Logo
image

বঙাইগাঁৱত অসম গ্ৰন্থমেলা

আমাৰ অসম, ১৪ মাৰ্চঃ  সোমবাৰৰ পৰা বঙাইগাঁও সদৰৰ গান্ধী ময়দানত সাদিনীয়া কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু  বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত বঙাইগাঁও গ্ৰন্থমেলা আৰম্ভ হৈছে৷ বিয়লি গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ প্ৰদান কৰাৰ পাছতে বিশিষ্ট বিজ্ঞানী ড॰ দীনেশ গোস্বামীয়ে প্ৰকাশিত গ্ৰন্থৰ মানৰ ওপৰত আলোকপাত কৰি কয় যে বৰ্তমান অসমত গ্ৰন্থৰ সংখ্যা বৃদ্ধি পাইছে যদিও সকলো গ্ৰন্থ উৎকৃষ্টমানৰ হোৱা নাই৷ উৎকৃষ্ট গ্ৰন্থ সৃষ্টিৰ বাবে তেওঁ লেখকসকলক গভীৰভাৱে সাধনা কৰি আগবাঢ়িবলৈ আহ্বান জনায়৷ তেওঁ উপন্যাসিক হাৰ্পাৰ লীৰ জনপ্ৰিয় গ্ৰন্থ ‘‘টু কিল এ ম’কিং বাৰ্ড”ৰ প্ৰসংগ উল্লেখ বিশ্বত উক্ত গ্ৰন্থখনৰ জনপ্ৰিয়তা আজিও কমা নাই বুলি কয়৷ ‘অসীমত যাৰ হেৰাল সীমা’ গ্ৰন্থখনো অসমত প্ৰজন্মৰ পাছত প্ৰজন্মই আদৰি লোৱা বুলিও তেওঁ কয়৷ ড॰ গোস্বামীয়ে সভা-সমিতি, আলোচনা-চক্ৰ অনুষ্ঠিত কৰি সাধনাৰ জৰিয়তে উৎকৃষ্টমানৰ কিতাপ লিখাই কেনেদৰে মানুহক পঢ়াব পাৰি তাৰ বাবে চিন্তা-চৰ্চা কৰিবলৈও প্ৰকাশন পৰিষদক পৰামৰ্শ আগবঢ়ায়৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা পশ্চিম বংগৰ বিশিষ্ট সাহিত্যিক তিলোত্তমা মজুমদাৰে অসম আৰু পশ্চিম বংগ ঐতিহাসিকভাৱে সংপৃক্ত হৈ থকাৰ লগতে অতি ঘনিষ্ঠ বুলিও মন্তব্য কৰে৷ অসমৰ নৃত্য, গান, সুৰৰ লগতে মেখেলা পশ্চিম বংগত অতি জনপ্ৰিয় বুলি সাহিত্যিকগৰাকীয়ে কয়৷ এই প্ৰসংগতে সাহিত্যিকগৰাকীয়ে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ নামো উল্লেখ কৰি ড॰ হাজৰিকাক ভাৰতৰ সুৰৰ জগতত এটা বিশাল নক্ষত্ৰ বুলি অভিহিত কৰে৷ দুখন চুবুৰীয়া ৰাজ্য বা দেশৰ মাজত সাহিত্য, ভাষাৰ আদান-প্ৰদান, পাৰস্পৰিক বুজাবুজি ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ অন্যথাই দুয়োখন ৰাজ্য বা দেশ অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হয় বুলি কোৱাৰ লগতে ইয়াৰ উদাহৰণস্বৰূপে তেওঁ ভাৰত-পাকিস্তানৰ নামো উল্লেখ কৰে৷ গ্ৰন্থমেলাৰ উদ্বোধক ডাঃ ৰণোজ পেগুৱে চৰকাৰী উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলাৰ আয়োজন কৰা অসমেই প্ৰথম ৰাজ্য বুলি উল্লেখ কৰি জ্ঞানসমৃদ্ধ উজ্জীৱিত সমাজ গঢ়িবলৈ হ’লে কিতাপ পঢ়িবই লাগিব, কিতাপ কিনিবই লাগিব বুলি কয়৷ অধ্যয়ন মানুহৰ অভ্যাসৰ কথা বুলি উল্লেখ কৰি বৰ্তমান সু-স্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত মানুহ যেনেদৰে সচেতন হৈছে, শাৰীৰিক অনুশীলন কৰিবলৈ লৈছে তেনেদৰে কিতাপ পঢ়া কাৰ্যকো অভ্যাসত পৰিণত কৰিবলৈ তেওঁ জনসাধাৰণলৈ আহ্বান জনায়৷ ইফালে অহাবৰ্ষত চৰকাৰী উদ্যোগত বঙাইগাঁৱত গ্ৰন্থমেলা অনুষ্ঠিত নহ’বও পাৰে বুলি উল্লেখ কৰি মন্ত্ৰীজনে পৰৱৰ্তী বৰ্ষৰ পৰা গ্ৰন্থমেলাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ অঞ্চলটোৰ বিদ্বৎ সমাজ তথা ৰাইজক গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ আহ৩ান জনায়৷ উদ্বোধনী অনুষ্ঠানত অভিধান প্ৰণেতা তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাইও বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত বিশিষ্ট লেখক প্ৰশান্ত চক্ৰৱৰ্তীও উপস্থিত থাকে৷ ইফালে বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিলেও উদ্বোধনী অনুষ্ঠানত জিলা প্ৰশাসনৰ মুৰব্বী তথা উপায়ুক্তজনৰ কাৰণে মঞ্চত সৌজন্যৰ বাবে আয়োজকসকলে এখন আসনৰো ব্যৱস্থা নকৰাত জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

বঙাইগাঁৱত বাংলা সাহিত্য সভাৰ সভা

বাংলা সাহিত্য সভা, অসমৰ বঙাইগাঁও শাখাৰ উদ্যোগত এখন সাধাৰণ সভা কালি সন্ধিয়া বঙাইগাঁও প্ৰশান্তি লজত অনুষ্ঠিত হৈ যায়৷ বিশিষ্ট শিক্ষাবিদ জ্যোতিৰ্ময় ভট্টাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই সভাৰ উদ্দেশ্য ব্যখ্যা কৰে বাংলা সাহিত্য সভা, অসমৰ বঙাইগাঁও শাখাৰ সভাপতি ধীৰাজ চক্ৰৱৰ্তীয়ে৷ উক্ত সভাত বাংলা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা কটন কলেজৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত চক্ৰৱৰ্তী উপস্থিত থাকি বৰ্তমান অসমত বাংলা সাহিত্য চৰ্চাৰ বিষয়ে বহুলাই আলোচনা কৰে৷ অসমত বাংলা সাহিত্য সভা গঠনৰ বিষয়েও তেওঁ বিভিন্ন যুক্তি দাঙি ধৰে৷ কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিত মাতৃভাষা বাধ্যতামূলক কৰাৰ যি সিদ্ধান্ত গ্ৰহণ হৈছে এই সিদ্ধান্তক তেওঁ সমৰ্থন জনাই কয় যে নতুন শিক্ষানীতিৰ এই প্ৰচেষ্টাই মাতৃভাষাক অস্তিত্বৰ সংকটৰ পৰা ৰক্ষা কৰিব পাৰিব৷ তেওঁ লগতে জনোৱা মতে, এমবিবিএছ আৰু ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমো মাতৃভাষাৰ দ্বাৰা শিক্ষা ব্যৱস্থাৰ বিষয়ে চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে৷ সভাত বাংলা সাহিত্য সভা অসমৰ মুখ্য সমম্বয়ক বিদ্য়ুৎ চক্ৰৱৰ্তীয়ে সংগঠনটোৰ বিভিন্ন নিয়মাৱলী সন্দৰ্ভত আলোকপাত কৰে৷ উক্ত সভাত সংগঠনটোৰ আৰু কেইবাজনো কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে৷ লগতে সভাত উপস্থিত থকাসকলৰ ভিতৰত কেইবাজনো ব্যক্তিয়ে একাধিক প্ৰশ্ন কৰাৰ লগতে নিজ নিজ মতামত দাঙি ধৰে৷