Logo
image

চৌদিশে প্ৰশ্ন, নাই উত্তৰ

আমাৰ অসম, ১৫ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল-কাণ্ডৰ যুদ্ধকালীন তৎপৰতাৰে তদন্ত কৰিলেও উৎসৰ আঁত উলিয়াব পৰা নাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ চমুকৈ চি আই ডিয়ে৷ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকৰ পৰা আৰম্ভ কৰি ছাত্ৰলৈকে বিভিন্নজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে চি আই ডিয়ে৷ তদন্তকাৰী আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিলৰ সন্দেহত গুৱাহাটীৰ ভাউৰী দেৱী ছেৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰৰ মুৰব্বীৰ লগতে এজন শিক্ষক আৰু আন এজন অস্থায়ী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিলেও প্ৰশ্নকাকত ফাদিলৰ উৎসৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ অৰ্থাৎ প্ৰকৃততে ক’ৰ পৰা বা কোন ব্যক্তিয়ে কেনেকৈ প্ৰশ্নকাকত ফাদিল কৰিলে  তাক উদ্‌ঘাটনৰ বাবে যেন এতিয়াও বহু দূৰ বাকী৷ অৱশ্যে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ নিৰীক্ষণত চি আই ডিয়ে গুৱাহাটীৰ লগতে বিভিন্ন জিলা আৰু ছেবাৰ সদৰতো অভিযান অব্যাহত ৰাখিছে৷ লক্ষণীয়ভাৱে সোমবাৰৰে পৰা চি আই ডিয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰাৰ পাছতেই প্ৰশ্নকাকত ফাদিলৰ সংযোগ বিচাৰি পাইছে খোদ শিক্ষামন্ত্ৰীৰ ৰণোজ পেগুৰ গৃহ সমষ্টি ধেমাজিত৷ শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিৰ জিলাখনৰ পৰা বৰ্তমানলৈ দহজন ছাত্ৰক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে চি আই ডিয়ে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে চি আই ডিয়ে প্ৰশ্ন কাকতৰ উৎসৰ সন্ধান কৰোঁতে খোদ শিক্ষামন্ত্ৰীৰ ঘনিষ্ঠ এজন নেতাৰ ঘৰতো অভিযান চলোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ৰণোজ পেগুৰ ‘খাচ মানুহ’ হিচাপে পৰিচিত মিচিং স্বায়ত্ত পৰিষদৰ অন্যতম ভীমপাৰা পৰিষদীয় সমষ্টিৰ সদস্য অনিল পায়েঙৰ পুত্ৰক আটক কৰিছে৷ অনিল পায়েঙৰ পুত্ৰ টাইছন পায়েং হৈছে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ উচ্ছতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ৷ টাইছনৰ হোৱাট্‌ছএপৰ আঁত ধৰিয়েই জিলাখনৰ পৰা আন  ন জন ছাত্ৰক আটক কৰাৰ লগতে ছল্টব্ৰুকৰো পাঁচজন ছাত্ৰক আটক কৰিছে চি আই ডিয়ে৷ অৰ্থাৎ প্ৰশ্নকাকত ফাদিলৰ কেঁচু খান্দোতে এতিয়া সাপ ওলোৱাৰ উপক্ৰম হৈছে৷ ইফালে আৰক্ষীৰ অভিযানৰ সমান্তৰালভাৱে ছেবাৰ বিৰুদ্ধে দ্বিতীয় দিনাও ৰাজ্যত প্ৰতিবাদ অব্যাহত থাকে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ছেবাৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আন আন দল-সংগঠনে ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে৷ প্ৰতিবাদকাৰীসকলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ লগতে ছেবাৰ বিতৰ্কিত অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাকো অপসাৰণৰ দাবী জনায়৷ ইফালে, মঙলবাৰে অসম বিধানসভাৰ চৌহদতো একাংশ বিৰোধী বিধায়কে প্ৰশ্নকাকত ফাদিল-কাণ্ডক লৈ চৰকাৰক বিভিন্ন প্ৰশ্নৰে থকা-সকৰা কৰে৷ অৱশ্যে বিৰোধী এনে বাক্যবাণ দেখি শাসক পক্ষৰ কেইবাজনো মন্ত্ৰীয়ে আৰক্ষীৰ তদন্তত সকলো ওলাই পৰিব বুলি মন্তব্য কৰি দায়সৰাৰ চেষ্টা চলায়৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলে ছেবাৰ লগতে শিক্ষাবিভাগৰ ব্যৰ্থতা উন্মোচন কৰিলে যদিও চৰকাৰৰ হাতত যেন ইয়াৰ কোনো সুদুত্তৰ নাই৷ যাৰ বাবে ছালে-বেৰে কোবোৱা যুক্তিয়ে আৰক্ষীৰ তদন্তলৈ বাট চোৱা বুলি কৈয়ে বিষয়টোৰ পৰা ফালৰি কাটিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতিজন দায়িত্বশীল মন্ত্ৰীয়ে৷ আনহাতে, মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল-কাণ্ডৰ ৪৮ ঘণ্টা অতিক্ৰম কৰিলে যদিও খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বৰ্তমানলৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে৷ ৰাজ্যৰ ৪ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জড়িত বিষয়টোৰ দায়িত্ব পালনত অৱহেলা কৰা ছেবাৰ অধ্যক্ষ, সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়৷

ছেবাৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তিৰ বিক্ষোভ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচিত তদন্ত বিচাৰি মঙলবাৰে ছেবাৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি ৰাহুল চৌধুৰী আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে প্ৰশ্নকাকত ফাদিলৰ উচিত তদন্ত লাগিবই, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক অপসাৰণ কৰক, শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে পদত্যাগ কৰক, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা হায় হায়, আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ তুলি কয় যে দক্ষ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ দিনত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাটোৱে প্ৰমাণ কৰে যে চৰকাৰখন অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি দায়িত্বশীল নহয়৷ চৰকাৰ আৰু ছেবাৰ সোপাঢিলা নীতিৰ বাবেই বাৰে বাৰে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হ’বলৈ পাইছে৷ অতি লজ্জাজনকভাৱে টকাৰ বিনিময়ত পৰীক্ষাৰ প্ৰশ্নকাকত বজাৰত বিক্ৰী হৈছে৷ আৰু ইয়াৰ এটা ভয়ানক কাণ্ড সংঘটিত হোৱাৰ পাচতো চৰকাৰখনৰ ইয়াৰ প্ৰতি কোনোধৰণৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা নগ’ল৷ ৰণোজ পেগুক সংগঠনটোৱে অসমৰ ইতিহাসৰ আটাইতকৈ নিষ্কৰ্মা আৰু অদক্ষ শিক্ষামন্ত্ৰী বুলি অভিহিত কৰে৷ শিক্ষামন্ত্ৰীজনে আচলতে নিজেই নাজানে তেওঁ কি কৰিব লাগে আৰু কি কৰি আছে? তেওঁ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি অলপো চিন্তিত নহয়৷ কেৱল নিজৰ গাদীখন ৰক্ষা কৰি হিমন্তবিশ্ব শৰ্মাক তৈলমৰ্দন কৰি থকাটোৱেই তেওঁৰ প্ৰধান কাম৷ ৰণোজ পেগুৰ অলপো যদি আত্মসন্মানবোধ আছে তেন্তে তেওঁ কেতিয়াবাই এই ঘটনাৰ নৈতকি দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলেহেঁতেন৷