এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে প্ৰতিবেদন প্ৰকাশৰ পাছতে দেওবাৰে নিশা প্ৰায় ১১ বজাত বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা বুলি ঘোষণা কৰে ছেবাই৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ ৰাষ্ট্ৰ হৈ পৰাৰ পাছতে হাহাকাৰ লাগে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ মাজত৷ ভৎৰ্সনা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰীক৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুক উদ্দেশ্যি ৰাজ্যবাসীৰ প্ৰশ্ন–পেগু ডাঙৰীয়া, হাঁহি উঠিছেনে আপোনাৰ? এইবাৰৰ বাতৰিয়ে আপোনাক আমোদ দিছেনে? দিনটোৰ ব্যস্ততাৰ পাছত আজিৰ এই খবৰেও আপোনাক হাঁহিৰ খোৰাক দিলে নেকি? পৰীক্ষা চলি থকাৰ সময়ত প্ৰশ্নকাকত ফাদিলৰ দৰে অবাঞ্ছিত, লজ্জাজনক ঘটনা সন্দৰ্ভত চলিত বিধানসভাৰ বাজেট অধিৱেশনত আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ইউডিএফ বিধায়ক হাফিজ বচিৰ আহমেদে৷ বিধানসভাৰ অধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– চাৰি লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত৷ পূৰ্বেও প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ উঠাৰ সময়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৈছিল যে সংবাদ মাধ্যমৰ এয়া কামেডী৷ এনে বাতৰিয়ে তেওঁকো হাঁহিৰ খোৰাক যোগায়৷ তেতিয়াই যদি তেওঁ সাৱধান হ’লহেঁতেন এনে ঘটনা নহ’লহেঁতেন৷ পৰীক্ষা আৰম্ভ হোৱাৰ মাত্ৰ ৯ ঘণ্টা পূৰ্বে পৰীক্ষা বাতিল কৰাৰ পাছত লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ অৱস্থা কি হ’ব পাৰে? এয়া ছেবাৰ বিৰুদ্ধে কাৰোবাৰ ষড়যন্ত্ৰ নেকি? কিয় ছেবাই বাৰে বাৰে পৰীক্ষা এটা সুকলমে পাতিব নোৱাৰে? তদুপৰি ছেবাই পৰীক্ষা বাতিল কৰি যিখন জাননী প্ৰকাশ কৰিছে তাত নিজৰ দোষ স্বীকাৰ কৰা নাই৷ ছেবাই জাননীত কয়–ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ওলাইছে বুলি শুনিছোঁ৷ সেইবাবে পৰীক্ষা বাতিল কৰা হৈছে বুলি জাননী প্ৰকাশ কৰিছে৷ এয়া দুৰ্ভাগ্যজনক৷ এনে ভুলৰ বাবে অসম চৰকাৰ, শিক্ষামন্ত্ৰী আৰু ছেবা কতৃৰ্পক্ষক জবাবদিহি কৰিব লাগে৷ এই ঘটনা সন্দৰ্ভত উচ্ছ পৰ্যায়ৰ তদন্ত কৰিব লাগে চৰকাৰে৷ ছেবাৰ অধ্যক্ষজনক কিয় বছৰ বছৰ ধৰি একেটা পদতে ৰাখি থকা হৈছে আমি নাজানো৷ বিৰোধী দলপতিৰ এনে প্ৰস্তাৱৰ পাছতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়– প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ দিয়া হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ ছেবাকো তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ এনে অৱস্থাত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়৷ তদুপৰি প্ৰশ্নকাকত ফাদিলৰ ঘটনা এইবাৰেই হোৱা নাই৷ পূৰ্বে অৰ্থাৎ ২০০৬ চনতো প্ৰশ্ন কাকত ফাদিল হৈছিল৷ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছেবাই সচেতনভাৱে আগবাঢ়িছে৷ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শিক্ষামন্ত্ৰীৰ পক্ষত ঠিয় হৈ কয়– প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত তদন্ত কৰিলে ওলাই পৰিব কোন জড়িত৷ ২০০৬ চনতো অৰ্থাৎ কংগ্ৰেছৰ শাসনকালতো প্ৰশ্নকাকত ফাদিল হৈছিল৷ প্ৰশ্নকাকত ফাদিলৰ সৈতে বিৰোধী জড়িত৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এনে ভাষ্যৰ পাছতে জাঙুৰ খাই উঠে বিৰোধী বিধায়কসকল৷ কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে এই ঘটনাত জড়িত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰাৰ লগতে সদন স্থগিত ৰখাৰ দাবী সজোৰে উত্থাপন কৰে৷ বিধায়ক অখিল গগৈয়ে কয়– পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাটোৱে গিনিজ বুকত ৰেকৰ্ড কৰিব পাৰে৷ তেতিয়া মুখ্যমন্ত্ৰীয়ে বুকু ফিন্দাই আৰু এটা ৰেকৰ্ড হ’ল বুলি দম্ভালি মাৰিব পাৰিব৷ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত ব্যৰ্থতাৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পদত্যাগ কৰিব লাগে৷ এই বিষয়টোক লৈ অধ্যক্ষই সদনৰ আন কাৰ্যসূচী স্থগিত ৰাখি কেৱল প্ৰশ্নকাকত ফাদিলক লৈ আলোচনা কৰাৰ ব্যৱস্থা ল’ব লাগে৷ বিধায়ক মনোৰঞ্জন তালুকদাৰেও প্ৰশ্নকাকত ফাদিলক লৈ সদন স্থগিত ৰখাৰ দাবী জনায়৷ বিৰোধীৰ এনে দাবীৰ পাছত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়– বিষয়টো অতি জৰুৰী৷ কিন্তু সদনৰ আন কাম স্থগিত ৰাখি এই সন্দৰ্ভত আলোচনা কৰাৰ পৰিৱৰ্তে আন কাৰ্যসূচীৰ জৰিয়তেও আলোচনা কৰিব পাৰি৷ আনহাতে, বিধানসভাৰ অধ্যক্ষই সদন স্থগিত প্ৰস্তাৱ নাকচ কৰে৷ শিক্ষামন্ত্ৰীৰ এনে বক্তব্য আৰু অধ্যক্ষৰ ৰুলিঙৰ পাছত বিৰোধী বিধায়কসকলে সদন উত্তপ্ত কৰি তোলে৷ বিৰোধী বিধায়কসকলে অসম চৰকাৰ হায় হায়, ছেবা ধবংসৰ ষড়যন্ত্ৰ বন্ধ কৰক আদি শ্লোগান দি অধ্যক্ষৰ ওচৰলৈ যায়৷ আনকি একাংশ বিধায়কে শিক্ষামন্ত্ৰী মূৰ্দাবাদ ধবনিও দিয়ে৷ বিৰোধীয়ে এনেদৰে সদন উত্তাল কৰাৰ পাছত শাসকীয় পক্ষৰ বিধায়কসকলো অধ্যক্ষৰ ওচৰলৈ গৈ বিৰোধীক উদ্দেশ্যি বাক্যবান নিক্ষেপ কৰে৷ ইয়াকে লৈ সদন অচল হৈ পৰে৷ কোনে কি কৈছে কোনেও নুশুনা পৰিস্থিতিৰ সৃষ্টি হোৱাত বিধানসভাৰ অধ্যক্ষই সদন ১০ মিনিটৰ বাবে স্থগিত ঘোষণা কৰে৷ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰীয়ে সংবাদ মাধ্যমৰ আগত কয়– চৰকাৰখনে এনেকুৱা গণ্ডগোল কৰো বুলি কৰা নাই৷ সেই মানসিকতা চৰকাৰখনৰ নাই৷ যিবিলাক দুষ্টচক্ৰই চৰকাৰখনক বদনাম কৰিব বিচাৰে তেওঁলোক ইয়াত জড়িত আছে৷ প্ৰশ্নকাকত ফাদিলত বিৰোধীৰ ষড়যন্ত্ৰ থাকিব পাৰে৷ বেয়া চিন্তা কৰোঁতে কৰোঁতে সেয়া চৰিত্ৰত পৰিণত হ’ব৷ চৰকাৰে তদন্তৰ ব্যৱস্থা কৰিছে৷ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাই কয়– এয়া অত্যন্ত দুৰ্ভাগ্যজনক কথা৷ প্ৰশ্নকাকত প্ৰস্তুত কৰ্তা, ছপাশাল আৰু আৰক্ষীৰ লোক ইয়াত জড়িত থাকিব পাৰে৷ দুৰ্নীতিগ্ৰস্ত বিভাগ এটাত এনে বেমেজালি হোৱাটো স্বাভাৱিক কথা৷