Logo
image

‘নাটু নাটু’ৰ শ্বুটিং হৈছিল জেলেনস্কিৰ ৰাজপ্ৰাসাদত

আমাৰ অসম, ১৪ মাৰ্চঃ  শ্ৰেষ্ঠ গীতৰ অস্কাৰ লাভ কৰা ‘নাটু নাটু’ গীতৰ চিত্ৰায়ণ কৰা হৈছিল এতিয়া যুদ্ধবিধবস্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমাইৰ জেলেনস্কিৰ চৰকাৰী বাসভৱনত৷  তেতিয়াও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা নাছিল৷ আক্ৰমণৰ কেইমাহমান পূৰ্বেই জেলেনস্কিৰ ৰাষ্ট্ৰপতি ভৱনত ‘নাটু নাটু’ৰ শ্বুটিং হোৱাৰ বিষয়টো খবৰৰ শিৰোনামলৈ আহিছিল ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত৷ ভাৰতীয় ছবিৰ প্ৰতি দুৰ্বলতা থকা এসময়ৰ ছোভিয়েট ৰাছিয়া বংশোদ্ভৱ জেলেনস্কিয়ে আনন্দ মনেৰে এই ছবিৰ গীতৰ শ্বুটিঙৰ বাবে ৰাষ্ট্ৰপতি ভৱন এৰি দিছিল৷ উল্লেখ্য জেলেনস্কি এসময়ত সৰু পৰ্দাৰ বিখ্যাত অভিনেতা আছিল৷ সেয়ে তেওঁক এছ এছ ৰাজামৌলিয়ে তেওঁৰ ছবিখনৰ ‘নাটু নাটু’ গীতটোৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ প্ৰাসাদ লোকেশ্বন হিচাপে বিচাৰোতে তেওঁ আপত্তি নকৰাকৈ একেকোবেই সন্মতি দিছিল৷ সেই গীতৰ শ্বুটিং হৈ যোৱাৰ বেছ কিছুদিন পাছত ইউক্ৰেইনক ৰাছিয়াই আক্ৰমণ কৰে আৰু তেতিয়াৰ পৰা সৰ্বসাধাৰণৰ বাবে এই প্ৰাসাদ বন্ধ কৰি থোৱা হৈছে৷ আনহাতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ ভয়ত এতিয়া সেই প্ৰাসাদত ৰাষ্ট্ৰপতি জেলেনস্কিও নাথাকে৷ তেওঁ গোপনে  বাংকাৰৰ তলতে আশ্ৰয় লৈ আছে৷ এই মুহূৰ্তত চৌদিশে ঘেৰি থোৱা হৈছে ‘নাটু নাটু’ গীতৰ সেই বিশ্ববিখ্যাত হৈ পৰা লোকেশ্বনস্থলী৷