Logo
image

বিশ্বৰ ১৬খন প্ৰদূষিত নদীৰ ভিতৰত ব্ৰহ্মপুত্ৰ, ভৰলু

আমাৰ অসম, ১৫ মাৰ্চঃ দেশৰ প্ৰদূষিত নগৰৰ তালিকাৰ ৩৫নং স্থানত আছে গুৱাহাটী৷ আজিৰ দিনটোত গুৱাহাটীৰ বায়ুৰ গুণমান সূচাংক ৩২৯৷ বিশ্বৰ প্ৰদূষিত ৰাষ্ট্ৰৰ তালিকাত ভাৰতৰ স্থান অষ্টম৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সুৰক্ষা সীমাতকৈ দহ গুণ অধিক পৰিমাণে প্ৰদূষিত ভাৰত৷ এই উদ্বেগজনক তথ্য সদৰি কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই৷ মঙলবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনত ‘আমাৰ অসম’ত প্ৰকাশিত ‘দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটীসহ অসমৰ ৫খন’ শীৰ্ষক বাতৰিৰ ভিত্তিত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অসম  বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্যপৰিচালনাৰ নিয়মাৱলীৰ ৫৪নং নিয়মৰ অধীনত উত্থাপন কৰা প্ৰংশংগত মন্ত্ৰী মহন্তই এই কথা সদৰী কৰে৷ তেওঁ আৰু কয়– দেশৰ প্ৰদূষিত নগৰৰ তালিকাত গুৱাহাটী চহৰৰ উপৰি নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শিলচৰো আছে৷ ৰাজ্যত প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে শীঘ্ৰেই আৰম্ভ কৰা হ’ব ‘মিছন লাইফ’৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে দেশত আৰম্ভ কৰিছে মিছন লাইফ৷ যদি আমি প্ৰকৃতিক ৰক্ষা কৰোঁ প্ৰকৃতিয়েও আমাক ৰক্ষা কৰিব৷ চৰকাৰে অসমক প্ৰদূষণমুক্ত কৰাৰ বাবে দৃঢ় উদ্যোগ লৈছে৷ ইয়াৰ অংশৰূপে এইবেলিৰ বাজেট হ’ব সেউজ বাজেট৷ অৱশ্যে এবছৰতে প্ৰতিটো বিভাগৰ সেউজ বাজেট কৰাটো সম্ভৱ নহয়৷ কেইটামান বিভাগত আৰম্ভ কৰা হৈছে সেউজ বাজেট৷ মন্ত্ৰী মহন্তৰ এনে বক্তব্যৰ পাছত বিধানসভা পৰিচালনাৰ দায়িত্বত থকা উপাধ্যক্ষ ডাঃ নোমন মোমিনে কয়– গুৱাহাটী মহানগৰ তথা অসমৰ বিভিন্ন চহৰৰ পয়ঃ প্ৰণালীৰ অৱস্থা অতি দুৰ্বল৷ চৰকাৰে এই বিষয়টোক লৈ পদক্ষেপ ল’ব লাগে৷ উপাধ্যক্ষৰ পৰামৰ্শৰ পাছত মন্ত্ৰী মহন্তই আগন্তুক সময়ত পয়ঃপ্ৰণালী বিষয়টোৱে আগস্থান পাব বুলি কয়৷ মন্ত্ৰী মহন্তই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্ন সন্দৰ্ভত লিখিত বিবৃতিত কয়– ভাৰতবৰ্ষৰ ১৩১খন প্ৰদূষিত মহানগৰীৰ ভিতৰত অসমৰ পাঁচখন চহৰ আছে৷ সেয়া হৈছে গুৱাহাটী, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শিলচৰ৷ মহানগৰকেইখনৰ বায়ুৰ প্ৰদূষণৰ কাৰণ হিচাপে নিম্নমান বায়ুৰ গুণগত সূচক৷ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গুৱাহাটীত থকা বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰসমূহে পোৱা তথ্য অনুসৰি যোৱা ফেব্ৰুৱাৰী মাহৰ দিনবোৰত গুৱাহাটীৰ বায়ুৰ গুণমান সূচক ১৬০ৰ পৰা ২৫৯ পৰ্যন্ত পোৱা গৈছে৷ এই সূচকমান ‘মধ্যমীয়া ধৰণে বেয়া’ৰ পৰা ‘বেয়া’ বুলিব পাৰি৷ গুৱাহাটী মহানগৰীত ইয়াৰ কাৰণ হৈছে বায়ুত PM২৫ আৰু PM১০ কণাৰ উচ্ছমানৰ উপস্থিতি৷ এই কণাবোৰৰ মূল উপাদানবোৰ হৈছে অ’জন, কাৰ্বন-মন’ক্সাইড, নাইট্ৰ’জেন, কাৰ্বন-ডাই-অক্সাইড, ছালফাৰ-ডাই-অক্সাইড, সীহ আৰু এম’নিয়াৰ উপস্থিতি৷ গুৱাহাটীকে ধৰি অসমৰ চাৰিখন নগৰ এই প্ৰদূষিত নগৰীৰ ভিতৰত পৰাৰ মূল কাৰণ হৈছে যান-বাহনৰ বৰ্ধিত সংখ্যাৰ লগতে ধূলিকণা৷ ধূলিময়তাৰ কাৰণ হৈছে– নদীৰ ধূলি, যান-বাহনে উৰুওৱা ধূলি আৰু প্ৰদূষক, নিৰ্মাণকাৰ্য আদি৷ গুৱাহাটীক আগুৰি ৰখা পাহাৰবোৰৰ পৰা বতাহত নিৰ্গত ধূলিকণায়ো এই ধূলিময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ সেই সময়ছোৱাত প্ৰায় শূন্য বৃষ্টিপাতেও এই ধূলিময় পৰিৱেশ সৃষ্টিত অৰিহণা যোগাইছে৷ সেইবাবে বায়ু প্ৰদূষণ ৰোধ কৰাত পদক্ষেপ লোৱাটো সময়ৰ আহ্বান৷ ‘ৰাষ্ট্ৰীয় নিৰ্মল বায়ু আঁচনি’ৰ আওতালৈ গুৱাহাটী চহৰক আনি ২০১৭ চনত প্ৰাৰম্ভিক পৰ্যায়ত প্ৰৱৰ্তন তথা ২০১৯ চনৰ পৰা কাৰ্যকৰীকৰণ কৰি বায়ু প্ৰদূষণৰ বৰ্ধিতসূচক মান হ্ৰাস কৰাৰ কৰণীয়খিনি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তত্ত্বাৱধানত সঠিক দিশত চলি আছে৷ গুৱাহাটীৰ পাহাৰবোৰৰ সেউজ আৱৰণ বৃদ্ধি কৰা, ৰাজহুৱা পৰিবহণ ব্যৱস্থা উন্নত কৰা আৰু মানুহৰ পৰিৱেশ অনুকূল জীৱনশৈলী আদি এইক্ষেত্ৰত ল’ব পৰা ব্যৱস্থা৷ যান-বাহনৰ পৰা হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত চৰকাৰে বেটাৰীচালিত যান-বাহন, চিএনজিচালিত বাছ আদি চলোৱাৰ ক্ষেত্ৰত প্ৰয়াস কৰিছে৷ সংশ্লিষ্ট বিভাগসমূহে এইক্ষেত্ৰত ল’ব পৰা বিধিসন্মত ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব৷ আমাৰ বিভাগৰ তৰফৰ পৰা প্ৰদূষণ ৰোধ কৰাৰ বাবে জনসাধাৰণক জড়িত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুসৰি লাইফ অভিযান আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে৷ তদুপৰি, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ চৌহদবোৰ সেউজ সুন্দৰ কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণৰ দৰে কাৰ্যসূচী হাতত লোৱা হৈছে৷ একোটা সেউজ চৌহদে স্থানীয়ভাৱে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণত সহায় নিশ্চয় কৰিব৷ জনসাধাৰণৰ মাজত বায়ু প্ৰদূষণৰ সজাগতা বৃদ্ধিত গুৰুত্ব প্ৰদানেৰে প্ৰদূষণ ৰোধৰ বিভিন্ন ব্যৱস্থাৱলীৰ ওপৰত বৈদু্যতিন, ছপা মাধ্যম তথা সামাজিক মাধ্যমৰ লগতে বিদ্যালয়, মহাবিদ্যালয় পৰ্যায়ত বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে৷